--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছতে ৰাজ্য খনত থকা দুটাকৈ চিমেন্ট কাৰখানা বন্ধ কৰি দিলে আদানী গ্ৰুপে।আদানি গ্ৰুপে  হিমাচল প্ৰদেশৰ বৰমানা আৰু দৰলাঘাটত থকা  দুটা চিমেণ্ট প্ৰকল্প বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । পৰিবহন ব্যয় বৃদ্ধি পোৱাৰ দোহাই দিয়েই আদানী গ্ৰুপে প্ৰকল্প দুটা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। 

আদানী গ্ৰুপৰ এনে সিদ্ধান্তৰ আঁৰত কংগ্ৰেছৰ এটা বিশেষ সিদ্ধান্তই ক্ৰিয়া কৰা বুলি বহুতে ধাৰণা কৰিছে।   পাহাৰীয়া ৰাজ্য খনত কংগ্ৰেছে  চিমেণ্টৰ বেগৰ দাম  হ্ৰাস কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতে আদানী গ্ৰুপে চিমেন্ট প্ৰকল্প দুটা বন্ধ কৰাৰ কথা ঘোষণা কৰে।  সেয়ে কংগ্ৰেছ সিদ্ধান্তৰ  সৈতে বিষয়টো সম্পৰ্কিত হ'ব পাৰে বুলি বহুতে ধাৰণা কৰিছে।  চিমেণ্টৰ অত্যধিক মূল্য  হিমাচলৰ লোকসকলৰ বাবে এক বিশেষ  সমস্যা হৈ পৰিছে। 

 পাহাৰীয়া ৰাজ্যখনত চিমেন্ট উৎপাদন হোৱা স্বত্বেও বাহিৰৰ লোকসকলে চিমেন্ট  সস্তাত পালেও হিমাচলবাসীয়ে অধিক দাম ভৰিহে চিমেন্ট ক্ৰয় কৰি থাকিবলগীয়া হৈছে।  মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে  উদ্যোগ বিভাগৰ বিষয়াসকলৰ সৈতে হিমাচলত চিমেণ্টৰ উচ্চ মূল্যৰ বিষয়টো আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত  কৰিছিল।বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে চিমেন্টৰ মূল্য হ্ৰাস হ'ব লাগিব , যাতে সাধাৰণ ৰাইজে সকাহ পায়। ইয়াৰ মাজতে আদানী গ্ৰুপে ইয়াৰ দুটাকৈ প্ৰকল্প বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুতে ইয়াক প্ৰতিশোধমূলকপদক্ষেপ বুলিও অভিহিত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক