--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিকিৎসকক কিয় ঈশ্বৰৰ মৰ্যাদা দিয়া হয় তাৰ শেহতীয়া উদাহৰণ দিল্লীত দেখা গৈছে। চিকিৎসা বিজ্ঞানৰ এই চমৎকাৰ সংঘটিত হৈছে ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় এইমছত। য'ত চিকিৎসকে মাতৃৰ গৰ্ভত থকা এটি শিশুৰ সফল হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছিল। ইয়াত সকাহৰ কথা হ’ল জটিল অস্ত্ৰোপচাৰৰ পিছতো মাক আৰু ভৱিষ্যত সন্তান দুয়োটা একেবাৰে ভালেই আছে।

জীৱন মৃত্যু ওপৰৰজনৰ হাতত। এই কথাত সন্মতি দিয়া মহিলাগৰাকীয়ে চিকিৎসকৰ ওপৰত আস্থা প্ৰকাশ কৰি গৰ্ভস্থ শিশুটিৰ অস্ত্ৰোপচাৰ কৰিবলৈ সিদ্ধান্ত লয়। এই প্ৰক্ৰিয়াটোক চিকিৎসা ভাষাত Balloon Dilation বুলি কোৱা হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২৮ বছৰীয়া মহিলাগৰাকীৰ ইয়াৰ পূৰ্বে তিনিবাৰকৈ গৰ্ভপাত হৈছিল। চিকিৎসকে শিশুটিৰ হৃদযন্ত্ৰৰ অৱস্থাৰ বিষয়ে অভিভাৱকক অৱগত কৰাত লগে লগে  তেওঁলোকে অস্ত্ৰোপচাৰৰ অনুমতি দিয়ে।

ইয়াৰ পাছত এইমছৰ হস্তক্ষেপমূলক হৃদৰোগ বিশেষজ্ঞ আৰু ভ্ৰুণ চিকিৎসা বিশেষজ্ঞই এই প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰে। চিকিৎসকৰ মতে, ‘অস্ত্ৰোপচাৰৰ পাছত মাতৃ আৰু ভ্ৰুণ দুয়ো ঠিকেই আছে।’ চিকিৎসকৰ দলটোৱে হাৰ্ট চেম্বাৰৰ বৃদ্ধিৰ ওপৰত চকু ৰাখিছে। যাতে শিশুটিৰ ভৱিষ্যতৰ লগত জড়িত বিষয়বোৰত কিছু সিদ্ধান্ত ল’ব পৰা যায়।

দলটোৱে কয় যে, ‘যেতিয়া শিশুটি মাতৃৰ গৰ্ভত থাকে তেতিয়া কিছুমান ধৰণৰ গুৰুতৰ হৃদযন্ত্ৰৰ সমস্যা ধৰা পেলাব পাৰি।’ তেওঁৰ মতে কেতিয়াবা গৰ্ভতেই কৰা চিকিৎসাই শিশুৰ স্বাভাৱিক বিকাশত সহায়ক হ’ব পাৰে। এই পদ্ধতি আল্ট্ৰাছাউণ্ডৰ নিৰ্দেশনাৰে কৰা হয়। এই প্ৰক্ৰিয়াত চিকিৎসকে মাতৃৰ পেটৰ মাজেৰে বেজীটো শিশুটিৰ হৃদযন্ত্ৰলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছত বেলুন কেথেটাৰ ব্যৱহাৰ কৰি ব্লক কৰা ভালভটো খুলি তেজৰ সোঁত উন্নত কৰা হৈছিল।

এই অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰা চিকিৎসকসকলে আশাবাদী যে এতিয়া শিশুটিৰ হৃদযন্ত্ৰ ভাল হ’ব আৰু হৃদৰোগৰ আশংকা কম হ’ব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...