--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰিষাৰ সময়ত চৰ্দি কাহ হোৱাটো সাধাৰণ কথা। চাইনাছৰ সমস্যা থকাসকলে এই বতৰত অধিক কষ্ট পায়। তীব্ৰ মূৰৰ বিষ, মূৰ গধুৰ হোৱা, চাইনাছৰ সমস্যাৰ বাবে নাক বন্ধ হোৱা। মূলতঃ চাইনাছৰ আৱৰণৰ কোষবোৰে শ্লেষ্মা উৎপন্ন কৰে। ইয়াৰ ফলত উশাহ-নিশাহতো সমস্যাৰ সৃষ্টি হয়। ঘৰুৱা উপায়েৰে চাইনাছৰ বিষৰ পৰা উপশম পাব পাৰি।

১. গৰম পানীত ভাপ খাব পাৰে। গৰম পানীত ভাপত দিলে নাক বন্ধ হৈ যোৱাটো মুকলি হৈ পৰে। ইয়াৰ উপৰিও চাইনাছৰ সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে। প্ৰয়োজন হ’লে গৰম পানীত আৱশ্যকীয় তেল দিব পাৰে। দিনে ৩-৪ বাৰ গৰম পানীত ভাপ খালে চাইনাছৰ বিষ উপশম হয়।

২. ১ চামুচ হালধি, অলপ জলকীয়াৰ গুড়ি আৰু ৩-৪ফুটা নহৰু গৰম পানীত মিহলাই খাব লাগে। সোৱাদৰ বাবে এই পানীত মৌ মিহলাই দিব পাৰে। এই গৰম পানীয় সেৱন কৰিলে চাইনাছৰ সংক্ৰমণৰ পৰা সকাহ পোৱা যায়।

৩. চাইনাছৰ সংক্ৰমণৰ বাবে আদা আৰু হালধিৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে। শুকান আদা গুড়ি আৰু হালধি গুড়ি পেষ্ট বনাওক। এই পেষ্টটো অলপ গৰম কৰি দিব। ৰাতি শুবৰ আগতে এই মিশ্ৰণটো কপাল আৰু নাকত লগাব লাগে। শুই থকাৰ সময়ত ই নাক বন্ধ নকৰে।

৪. এই বতৰত চাইনাছৰ সংক্ৰমণত ভুগিলে গৰম তৰল পদাৰ্থ খাব লাগে। গৰম পানী, গৰম চাহ বা আন যিকোনো পানীয় খাব পাৰে। ই জমা হোৱা শ্লেষ্মা আঁতৰাই পেলাব। ইয়াৰ উপৰিও ই শৰীৰক হাইড্ৰেটেড কৰি ৰাখে।

৫. চাইনাছৰ সমস্যাত ভুগিলে পদিনা চাহ খাব পাৰে। পেপাৰমিন্ট চাহত এন্টি-ইনফ্লেমেটৰী, এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল গুণ আছে। চাইনাছৰ সংক্ৰমণ, এলাৰ্জী, চৰ্দি, কাহ আদিৰ বাবে পদিনা চাহ খাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
থাইৰয়ড ৰোগীয়ে কি কি খোৱাৰ পৰা বিৰত থাকিব লাগে? জানি লওক
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি
জুবিনে কন্দুৱালে ! 'ৰৈ ৰৈ বিনালে' চাবলৈ ওলাই আহিল আবাল-বৃদ্ধ-বনিতা