--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় সকলো মানুহৰ ঘৰতে কেলেণ্ডাৰ থাকে। কিন্তু কেলেণ্ডাৰ এখন আঁৰি ৰখাৰো নিয়ম আছে। কেলেণ্ডাৰ মানুহে দিন, বাৰ আদি চোৱাৰ বাবে ব্যৱহাৰ কৰে। বহুতে কেলেণ্ডাৰৰ নিৰ্দিষ্ট স্থানত কৰিবলগীয়া কামৰ তালিকাও লিখি ৰাখে। ইয়াৰ ফলত তেনে কাম পাহৰি যোৱাৰ আশংকা দূৰ হয়। ঘৰৰ সুবিধাজনক স্থানত মানুহে কেলেণ্ডাৰ আঁৰি থয়। 

ফেংছুইয়ে কেলেণ্ডাৰ আঁৰি থোৱাৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধান দিছে। ফেংছুইৰ মতে ঘৰৰ প্ৰধান দুৱাৰৰ ওপৰত অথবা দুবাৰৰ দুয়োফালে কেলেণ্ডাৰ আঁৰিব নালাগে। এনে কৰিলে ঘৰত অমংগল হয়।

কেলেণ্ডাৰ কেতিয়াও মানুহৰ চকুত পোনে পোনে পৰা স্থানত ৰাখিব নালাগে। এনেদৰে কেলেণ্ডাৰ আঁৰিলে মানুহৰ আয়ুস ক্ষয় হয় বুলি ফেংছুই বিশেষজ্ঞসকলে কৈ আহিছে।

ফেংছুই বিশেষজ্ঞৰ মতে  কেলেণ্ডাৰখন চকুৰ মুখামুখিকৈ পৰা স্থানত আঁৰি থ'লে মানুহে দিন-বাৰ আদি হিচাপ কৰি থাকে আৰু তেওঁৰ যে পৃথিবীত দিন সদায় কমি আহিছে সেই কথাটো ভাবিব পাৰে।

 ইয়াৰ ফলত মানুহ এজনৰ মন দুৰ্বল হৈ পৰে আৰু তেওঁৰ আয়ুস ক্ষয় হ’ব পাৰে। সেয়ে ঘৰত কেলেণ্ডাৰ খন আঁৰোতে কিছু সতৰ্ক হ’লে ভাল।

পূব দিশটো আটাইতকৈ শুভ আৰু সৰ্বশ্ৰেষ্ঠ দিশ বুলি গণ্য কৰা হয় ।কিয়নো দেৱতাসকল এই দিশত বাস কৰে। ইয়াৰ লগতে  পূব দিশ হৈছে সূৰ্য দেৱতাৰ দিশ, যি হৈছে আত্মসন্মান, শক্তি, নেতৃত্ব আৰু খ্যাতিৰ প্ৰতীক। এনে পৰিস্থিতিত সূৰ্যৰ  সৈতে সম্পৰ্কিত কেলেণ্ডাৰবোৰ বা আন কেলেণ্ডাৰো পূব দিশৰ দেৱালত ৰখাটো শুভ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু