--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যৰ বাণীবোৰ আজিও সমাজত প্ৰাসংগিক হৈ আছে। চাণক্যৰ মতে আপুনি কেতিয়াও নিজৰ বিষয়ে সকলো কথা সকলোকে ক'ব নালাগে। ফলস্বৰূপে, লাভতকৈ অধিক লোকচানহে হ’ব পাৰে। যদি আপুনি এই গোপন কথাবোৰ আন কাৰোবাক কয়, আপোনাৰ সমস্যা বৃদ্ধি হ'ব। চাণক্যই কাকো কি ক'বলৈ নিষেধ কৰি গৈছে  চাওঁ আহক-

ব্যৱসায় বা আন কামত লোকচান হ’লে

আচাৰ্য চাণক্যৰ মতে  কেতিয়াও  কাকো লোক এজনে তেওঁৰ আৰ্থিক লোকচানৰ বিষয়ে ক’ব নালাগে। চাণক্যই কৈছিল যে যিসকলে তেওঁলোকৰ বিত্তীয় সংকটৰ বিষয়েআন লোকৰ সৈতে আলোচনা কৰে, তেওঁলোকৰ অসহায় অৱস্থা  কেতিয়াও শেষ নহ'ব। যদি আপুনি বাহিৰৰ কাৰোবাৰ সৈতে আপোনাৰ আৰ্থিক দুৰ্দশাৰ বিষয়ে আলোচনা কৰে আপুনি সেই দ্বিতীয় ব্যক্তিজনৰ পৰা আৰ্থিক সহায় নাপায়, ইয়াৰ বিপৰীতে সেই ব্যক্তিজনে আপোনাৰ দুৰ্দশাৰ সুযোগ ল'ব পাৰে। সমস্যাটোৰ বিষয়ে জানি তেওঁ আপোনাৰ সৈতে দূৰত্ব বৃদ্ধি কৰিব পাৰে।

বৈবাহিক জীৱনৰ সমস্যাৰ বিষয়ে

আপোনাৰ জীৱনসংগী আপোনাৰ মনৰ মতে  নহ'বও পাৰে। কিন্তু বাহিৰৰ কাৰো সৈতে এই বিষয়ে আলোচনা কৰিব নালাগে৷ এজন তৃতীয় ব্যক্তিক কেতিয়াও বৈবাহিক অশান্তি বা মতবিৰোধৰ কথা   জানিবলৈ দিয়া উচিত নহয়। লগতে যদি আপোনাৰ স্বামী বা পত্নীৰ কোনো গোপনীয়তা বা দুৰ্বলতা আছে, আন কাকো কেতিয়াও সেয়া  জনাব নালাগে৷  আনকি আন লোকসকলে আপোনাৰ সন্মুখত আপোনাৰ প্ৰতি সহানুভূতি দেখুৱালেও তেওঁলোকে পিছত  আপোনাক লৈ  হাঁহিব। কেৱল সেয়াই নহয়, ই বৈবাহিক সম্পৰ্ককো অপমান কৰে আৰু যদি আপোনাৰ সঙ্গীয়ে এই বিষয়ে জানিব পাৰে সম্পৰ্কৰ তিক্ততা আৰু বৃদ্ধি পাব।

আনে কৰা অপমান কৰিলে সেয়া বেলেগক জনাব  নালাগে

চাণক্যই কৈছিল যে যদি কোনোবাই কেতিয়াবা আপোনাক অপমান কৰে ঘটনাটোৰ বিষয়ে  আনক কোৱাৰ কোনো প্ৰয়োজন নাই। সেয়া নিজৰ মাজতে গোপনে  ৰাখিব। আপোনাৰ অপমানৰ বিষয়ে আন কাৰোবাক কোৱাৰ অৰ্থ হৈছে যে আপুনি সেই ব্যক্তিজনৰ পৰাও কেতিয়াবা অপমানিত হ’ব পাৰে৷ 

নিজৰ সমস্যা নিজৰ মাজতে ৰাখক
চাণক্য নীতি অনুসৰি, আপোনাৰ সমস্যাৰ বিষয়ে আন দহজন  লোকক নক'ব আৰু ইয়াক নিজৰ মাজতে  ৰাখিব। ইয়াৰ কাৰণ হৈছে বেছিভাগ সময়তে আন লোকে  আপোনাৰ সমস্যাবোৰৰ বিষয়ে শুনিব আৰু আপোনাৰ দুখত দুখ প্ৰকাশ কৰিব। কাৰণ সেইটো বেছিভাগ মানুহৰ চৰিত্ৰ। কিছুমানে আনকি আপোনাৰ বেয়া সময়ৰ সুবিধা ল'ব বিচাৰিব। গতিকে আপোনাৰ সমস্যাবোৰৰ বিষয়ে আন কাকো নক'ব, ,যেতিয়ালৈকে ই অতি প্ৰয়োজনীয় নহয়। চাণক্যই কয় যে যদি আপুনি আন কোনোবাই  সমস্যা সমাধান কৰিব বুলি আশা কৰে, তেন্তে আপুনি প্ৰতাৰণাৰ বলিও হ’ব পাৰে৷  আপুনি আপোনাৰ সমস্যাৰ সমাধান নিজেই কৰিব লাগিব। সেয়ে সমস্যা ধৈৰ্য ধৰি সমাধান কৰাতহে মন দিব লাগে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু