--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনো আগবাঢ়িছে। কৰ্কট ৰোগকে ধৰি কেইবাটাও মাৰাত্মক ৰোগ নিৰাময়ৰ বাবে নতুন চিকিৎসা পদ্ধতি আৱিষ্কাৰ কৰিছে চিকিৎসক আৰু বিজ্ঞানীসকলে। আধুনিক ঔষধ ইমানেই ফলপ্ৰসূ যে ইয়াৰ দ্বাৰা জীয়াই থকাৰ হাৰ বৃদ্ধি পাইছে।

কিন্তু ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ এক অধ্যয়নত কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ বিষয়ে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।

অধ্যয়ন অনুসৰি কিছুমান কেন্সাৰ চিকিৎসাই হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে, যিটো অৱস্থাক কাৰ্ডিঅ’টক্সিচিটি বুলি জনা যায়। কৰ্কট ৰোগৰ ঔষধে হৃদযন্ত্ৰৰ পাম্পিং ক্ষমতাত প্ৰভাৱ পেলাব পাৰে আৰু কেতিয়াবা হৃদযন্ত্ৰ বিকলো হ’ব পাৰে।

ছায়েন্স এডভান্সেছ নামৰ আলোচনীখনত প্ৰকাশিত এক অধ্যয়নত তেজত এনে প্ৰটিন চিনাক্ত কৰা হৈছে যিবোৰ কেন্সাৰ চিকিৎসা ঔষধৰ দ্বাৰা প্ৰভাৱিত হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধিৰ সৈতে জড়িত।

গৱেষকসকলে তেজত থকা আৰু কেইবাটাও হৃদৰোগ হোৱাৰ আশংকাৰ সৈতে জড়িত ৩৩টা প্ৰটিন চিনাক্ত কৰে। ইয়াৰ ভিতৰত আছিল বিভিন্ন ধৰণৰ হৃদযন্ত্ৰৰ বিকলতা, আৰু এট্ৰিয়াল ফাইব্ৰিলেচন (এটা সাধাৰণ অস্বাভাৱিক হৃদস্পন্দন যিয়ে ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে)।

এই অধ্যয়নৰ মুখ্য লেখক ডাঃ ফ্ল’ৰিয়ান শ্বমিট (ইউচিএল ইনষ্টিটিউট অৱ কাৰ্ডিঅ’ভাস্কুলাৰ চাইন্স)ৰ মতে, "আমাৰ অধ্যয়নত চিনাক্ত কৰা প্ৰ'টিনসমূহে ভৱিষ্যতে ঔষধৰ বিকাশ ত্বৰান্বিত কৰাত সহায় কৰিব, বিজ্ঞানীসকলক কেন্সাৰ আৰু হৃদৰোগ উভয়ৰে নতুন চিকিৎসাৰ ব্লুপ্ৰিণ্ট আগবঢ়াব।" 

ব্ৰিটিছ হাৰ্ট ফাউণ্ডেশ্যনৰ চিকিৎসা সঞ্চালক অধ্যাপক ছাৰ নীলেশ সমনীয়ে কয় যে "কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত অগ্ৰগতি হৈছে যদিও ইয়াৰ এটা পৰিণতি হৈছে এই ঔষধৰ দ্বাৰা হৃদযন্ত্ৰৰ ক্ষতি হোৱাৰ আশংকা থাকে।"

এই গৱেষণাই অধিক নিৰাপদ আৰু অধিক পৰিশোধিত ঔষধ বিকশিত কৰাৰ দিশটো আঙুলিয়াই দিয়ে যাতে, কেন্সাৰৰ চিকিৎসাৰ পাছত হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হোৱাটো বন্ধ হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে