--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধনেই সকলো বুলি ভবাটো কেতিয়াও সমীচিন নহয়। ধন থাকিলে বিছনা খন কিনিব পাৰি টোপনি নোৱাৰি, খাদ্য কিনিব পাৰি ভোক নোৱাৰি। সেয়ে চাণক্যই ধনেই সকলো বুলি ভবাটো ভুল বুলি কৈছে। দৰাচলতে প্ৰায় ২৫০০ বছৰ আগতেই চাণক্যই কৈ যোৱা কথা বোৰ আজিও প্ৰাসংগিক হৈ আছে৷

 চাণক্যৰ নীতি শাস্ত্ৰৰ কথাবোৰ   জীৱনৰ পথত নিজকে চলাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ
আচাৰ্য চাণক্যই নৈতিকতা আৰু  ধন সম্পৰ্কীয়  গুৰুত্বপূৰ্ণ  নীতিৰ কথা কৈ গৈছে৷  প্ৰতিজন ব্যক্তিৰ জীৱনত ধনৰ এক বিশেষ গুৰুত্ব আছে। ধনেৰে তেওঁ তেওঁৰ প্ৰয়োজনীয়তাৰ লগতে তেওঁৰ ৰুচিবোৰো পূৰণ কৰিব পাৰে।

চাণক্যৰ কথাবোৰ বহুতৰে বাবে তিক্ত যেন লাগিব পাৰে, কিন্তু সেইবোৰে জীৱনত সফলতাক অনুপ্ৰাণিত কৰে। চাণক্য নীতি অনুসৰি, ধনতকৈ কোন তিনিটা বস্তু অধিক গুৰুত্বপূৰ্ণ জানি লও আহক-

বহু  মানুহে ধনকলৈ  গৌৰৱ কৰে,কিন্তু  ধনৰ গৌৰৱে মানুহ এজনক  আকাশৰ পৰা মাটিলৈ নমাই আনিব পাৰে। চাণক্যই কয় যে টকা হেৰুৱালে পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু যদি তিনিটা বস্তু হেৰাই যায় তেন্তে তাক পুনৰ ঘূৰাই পাব নোৱাৰি৷ 
 আচাৰ্য চাণক্যৰ মতে, ধনতকৈ কোন তিনিটা বস্তু অধিক গুৰুত্বপূৰ্ণ জানো আহক

আত্মসন্মান – আত্মসন্মানে ব্যক্তি এজনৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰে। ধন হেৰুওৱালে  পুনৰ উপাৰ্জন কৰিব পাৰি, কিন্তু পুনৰ আত্মসন্মান প্ৰাপ্ত কৰা কঠিন। যদি কোনোবাই আত্মসন্মান সুৰক্ষিত কৰিবলৈ ধন ত্যাগ কৰিব লগা হয়, তেন্তে এইক্ষেত্ৰত  পিছ পৰি থাকিব নালাগে।

ধৰ্ম: ধৰ্ম সদায় সম্পদৰ উৰ্ধত। ধৰ্ম্মৰ জৰিয়তে এজন ব্যক্তিয়ে শুদ্ধ আৰু ভুলৰ মাজৰ পাৰ্থক্য বুজিব পাৰে। চাণক্যই কৈছিল যে যিজন ব্যক্তিয়ে ধন উপাৰ্জনৰ বাবে ধৰ্ম ত্যাগ কৰে, সমাজত তেওঁৰ মৰ্যাদা হ্ৰাস পায়। সেইকাৰণে ধৰ্মক সদায় ধনৰ ওপৰত ৰাখিব লাগে৷ 

প্ৰেম- চাণক্যই বিশ্বাস কৰে যে প্ৰেম টকাৰে ক্ৰয় কৰিব নোৱাৰি। গতিকে সম্পৰ্কটো সুৰক্ষিত কৰা উচিত। প্ৰেম নাথাকিলে পৰিয়াল আৰু প্ৰিয়জনৰ সন্মুখত ধনৰ কোনো মূল্য নাই। চাণক্য নীতি অনুসৰি এজন ব্যক্তি ধনী হ’লেও  যদি কোনেও তেওঁক ভাল নাপায় তেন্তে তেওঁ ধনী হোৱাটো অৰ্থহীন।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে