--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ শিৱসেনা বিধায়কৰ বিসম্বাদী শিবিৰৰ সেনাপতি একনাথ  সিন্দেৰ এটা  চুটি ভিডিঅ'ই দেশৰ বিভিন্ন প্ৰান্তত এতিয়া বেছ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।   নেটিজেনসকলৰ মাজত  ভাইৰেল হৈ পৰা ক্লিপটো চাই বহুতে প্ৰশ্ন কৰিছে যে সাংবাদিকৰে মুখামুখী হোৱাৰ সময়ত সিন্দে সুৰাসক্ত অৱস্থাত আছিল নেকি?   চমু ভিডিঅ' ক্লিপটোত সিন্দেক মিডিয়াৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা দেখা গৈছে।

তেওঁৰ খোজো থৰকবৰক হৈ পৰিছে। এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্ন সংস্থাই ভিডিঅ’চোৰ ফেক্ট ছেক কৰি চাই এই কথাত নিশ্চিত হৈছে যে সিন্ধেৰ ভিডিঅ’টো কোনোৱাই বিকৃত কৰি প্ৰচাৰ কৰিছে। প্ৰায় ৩০ মিনিটৰ  প্ৰকৃত ভিডিঅ'টোত সিন্দেই  সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা দেখা গৈছে।

 কিন্তু প্ৰায় ১০ ছেকেণ্ডৰ ভাইৰেল হৈ পৰা ভিডিঅ’টোত সিন্দেক সুৰাসক্ত যেন দেখা গৈছে। ফেক্ট ছেকাৰসকলে কৈছে যে আচল ভিডিঅ’টোৰ পৰা কেতবোৰ বিশেষ মুহূৰ্ত কাটি আনি এই ১০ ছেকেণ্ডৰ ভিডিঅ’টো তৈয়াৰ কৰা হৈছে। সাংবাদিকৰ হেঁচা-ঠেলাৰ বাবেই সিন্দেৰ খোজ থৰক-বৰক হৈ পৰিছিল যদিও সেই মুহূৰ্তক সুৰাসক্ত অৱস্থাৰ বাবে হোৱা বুলি প্ৰচাৰ কৰা হৈছিল।

 ইপিনে মহাৰাষ্ট্ৰ বিসম্বাদী শিবিৰে উচ্চতম ন্যায়ালয়ত এইবুলি আবেদন কৰিছে যে উপাধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত নোহোৱালৈকে ১৫ জন বিধায়কৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব।

 বিদ্ৰোহী শিৱিৰে অজয় চৌধুৰীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচনক আদালতত প্ৰত্যাহ্বান জনোৱা হৈছে। আজি উচ্চতম ন্যায়ালয়ত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব।

অযোগ্য ঘোষণা কৰিব বিচৰা  ১৫ জন বিধায়কৰ বেছিভাগেই মন্ত্ৰী আৰু তেওঁলোকক শিৱসেনাৰ জৰুৰী বৈঠকত  হুইপ জাৰী কৰি  উপস্থিত থাকিবলৈ কোৱা হৈছিল। কিন্তু তেওঁলোকে সেই নিৰ্দেশ অমান্য কৰিছিল।

বিদ্ৰোহী শিবিৰে দাবী কৰি আহিছে যে তেওঁলোকৰ হাতত দুই-তৃতীয়াংশ বিধায়কৰ সমৰ্থন আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট