--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাকৰিৰ বাবদ উৎকোচ হিচাপে ভূমি লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা বিহাৰৰ প্ৰাক্তন মূখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ,তেওঁৰ পত্নী ৰাবড়ী দেৱী আৰু লালু প্ৰসাদ যাদৱৰ কন্যা তথা আৰজেদি সাংসদ মীসা ভাৰতীৰ আদালতে জামিন মঞ্জুৰ কৰিছে৷

ৰাউজ এভিনিউ আদালতে লালু প্ৰসাদ যাদৱ,মিসা ভাৰতী আৰু ৰাবড়ী দেৱীক ৫০,০০০টকাৰ ব্যক্তিগত বণ্ডৰ বিনিময়ত এই জামিন প্ৰদান কৰিছে৷এই গোচৰৰ পৰৱৰ্তী শুনানি ২৯ মাৰ্চত প্ৰদান কৰা হ’ব৷

উল্লেখযোগ্য যে,ভাৰতীয় ৰেলসেৱাত চাকৰি দিয়াৰ পৰিৱৰ্তে ভূমি লোৱা অপৰাধত গ্ৰেপ্তাৰ হোৱা তিনিওজন অপৰাধীক ১৫ মাৰ্চত দিল্লীৰ ৰাউজ এভিনিউ আদালতত উপস্থিত কৰোৱা হয় আৰু শুনানিৰ সময়ত হাত দাঙি তিনিওজনে নিজৰ উপস্থিতি সন্নিৱিষ্ট কৰে৷

ইয়াৰ পৰৱৰ্তী সময়ত, মীসা ভাৰতী আৰু ৰাৱড়ী দেৱীয়ে জামিন বিচাৰি আদালতত এখন আৱেদন দাখিল কৰে৷তিনিওজন অপৰাধীৰ উক্ত আৱেদনকেইখন ৫০,০০০হাজাৰ টকাৰ ব্যক্তিগত বণ্ডৰ বিনিময়ত মঞ্জুৰ কৰে,ইপিনে আজি আদালতত লালু প্ৰসাদ যাদৱ হুইল চেয়াৰত বহিহে উপস্থিত হয়,কাৰণ শেহতীয়াকৈ  কিডনী সংৰোপণৰ এক অস্ত্ৰোপচাৰ লালু প্ৰসাদ যাদৱৰ সংঘটিত হৈছিল৷

মন কৰিবলগীয়া যে,লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে তেওঁ ৰেলমন্ত্ৰী থকাৰ সময়ত নীতিবহিৰ্ভুত ভাৱে চাকৰি দিয়াৰ অপৰাধত যোৱা বছৰৰ ১৮মেত চিবিআইয়ে এটা গোচৰ ৰুজু কৰিছিল৷

ইতিপূৰ্বে, ৬মাৰ্চ তাৰিখে চিবিআইয়ে পাটনাস্থিত ৰাবড়ী দেৱীৰ বাসগৃহত তেওঁক সোধাপোছা কৰে,তাৰ পিছদিনা ৭মাৰ্চত চিবিআইৰ এটা দলে দিল্লীৰ মীসা ভাৰতীৰ বাসগৃহত উপস্থিত হৈ লালু প্ৰসাদ যাদৱক সোধাপোছা কৰে৷

সোধাপোছা কৰাৰ তিনি দিন পিছত ইডিৰ এটা দলে লালু প্ৰসাদ যাদৱ আৰু তেওঁ নিকটতম আত্মীয়ৰ ১৫টা বেলেগ বেলেগ স্থানত তালাচী চলায়। এই সময়চোৱাত ইডিয়ে জনোৱা মতে অভিযানৰ সময়ত প্ৰায় ৬০০কোটি টকাৰ আৰ্থিক অপৰাধৰ সম্ভেদ লাভ কৰে৷লগতে ইডিয়ে উল্লেখ কৰা মতে তালাচীৰ সময়ত ১কোটি টকাৰ নগদ ধন,১৯০০ মাৰ্কিন ডলাৰ,৫৪০ গ্ৰাম সোণ আৰু প্ৰায় ১.৫ কিলোগ্ৰামৰ সোণৰ গহণা উদ্ধাৰ কৰে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক