--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই জীৱনৰ উন্নতিৰ বাবে বহুতো নীতি উল্লেখ কৰিছে। এই নীতিবোৰ অনুসৰণ কৰিলে জীৱনত সফলতাৰ পথ প্ৰশস্ত হয়। কঠিন পৰিস্থিতিত চাণক্যৰ এই নীতিবোৰে বুষ্টাৰ পালিৰ দৰে কাম কৰে। সেইবোৰ গ্ৰহণ কৰিলে কেৱল সফলতাই নহয়, লগতে মানুহ এজনে ভৱিষ্যতৰ প্ৰতিটো ভাল আৰু বেয়া মুহূৰ্তৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ সক্ষম হয়।

চাণক্যই কৈছিল যে জীৱনত দুটা বস্তু আছে, যি দুটাৰ  অভাৱৰ বাবে এজন ব্যক্তিয়ে কেতিয়াও অনুশোচনা কৰিব নালাগে, কিয়নো ই ভৱিষ্যতে ব্যক্তিজনক দুবাৰ লাভাৱান্বিত  কৰিব। আচাৰ্য চাণক্যই  কি বিষয়ৰ বিষয়ে উল্লেখ কৰিছিল জানো আহক।

চাণক্যই কৈ গৈছে  যে যদি আপুনি কঠোৰ পৰিশ্ৰম আৰু সততাৰে কাম সমাধা কৰাৰ  পিছতো প্ৰাপ্য সন্মান বা প্ৰশংসা নাপায়, তেন্তে  দুখ নকৰিব। যদি আপুনি কামৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে কাম সম্পূৰ্ণ কৰিছে, কিন্তু তাৰ পাছতো আপুনি উপযুক্ত সন্মান আৰু প্ৰাপ্য  নাপায়, বিচলিত নহ'ব। কাৰণ  ভৱিষ্যতে এই কঠোৰ পৰিশ্ৰমে আপোনাক অধিক  উচ্চতালৈ লৈ যাঅৰ্থাৎ যদি আপুনি ভাল কামৰ বাবে খ্যাতি বা প্ৰশংসা নাপায়, তেন্তে দুখ কৰাটো সমীচিন নহয়৷যিদৰে তেল পানীৰ সৈতে মিহলি কৰিলেও  তেলে  ইয়াৰ অস্তিত্বনেহেৰুৱায় , ঠিক তেনেদৰে  এজন উদাৰ,  পৰিশ্ৰমী, সৎ আৰু মানসিকভাবে সু-সজ্জিত ব্যক্তিয়ে তেওঁৰ কামৰ জৰিয়তে পৃথিৱীত তেওঁৰ পৰিচয় সৃষ্টি গঢ়ি তুলিবলৈ সক্ষম হয়৷ তেওঁক কোনেও বাধা দি ৰাখিব নোৱাৰে৷ 

দান হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। প্ৰতিজন মানুহে তেওঁৰ সামৰ্থ্য অনুসৰি দান কৰিব লাগে, সেয়েহে যিমান সম্ভৱ দান কৰিব লাগে ৷কিন্তু এক আন্তৰিক হৃদয়েৰে দান কৰিব লাগে৷   দাতব্য ধন দান কৰাৰ আনন্দ,তেতিয়াহে পোৱা যায় যেতিয়া যিকোনো বস্তু  স্বাৰ্থপৰ উদ্দেশ্য অবিহনে দান কৰা হয়। কেতিয়াও দুখ নকৰিব যে আপোনাৰ  দান কৰাৰ ক্ষমতা তেনেই সীমিত৷ কিয়নো আপুনি নিস্বাৰ্থ মনোভাৱৰ সৈতে এমুঠি খাদ্যশস্য দান কৰিলেও হাজাৰ বাৰ দিয়াৰ দৰে একেগুণ লাভ কৰিব। দান কৰাৰ বিনিময়ত একো পোৱাৰ ইচ্ছা কৰা উচিত নহয়।দান কৰা বস্তুকলৈ কেতিয়াও অনুশোচনা বা দুখ নকৰিব৷ দেখিব সুখৃ-সম্পদেৰে ভৰি পৰিছে আপোনাৰ জীৱন৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান