--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ জপনা বন্ধ কৰাকলৈ লগা এখন কাজিয়াৰ পৰিণতিত এগৰাকী লোকে হেৰুৱাবলগীয়া হ’ল তেওঁৰ এখন কাণ৷  এগৰাকী মহিলাই চুবুৰীয়া লোক এজনৰ  কাণ কামুৰি চিঙি পোলোৱাৰ লগতে কাণখনৰ এটা অংশ গিলিও থয়৷ ঘটনাটো ঘটিছে  আগ্ৰাত৷ এই ঘটনাৰ পিছতে  অঞ্চলটোত ক্ষোভৰ সৃষ্টি  হৈছে।

 প্ৰকৃততে কি ঘটিছিল? ভুক্তভোগী লোকজনৰ নাম ৰামবীৰ বাঘেল৷ তেওঁ পেছাত এজন ৰিক্সাচালক। অভিযুক্ত মহিলাগৰাকীৰ নাম ৰাখী আৰু তেওঁ নিউ আগ্ৰা অঞ্চলত বাঘেলৰ ঘৰৰ একেটা চৌহদতে বাস কৰে। বাঘেলে পুৱা ৬ বজাত  ওলাই গৈছিল। কিন্তু সেই সময়ত তেওঁ খৰখেদা হোৱা বাবে  বাহিৰৰ জপনাখন বন্ধ কৰিবলৈ পাহৰি গৈছিল। 

ইয়াৰ পিছতে  ৰাখীয়ে  চিঞৰিবলৈ ধৰিছিল। তেওঁ ৰামবীৰক মাতি আনি  দুৰ্ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উঠিছে।  ৰামবীৰে ৰাখীৰ কথাত  বাধা দিবলৈ চেষ্টা কৰিছিল, ৰাখীৰ স্বামীও সেই স্থানলৈ আহিছিল। তেওঁ ৰামবীৰক জপতিয়াই  ধৰিছিল। হঠাতে ৰাখীয়ে জঁপিয়াই  ৰামবীৰৰ কাণ এখন কামুৰি চিঙি আনিছিল। তেওঁ মুখৰ ভিতৰতে কাণ খন চোবাই গিলি থৈছিল৷  আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৫ আৰু ৫০৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষী বিষয়া আৰিব আহমেদে কয়  যে তেওঁলোকে ৰাখীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাই আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ