--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনেই সকলো বুলি ভবাটো কেতিয়াও সমীচিন নহয়। ধন থাকিলে বিছনা খন কিনিব পাৰি টোপনি নোৱাৰি, খাদ্য কিনিব পাৰি ভোক নোৱাৰি। সেয়ে চাণক্যই ধনেই সকলো বুলি ভবাটো ভুল বুলি কৈছে। দৰাচলতে প্ৰায় ২৫০০ বছৰ আগতেই চাণক্যই কৈ যোৱা কথা বোৰ আজিও প্ৰাসংগিক হৈ আছে৷

 চাণক্যৰ নীতি শাস্ত্ৰৰ কথাবোৰ   জীৱনৰ পথত নিজকে চলাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ
আচাৰ্য চাণক্যই নৈতিকতা আৰু  ধন সম্পৰ্কীয়  গুৰুত্বপূৰ্ণ  নীতিৰ কথা কৈ গৈছে৷  প্ৰতিজন ব্যক্তিৰ জীৱনত ধনৰ এক বিশেষ গুৰুত্ব আছে। ধনেৰে তেওঁ তেওঁৰ প্ৰয়োজনীয়তাৰ লগতে তেওঁৰ ৰুচিবোৰো পূৰণ কৰিব পাৰে।

চাণক্যৰ কথাবোৰ বহুতৰে বাবে তিক্ত যেন লাগিব পাৰে, কিন্তু সেইবোৰে জীৱনত সফলতাক অনুপ্ৰাণিত কৰে। চাণক্য নীতি অনুসৰি, ধনতকৈ কোন তিনিটা বস্তু অধিক গুৰুত্বপূৰ্ণ জানি লও আহক-

বহু  মানুহে ধনকলৈ  গৌৰৱ কৰে,কিন্তু  ধনৰ গৌৰৱে মানুহ এজনক  আকাশৰ পৰা মাটিলৈ নমাই আনিব পাৰে। চাণক্যই কয় যে টকা হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু যদি তিনিটা বস্তু হেৰাই যায় তেন্তে তাক পুনৰ ঘূৰাই পাব নোৱাৰি৷ 
 আচাৰ্য চাণক্যৰ মতে, ধনতকৈ কোন তিনিটা বস্তু অধিক গুৰুত্বপূৰ্ণ জানো আহক

আত্মসন্মান – আত্মসন্মানে ব্যক্তি এজনৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰে। ধন হেৰুওৱালে  পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু পুনৰ আত্মসন্মান প্ৰাপ্ত কৰা কঠিন। যদি কোনোবাই আত্মসন্মান সুৰক্ষিত কৰিবলৈ ধন ত্যাগ কৰিব লগা হয়, তেন্তে এইক্ষেত্ৰত  পিছ পৰি থাকিব নালাগে।

ধৰ্ম: ধৰ্ম সদায় সম্পদৰ উৰ্ধত। ধৰ্ম্মৰ জৰিয়তে এজন ব্যক্তিয়ে শুদ্ধ আৰু ভুলৰ মাজৰ পাৰ্থক্য বুজিব পাৰে। চাণক্যই কৈছিল যে যিজন ব্যক্তিয়ে ধন উপাৰ্জনৰ বাবে ধৰ্ম ত্যাগ কৰে, সমাজত তেওঁৰ মৰ্যাদা হ্ৰাস পায়। সেইকাৰণে ধৰ্মক সদায় ধনৰ ওপৰত ৰাখিব লাগে৷ 

প্ৰেম- চাণক্যই বিশ্বাস কৰে যে প্ৰেম টকাৰে ক্ৰয় কৰিব নোৱাৰি। গতিকে সম্পৰ্কটো সুৰক্ষিত কৰা উচিত। প্ৰেম নাথাকিলে পৰিয়াল আৰু প্ৰিয়জনৰ সন্মুখত ধনৰ কোনো মূল্য নাই। চাণক্য নীতি অনুসৰি এজন ব্যক্তি ধনী হ’লেও  যদি কোনেও তেওঁক ভাল নাপায় তেন্তে তেওঁ ধনী হোৱাটো অৰ্থহীন।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ