--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মদ খাই গাড়ী চলোৱা লোকৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ বহু ৰাজ্যত আৰক্ষীয়ে ৰাজপথত ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰি তালাচী চললোৱাৰ কথা এতিয়া আৰু নতুন হৈ থকা নাই। কিন্তু ব্ৰেথ এনালাইজাৰৰ ব্যৱহাৰ হয়তো খুব কম দিনৰ ভিতৰতে উকলিব। তাৰ ঠাইত আহিব নতুন প্ৰযুক্তি। এতিয়া চালকজনে সুৰা পান কৰিছে নেকি সেই কথা  যন্ত্ৰই দূৰৰ পৰাই  ক'ব পাৰিব। 

 কলকাতা আৰক্ষীয়ে ইতিমধ্যে এনে যন্ত্ৰ ক্ৰয় কৰিছে।  ২১ লাখ  টকাত ক্ৰয় কৰা যন্ত্ৰটোৰে কলকাতা আৰক্ষীয়ে মদ খাই গাড়ী চলোৱাসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। লাহে লাহে দেশৰ আন ৰাজ্যমূহতো এনে যন্ত্ৰ ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে। নতুন যন্ত্ৰবিধে  দূৰৰ পৰা  চেন্সৰৰ সহায়ত  এজন ব্যক্তিয়ে সুৰাপান কৰিছে নে নাই সেয়া ধৰিব পাৰে। কেৱল সেয়াই নহয়, কিন্তু এই যন্ত্ৰটোৱে লোক এজনে কিমান সুৰাপান কৰিছে সেয়াও জনাব পাৰে। 

এই সকলো কাম ৫ ছেকেণ্ডতকৈ কম সময়ৰ ভিতৰতে যন্ত্ৰটোৱে কৰিব পাৰে। কলকাতা আৰক্ষী সুৰাপান কৰি গাড়ী চলোৱা/বাইক চলোৱাৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে। আৰক্ষী কৰ্মীসকলক এনে ধৰণৰ ৫০  টা অত্যাধুনিক ব্ৰেথালাইজাৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে আৰক্ষী কৰ্মীয়ে ৫  মিটাৰ দূৰৈৰপৰাই লোক এজনে মদ খাই গাড়ী চলাইছে নেকি সেয়া ধৰিব পাৰে। সাধাৰণ ব্ৰেথালাইজাৰত, চালকসকলক ডিভাইচৰ ভিতৰত 'ব্লো' কৰিবলৈ কোৱা হয়। উশাহৰ জৰিয়তে দেহত থকা থকা সুৰাৰ পৰিমাণ সেই যন্ত্ৰটোত ধৰা পৰে। কিন্তু নতুন যন্ত্ৰটোত ফু মৰাৰ কোনো প্ৰয়োজন নাই। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক