--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি সাংসদ তথা ভাতৃ বৰুণ গান্ধীৰ ওপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। শেহতীয়াকৈ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত বৰুণে অংশগ্ৰহণ কৰাৰ চৰ্চা চলিছে। তদুপৰি কংগ্ৰেছতো বৰুণে প্ৰৱেশ কৰিব পাৰে বুলি বহুতে কৈ আহিছে। তেনে সময়তে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে কয় যে তেওঁলোক দুয়োজনৰে মতাদৰ্শ মিলা নাই।

গান্ধীয়ে সাংবাদিকক কৈছিল যে বৰুণ গান্ধীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) আদৰ্শ গ্ৰহণকৰিছিল, যাক তেওঁ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে।

"মই কেতিয়াও আৰ এছ এছ কাৰ্যালয়লৈ যাব নোৱাৰো, তাৰ আগতে মই মুণ্ডচ্ছেদ কৰিব লাগিব। মোৰ পৰিয়ালৰ এটা নিৰ্দিষ্ট আদৰ্শ, এটা চিন্তাধাৰা আছে," - ৰাহুলে কয়।

"মই নিশ্চিতভাৱে বৰুণক লগ কৰিব পাৰো, তেওঁক আলিঙ্গন কৰিব পাৰো, কিন্তু তেওঁৰ আদৰ্শ গ্ৰহণ কৰিব নোৱাৰো। অসম্ভৱ।’’- ৰাহুলে কয়।

ৰাহুলে কয় যে আৰ এছ এছ আৰু কংগ্ৰেছৰ মাজত এক আদৰ্শগত যুঁজ চলি আছে। সেয়ে বৰুণ গান্ধীয়ে প্ৰশংসা কৰা আৰএছএছক তেওঁ কেতিয়াও মানি ল’ব নোৱাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে