--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ শিৱসেনা বিধায়কৰ বিসম্বাদী শিবিৰৰ সেনাপতি একনাথ  সিন্দেৰ এটা  চুটি ভিডিঅ'ই দেশৰ বিভিন্ন প্ৰান্তত এতিয়া বেছ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।   নেটিজেনসকলৰ মাজত  ভাইৰেল হৈ পৰা ক্লিপটো চাই বহুতে প্ৰশ্ন কৰিছে যে সাংবাদিকৰে মুখামুখী হোৱাৰ সময়ত সিন্দে সুৰাসক্ত অৱস্থাত আছিল নেকি?   চমু ভিডিঅ' ক্লিপটোত সিন্দেক মিডিয়াৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা দেখা গৈছে।

তেওঁৰ খোজো থৰকবৰক হৈ পৰিছে। এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্ন সংস্থাই ভিডিঅ’চোৰ ফেক্ট ছেক কৰি চাই এই কথাত নিশ্চিত হৈছে যে সিন্ধেৰ ভিডিঅ’টো কোনোৱাই বিকৃত কৰি প্ৰচাৰ কৰিছে। প্ৰায় ৩০ মিনিটৰ  প্ৰকৃত ভিডিঅ'টোত সিন্দেই  সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা দেখা গৈছে।

 কিন্তু প্ৰায় ১০ ছেকেণ্ডৰ ভাইৰেল হৈ পৰা ভিডিঅ’টোত সিন্দেক সুৰাসক্ত যেন দেখা গৈছে। ফেক্ট ছেকাৰসকলে কৈছে যে আচল ভিডিঅ’টোৰ পৰা কেতবোৰ বিশেষ মুহূৰ্ত কাটি আনি এই ১০ ছেকেণ্ডৰ ভিডিঅ’টো তৈয়াৰ কৰা হৈছে। সাংবাদিকৰ হেঁচা-ঠেলাৰ বাবেই সিন্দেৰ খোজ থৰক-বৰক হৈ পৰিছিল যদিও সেই মুহূৰ্তক সুৰাসক্ত অৱস্থাৰ বাবে হোৱা বুলি প্ৰচাৰ কৰা হৈছিল।

 ইপিনে মহাৰাষ্ট্ৰ বিসম্বাদী শিবিৰে উচ্চতম ন্যায়ালয়ত এইবুলি আবেদন কৰিছে যে উপাধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত নোহোৱালৈকে ১৫ জন বিধায়কৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব।

 বিদ্ৰোহী শিৱিৰে অজয় চৌধুৰীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচনক আদালতত প্ৰত্যাহ্বান জনোৱা হৈছে। আজি উচ্চতম ন্যায়ালয়ত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব।

অযোগ্য ঘোষণা কৰিব বিচৰা  ১৫ জন বিধায়কৰ বেছিভাগেই মন্ত্ৰী আৰু তেওঁলোকক শিৱসেনাৰ জৰুৰী বৈঠকত  হুইপ জাৰী কৰি  উপস্থিত থাকিবলৈ কোৱা হৈছিল। কিন্তু তেওঁলোকে সেই নিৰ্দেশ অমান্য কৰিছিল।

বিদ্ৰোহী শিবিৰে দাবী কৰি আহিছে যে তেওঁলোকৰ হাতত দুই-তৃতীয়াংশ বিধায়কৰ সমৰ্থন আছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ