--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছতে ৰাজ্য খনত থকা দুটাকৈ চিমেন্ট কাৰখানা বন্ধ কৰি দিলে আদানী গ্ৰুপে।আদানি গ্ৰুপে  হিমাচল প্ৰদেশৰ বৰমানা আৰু দৰলাঘাটত থকা  দুটা চিমেণ্ট প্ৰকল্প বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । পৰিবহন ব্যয় বৃদ্ধি পোৱাৰ দোহাই দিয়েই আদানী গ্ৰুপে প্ৰকল্প দুটা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। 

আদানী গ্ৰুপৰ এনে সিদ্ধান্তৰ আঁৰত কংগ্ৰেছৰ এটা বিশেষ সিদ্ধান্তই ক্ৰিয়া কৰা বুলি বহুতে ধাৰণা কৰিছে।   পাহাৰীয়া ৰাজ্য খনত কংগ্ৰেছে  চিমেণ্টৰ বেগৰ দাম  হ্ৰাস কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতে আদানী গ্ৰুপে চিমেন্ট প্ৰকল্প দুটা বন্ধ কৰাৰ কথা ঘোষণা কৰে।  সেয়ে কংগ্ৰেছ সিদ্ধান্তৰ  সৈতে বিষয়টো সম্পৰ্কিত হ'ব পাৰে বুলি বহুতে ধাৰণা কৰিছে।  চিমেণ্টৰ অত্যধিক মূল্য  হিমাচলৰ লোকসকলৰ বাবে এক বিশেষ  সমস্যা হৈ পৰিছে। 

 পাহাৰীয়া ৰাজ্যখনত চিমেন্ট উৎপাদন হোৱা স্বত্বেও বাহিৰৰ লোকসকলে চিমেন্ট  সস্তাত পালেও হিমাচলবাসীয়ে অধিক দাম ভৰিহে চিমেন্ট ক্ৰয় কৰি থাকিবলগীয়া হৈছে।  মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে  উদ্যোগ বিভাগৰ বিষয়াসকলৰ সৈতে হিমাচলত চিমেণ্টৰ উচ্চ মূল্যৰ বিষয়টো আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত  কৰিছিল।বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে চিমেন্টৰ মূল্য হ্ৰাস হ'ব লাগিব , যাতে সাধাৰণ ৰাইজে সকাহ পায়। ইয়াৰ মাজতে আদানী গ্ৰুপে ইয়াৰ দুটাকৈ প্ৰকল্প বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুতে ইয়াক প্ৰতিশোধমূলকপদক্ষেপ বুলিও অভিহিত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক