--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় সকলো মানুহৰ ঘৰতে কেলেণ্ডাৰ থাকে। কিন্তু কেলেণ্ডাৰ এখন আঁৰি ৰখাৰো নিয়ম আছে। কেলেণ্ডাৰ মানুহে দিন, বাৰ আদি চোৱাৰ বাবে ব্যৱহাৰ কৰে। বহুতে কেলেণ্ডাৰৰ নিৰ্দিষ্ট স্থানত কৰিবলগীয়া কামৰ তালিকাও লিখি ৰাখে। ইয়াৰ ফলত তেনে কাম পাহৰি যোৱাৰ আশংকা দূৰ হয়। ঘৰৰ সুবিধাজনক স্থানত মানুহে কেলেণ্ডাৰ আঁৰি থয়। 

ফেংছুইয়ে কেলেণ্ডাৰ আঁৰি থোৱাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধান দিছে। ফেংছুইৰ মতে ঘৰৰ প্ৰধান দুৱাৰৰ ওপৰত অথবা দুবাৰৰ দুয়োফালে কেলেণ্ডাৰ আঁৰিব নালাগে। এনে কৰিলে ঘৰত অমংগল হয়।

কেলেণ্ডাৰ কেতিয়াও মানুহৰ চকুত পোনে পোনে পৰা স্থানত ৰাখিব নালাগে। এনেদৰে কেলেণ্ডাৰ আঁৰিলে মানুহৰ আয়ুস ক্ষয় হয় বুলি ফেংছুই বিশেষজ্ঞসকলে কৈ আহিছে।

ফেংছুই বিশেষজ্ঞৰ মতে  কেলেণ্ডাৰখন চকুৰ মুখামুখিকৈ পৰা স্থানত আঁৰি থ'লে মানুহে দিন-বাৰ আদি হিচাপ কৰি থাকে আৰু তেওঁৰ যে পৃথিবীত দিন সদায় কমি আহিছে সেই কথাটো ভাবিব পাৰে।

 ইয়াৰ ফলত মানুহ এজনৰ মন দুৰ্বল হৈ পৰে আৰু তেওঁৰ আয়ুস ক্ষয় হ’ব পাৰে। সেয়ে ঘৰত কেলেণ্ডাৰ খন আঁৰোতে কিছু সতৰ্ক হ’লে ভাল।

পূব দিশটো আটাইতকৈ শুভ আৰু সৰ্বশ্ৰেষ্ঠ দিশ বুলি গণ্য কৰা হয় ।কিয়নো দেৱতাসকল এই দিশত বাস কৰে। ইয়াৰ লগতে  পূব দিশ হৈছে সূৰ্য দেৱতাৰ দিশ, যি হৈছে আত্মসন্মান, শক্তি, নেতৃত্ব আৰু খ্যাতিৰ প্ৰতীক। এনে পৰিস্থিতিত সূৰ্যৰ  সৈতে সম্পৰ্কিত কেলেণ্ডাৰবোৰ বা আন কেলেণ্ডাৰো পূব দিশৰ দেৱালত ৰখাটো শুভ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ