--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যস্ত জীৱনত বেছিভাগ মানুহেই নিজৰ বাবে সময় উলিয়াব নোৱাৰে। যাৰ বাবেই তেওঁলোক ক্ৰমান্বয়ে মানসিক চাপৰ বলি হ’বলৈ আৰম্ভ কৰে। বহু সময়ত মানসিক চাপ ইমানেই বাঢ়ি যায় যে বহু ধৰণৰ ৰোগে আগুৰি ধৰিবলৈ আৰম্ভ কৰে। 

এনে পৰিস্থিতিত যদি আপুনি মানসিক চাপৰ পৰা মুক্তি পাব বিচাৰে তেন্তে আপুনি মেডিটেছনক আপোনাৰ জীৱনৰ অংশ হিচাপে গঢ়ি তুলিব পাৰে। মেডিটেছনে মানসিক চাপ কমোৱাই নহয়, আপোনাৰ মনত চলি থকা অপ্ৰয়োজনীয় কথাবোৰ বন্ধ কৰাৰ কামো কৰে। ধ্যান বা মেডিটেছন কৰি কেনেকৈ মানসিক চাপৰ পৰা মুক্তি পাব পাৰি জানো আহক।

মানসিক চাপৰ পৰা উপশম পাবলৈ এই উপায়সমূহ অনুসৰণ কৰক-

আধ্যাত্মিক মেডিটেচনঃ আধ্যাত্মিক ধ্যান কৰিলে মানসিক চাপৰ পৰা উপশম পোৱাটো অতি সহজ।এই পদ্ধতিয়ে আপোনাক নিজকে বুজিবলৈ সহায় কৰে। এই ধ্যান কৰিবলৈ আপুনি আৰামদায়ক ঠাই বাছি ল’ব লাগিব। ধ্যানে আপোনাৰ উদ্বেগ আৰু মানসিক চাপ আঁতৰাই আপোনাক সকাহ দিয়াৰ কাম কৰে।

মাইণ্ডফুলনেছ মেডিটেচনঃ যদি আপুনি আপোনাৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে এই পদ্ধতিটো অতি ফলপ্ৰসূ। ইয়াৰ বাবে মাইণ্ডফুলনেছ মেডিটেচনৰ বাবে আপোনাৰ চিন্তাধাৰাৰ প্ৰতি মনোযোগ দিব লাগিব। এই পদ্ধতিটো মনোযোগ বৃদ্ধিৰ বাবে উপকাৰী।

মন্ত্ৰ মেডিটেচনঃ মন্ত্ৰ মেডিটেচনক অন্যতম উত্তম পদ্ধতি বুলি গণ্য কৰা হয়। ইয়াৰ বাবে শব্দ বা মন্ত্ৰ আওৰাই ধ্যান কৰিব লাগিব। ইয়াৰ বাবে নিস্তব্ধ স্থানত বহি মন্ত্ৰ জপ দ্ৰুতভাৱে কৰিব লাগিব। এনে কৰিলে আপোনাৰ শৰীৰৰ ইন্দ্ৰিয়বোৰ আপোনাৰ নিয়ন্ত্ৰণত থাকিব আৰু মন শান্ত হৈ থাকিব।

ফ’কাচ মেডিটেচনঃ ফ’কাচ মেডিটেচনক ফ’কাচড এটেনচন মেডিটেচন বুলি জনা যায়। ইয়াৰ বাবে ইন্দ্ৰিয়ৰ জৰিয়তে কিবা এটা কামত মনোনিৱেশ কৰিব লাগে।ইয়াৰ ফলত মনোযোগ বৃদ্ধি হোৱাৰ লগতে নিজকে শিথিল কৰি ৰখাতো সহায় হয়। সেইবাবেই মনটোক শান্ত কৰিবলৈ এই কামটো কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে