--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিকিৎসকক কিয় ঈশ্বৰৰ মৰ্যাদা দিয়া হয় তাৰ শেহতীয়া উদাহৰণ দিল্লীত দেখা গৈছে। চিকিৎসা বিজ্ঞানৰ এই চমৎকাৰ সংঘটিত হৈছে ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় এইমছত। য'ত চিকিৎসকে মাতৃৰ গৰ্ভত থকা এটি শিশুৰ সফল হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছিল। ইয়াত সকাহৰ কথা হ’ল জটিল অস্ত্ৰোপচাৰৰ পিছতো মাক আৰু ভৱিষ্যত সন্তান দুয়োটা একেবাৰে ভালেই আছে।

জীৱন মৃত্যু ওপৰৰজনৰ হাতত। এই কথাত সন্মতি দিয়া মহিলাগৰাকীয়ে চিকিৎসকৰ ওপৰত আস্থা প্ৰকাশ কৰি গৰ্ভস্থ শিশুটিৰ অস্ত্ৰোপচাৰ কৰিবলৈ সিদ্ধান্ত লয়। এই প্ৰক্ৰিয়াটোক চিকিৎসা ভাষাত Balloon Dilation বুলি কোৱা হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২৮ বছৰীয়া মহিলাগৰাকীৰ ইয়াৰ পূৰ্বে তিনিবাৰকৈ গৰ্ভপাত হৈছিল। চিকিৎসকে শিশুটিৰ হৃদযন্ত্ৰৰ অৱস্থাৰ বিষয়ে অভিভাৱকক অৱগত কৰাত লগে লগে  তেওঁলোকে অস্ত্ৰোপচাৰৰ অনুমতি দিয়ে।

ইয়াৰ পাছত এইমছৰ হস্তক্ষেপমূলক হৃদৰোগ বিশেষজ্ঞ আৰু ভ্ৰুণ চিকিৎসা বিশেষজ্ঞই এই প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰে। চিকিৎসকৰ মতে, ‘অস্ত্ৰোপচাৰৰ পাছত মাতৃ আৰু ভ্ৰুণ দুয়ো ঠিকেই আছে।’ চিকিৎসকৰ দলটোৱে হাৰ্ট চেম্বাৰৰ বৃদ্ধিৰ ওপৰত চকু ৰাখিছে। যাতে শিশুটিৰ ভৱিষ্যতৰ লগত জড়িত বিষয়বোৰত কিছু সিদ্ধান্ত ল’ব পৰা যায়।

দলটোৱে কয় যে, ‘যেতিয়া শিশুটি মাতৃৰ গৰ্ভত থাকে তেতিয়া কিছুমান ধৰণৰ গুৰুতৰ হৃদযন্ত্ৰৰ সমস্যা ধৰা পেলাব পাৰি।’ তেওঁৰ মতে কেতিয়াবা গৰ্ভতেই কৰা চিকিৎসাই শিশুৰ স্বাভাৱিক বিকাশত সহায়ক হ’ব পাৰে। এই পদ্ধতি আল্ট্ৰাছাউণ্ডৰ নিৰ্দেশনাৰে কৰা হয়। এই প্ৰক্ৰিয়াত চিকিৎসকে মাতৃৰ পেটৰ মাজেৰে বেজীটো শিশুটিৰ হৃদযন্ত্ৰলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছত বেলুন কেথেটাৰ ব্যৱহাৰ কৰি ব্লক কৰা ভালভটো খুলি তেজৰ সোঁত উন্নত কৰা হৈছিল।

এই অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰা চিকিৎসকসকলে আশাবাদী যে এতিয়া শিশুটিৰ হৃদযন্ত্ৰ ভাল হ’ব আৰু হৃদৰোগৰ আশংকা কম হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক