--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাকৰিৰ বাবদ উৎকোচ হিচাপে ভূমি লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা বিহাৰৰ প্ৰাক্তন মূখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ,তেওঁৰ পত্নী ৰাবড়ী দেৱী আৰু লালু প্ৰসাদ যাদৱৰ কন্যা তথা আৰজেদি সাংসদ মীসা ভাৰতীৰ আদালতে জামিন মঞ্জুৰ কৰিছে৷

ৰাউজ এভিনিউ আদালতে লালু প্ৰসাদ যাদৱ,মিসা ভাৰতী আৰু ৰাবড়ী দেৱীক ৫০,০০০টকাৰ ব্যক্তিগত বণ্ডৰ বিনিময়ত এই জামিন প্ৰদান কৰিছে৷এই গোচৰৰ পৰৱৰ্তী শুনানি ২৯ মাৰ্চত প্ৰদান কৰা হ’ব৷

উল্লেখযোগ্য যে,ভাৰতীয় ৰেলসেৱাত চাকৰি দিয়াৰ পৰিৱৰ্তে ভূমি লোৱা অপৰাধত গ্ৰেপ্তাৰ হোৱা তিনিওজন অপৰাধীক ১৫ মাৰ্চত দিল্লীৰ ৰাউজ এভিনিউ আদালতত উপস্থিত কৰোৱা হয় আৰু শুনানিৰ সময়ত হাত দাঙি তিনিওজনে নিজৰ উপস্থিতি সন্নিৱিষ্ট কৰে৷

ইয়াৰ পৰৱৰ্তী সময়ত, মীসা ভাৰতী আৰু ৰাৱড়ী দেৱীয়ে জামিন বিচাৰি আদালতত এখন আৱেদন দাখিল কৰে৷তিনিওজন অপৰাধীৰ উক্ত আৱেদনকেইখন ৫০,০০০হাজাৰ টকাৰ ব্যক্তিগত বণ্ডৰ বিনিময়ত মঞ্জুৰ কৰে,ইপিনে আজি আদালতত লালু প্ৰসাদ যাদৱ হুইল চেয়াৰত বহিহে উপস্থিত হয়,কাৰণ শেহতীয়াকৈ  কিডনী সংৰোপণৰ এক অস্ত্ৰোপচাৰ লালু প্ৰসাদ যাদৱৰ সংঘটিত হৈছিল৷

মন কৰিবলগীয়া যে,লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে তেওঁ ৰেলমন্ত্ৰী থকাৰ সময়ত নীতিবহিৰ্ভুত ভাৱে চাকৰি দিয়াৰ অপৰাধত যোৱা বছৰৰ ১৮মেত চিবিআইয়ে এটা গোচৰ ৰুজু কৰিছিল৷

ইতিপূৰ্বে, ৬মাৰ্চ তাৰিখে চিবিআইয়ে পাটনাস্থিত ৰাবড়ী দেৱীৰ বাসগৃহত তেওঁক সোধাপোছা কৰে,তাৰ পিছদিনা ৭মাৰ্চত চিবিআইৰ এটা দলে দিল্লীৰ মীসা ভাৰতীৰ বাসগৃহত উপস্থিত হৈ লালু প্ৰসাদ যাদৱক সোধাপোছা কৰে৷

সোধাপোছা কৰাৰ তিনি দিন পিছত ইডিৰ এটা দলে লালু প্ৰসাদ যাদৱ আৰু তেওঁ নিকটতম আত্মীয়ৰ ১৫টা বেলেগ বেলেগ স্থানত তালাচী চলায়। এই সময়চোৱাত ইডিয়ে জনোৱা মতে অভিযানৰ সময়ত প্ৰায় ৬০০কোটি টকাৰ আৰ্থিক অপৰাধৰ সম্ভেদ লাভ কৰে৷লগতে ইডিয়ে উল্লেখ কৰা মতে তালাচীৰ সময়ত ১কোটি টকাৰ নগদ ধন,১৯০০ মাৰ্কিন ডলাৰ,৫৪০ গ্ৰাম সোণ আৰু প্ৰায় ১.৫ কিলোগ্ৰামৰ সোণৰ গহণা উদ্ধাৰ কৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে