--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাশ্মীৰেই হওঁক বা কৃষকৰ আন্দোলনেই হওঁক , প্ৰায় সকলো বিষয়তে নিজৰ স্পষ্ট মতামত দাঙি ধৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰা মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে এইবাৰ চৰকাৰৰ অগ্নিবীৰ আঁচনিকলৈ সৰৱ হৈ পৰিছে।

 কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰীয়া ঠিকাৰ ভিত্তিত তিনিওটা প্ৰতিৰক্ষা বাহিনীতে জোৱান নিয়োগৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত হিংসাত্মক প্ৰতিবাদ হৈছে। বহুতে এই আঁচনি খনক আদৰণি জনোৱাৰ লগতে বহুতে আকৌ বিৰোধিতাও কৰিছে। 

শেহতীয়াকৈ নানান সময়ত দেশৰ জ্বলন্ত সমস্যাকলৈ মন্তব্য কৰি চৰ্চালৈ অহা মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে অগ্নিবীৰ আঁচনিয়ে নিৱনুৱাৰ কোনো উপকাৰ নাসাধে বুলি কৈ আঁচনি খন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক পৰামৰ্শ দিছে। 

ৰাজ্যপাল মালিকে চৰকাৰক এইবুলি প্ৰশ্ন কৰিছে  যে চাৰি বছৰৰ পিছত চাকৰি যোৱা যুৱকসকললৈ কোনে ছোৱালী বিয়া দিব?  আঁচনিখন সন্দৰ্ভত  মালিকে কয়  ’ ছয় মাহৰ প্ৰশিক্ষণ, চাৰি মাহৰ ছুটি আৰু তিনি বছৰৰ চাকৰিৰ পিছত, যেতিয়া তেওঁ ঘৰলৈ উভতি আহে, তেওঁ আনকি বিয়াও কৰিবলৈ ছোৱালী নাপাব’।

উত্তৰ প্ৰদেশৰ বাগপতৰ খেক্ৰাত শিক্ষক নেতা গজে সিং ধামাৰ মৃত্যুৰ পিছত মালিকে সমবেদনা জ্ঞাপন কৰিবলৈ ধামাৰ বাসগৃহত উপস্থিত হৈছিল।  সংবাদ মাধ্যমৰ সৈতে  হোৱা বাৰ্তালাপত ৰাজ্যপাল মালিকে কয় যে অগ্নিপথ আঁচনি জোৱানসকলৰ স্বাৰ্থৰ বিৰুদ্ধে, ই তেওঁলোকৰ প্ৰত্যাশাৰ প্ৰতি এক  বিশ্বাসঘাতকতা।

তেওঁ কয় যে আগতে তেওঁ কৃষকসকলৰ কথা কৈছিল আৰু এতিয়া তেওঁ জোৱানসকলৰ বিষয়ে ক’বলৈ বাধ্য হৈছে।

 আপুনি পদৰ পৰা পদত্যাগ কৰি  কৃষক আৰু যুৱসকলৰ মাজলৈ গৈ  মাত মাত মতাটো অধিক কাৰ্যকৰী হ'লহেঁতেন নেকি বুলি সাংবাদিকে সোধাত  সত্যপাল মালিকে কয়, "যদি মই আপোনাৰ দৰে পৰামৰ্শদাতাৰ চক্ৰত পৰিলোহেঁতেন তেন্তে আজি  মই ইয়াত উপস্থিত থাকিব নোৱাৰিলোহেঁতেন। তেতিয়া মোৰ কথাতো কোনেও গুৰুত্ব নিদিলেহেঁতেন। উল্লেখ্য মালিকে কাশ্মীৰৰ উপ-ৰাজ্যপাল হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল। তেতিয়াও তেওঁ চৰকাৰৰ মতৰ বিৰুদ্ধে গৈ তিনি খনকৈ কৃষি বিধে.কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৃষকৰ স্বাৰ্থত কথা কৈছিল।

ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মোৰ উদ্দেশ্য ৰাজনীতি কৰা আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰা। মই য'ত প্ৰয়োজন হয় কৃষক আৰু জোৱানসকলৰ বাবে যুঁজ দিম"। মালিকে লগতে কয়  যে তেওঁ কাশ্মীৰৰ বিষয়ত এখন কিতাপো লিখিব। অৱসৰৰ পিছত তেওঁ মুকলিকৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিব নেকি বুলি সোধাত  মালিকে কয় যে এয়া চৰকাৰৰ বিৰোধিতাৰ কথা নহয়, মই উত্থাপন কৰি থকা বিষয়বোৰ জনতাৰ হিতৰ বাবেহে। চৰকাৰে গ্ৰহণ কৰিলে জনতাৰ লাভ হ’ব।

মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে  কেন্দ্ৰই অনা নতুন 'অগ্নিপথ' আঁচনিৰ বিৰোধিতা কৰি কয় যে চৰকাৰে আঁচনিখন পুনৰ বিবেচনা কৰা উচিত। উল্লেখ্য ভাৰতীয় বায়ু সেনাই অগ্নিপথ নিযুক্তি আঁচনিৰ অধীনত দেওবাৰলৈকে ৫৬,৯৬০ খন আবেদন লাভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই