--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি সাংসদ তথা ভাতৃ বৰুণ গান্ধীৰ ওপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। শেহতীয়াকৈ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত বৰুণে অংশগ্ৰহণ কৰাৰ চৰ্চা চলিছে। তদুপৰি কংগ্ৰেছতো বৰুণে প্ৰৱেশ কৰিব পাৰে বুলি বহুতে কৈ আহিছে। তেনে সময়তে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে কয় যে তেওঁলোক দুয়োজনৰে মতাদৰ্শ মিলা নাই।

গান্ধীয়ে সাংবাদিকক কৈছিল যে বৰুণ গান্ধীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) আদৰ্শ গ্ৰহণকৰিছিল, যাক তেওঁ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে।

"মই কেতিয়াও আৰ এছ এছ কাৰ্যালয়লৈ যাব নোৱাৰো, তাৰ আগতে মই মুণ্ডচ্ছেদ কৰিব লাগিব। মোৰ পৰিয়ালৰ এটা নিৰ্দিষ্ট আদৰ্শ, এটা চিন্তাধাৰা আছে," - ৰাহুলে কয়।

"মই নিশ্চিতভাৱে বৰুণক লগ কৰিব পাৰো, তেওঁক আলিঙ্গন কৰিব পাৰো, কিন্তু তেওঁৰ আদৰ্শ গ্ৰহণ কৰিব নোৱাৰো। অসম্ভৱ।’’- ৰাহুলে কয়।

ৰাহুলে কয় যে আৰ এছ এছ আৰু কংগ্ৰেছৰ মাজত এক আদৰ্শগত যুঁজ চলি আছে। সেয়ে বৰুণ গান্ধীয়ে প্ৰশংসা কৰা আৰএছএছক তেওঁ কেতিয়াও মানি ল’ব নোৱাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক