--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই জীৱনৰ উন্নতিৰ বাবে বহুতো নীতি উল্লেখ কৰিছে। এই নীতিবোৰ অনুসৰণ কৰিলে জীৱনত সফলতাৰ পথ প্ৰশস্ত হয়। কঠিন পৰিস্থিতিত চাণক্যৰ এই নীতিবোৰে বুষ্টাৰ পালিৰ দৰে কাম কৰে। সেইবোৰ গ্ৰহণ কৰিলে কেৱল সফলতাই নহয়, লগতে মানুহ এজনে ভৱিষ্যতৰ প্ৰতিটো ভাল আৰু বেয়া মুহূৰ্তৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ সক্ষম হয়।

চাণক্যই কৈছিল যে জীৱনত দুটা বস্তু আছে, যি দুটাৰ  অভাৱৰ বাবে এজন ব্যক্তিয়ে কেতিয়াও অনুশোচনা কৰিব নালাগে, কিয়নো ই ভৱিষ্যতে ব্যক্তিজনক দুবাৰ লাভাৱান্বিত  কৰিব। আচাৰ্য চাণক্যই  কি বিষয়ৰ বিষয়ে উল্লেখ কৰিছিল জানো আহক।

চাণক্যই কৈ গৈছে  যে যদি আপুনি কঠোৰ পৰিশ্ৰম আৰু সততাৰে কাম সমাধা কৰাৰ  পিছতো প্ৰাপ্য সন্মান বা প্ৰশংসা নাপায়, তেন্তে  দুখ নকৰিব। যদি আপুনি কামৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে কাম সম্পূৰ্ণ কৰিছে, কিন্তু তাৰ পাছতো আপুনি উপযুক্ত সন্মান আৰু প্ৰাপ্য  নাপায়, বিচলিত নহ'ব। কাৰণ  ভৱিষ্যতে এই কঠোৰ পৰিশ্ৰমে আপোনাক অধিক  উচ্চতালৈ লৈ যাঅৰ্থাৎ যদি আপুনি ভাল কামৰ বাবে খ্যাতি বা প্ৰশংসা নাপায়, তেন্তে দুখ কৰাটো সমীচিন নহয়৷যিদৰে তেল পানীৰ সৈতে মিহলি কৰিলেও  তেলে  ইয়াৰ অস্তিত্বনেহেৰুৱায় , ঠিক তেনেদৰে  এজন উদাৰ,  পৰিশ্ৰমী, সৎ আৰু মানসিকভাবে সু-সজ্জিত ব্যক্তিয়ে তেওঁৰ কামৰ জৰিয়তে পৃথিৱীত তেওঁৰ পৰিচয় সৃষ্টি গঢ়ি তুলিবলৈ সক্ষম হয়৷ তেওঁক কোনেও বাধা দি ৰাখিব নোৱাৰে৷ 

দান হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। প্ৰতিজন মানুহে তেওঁৰ সামৰ্থ্য অনুসৰি দান কৰিব লাগে, সেয়েহে যিমান সম্ভৱ দান কৰিব লাগে ৷কিন্তু এক আন্তৰিক হৃদয়েৰে দান কৰিব লাগে৷   দাতব্য ধন দান কৰাৰ আনন্দ,তেতিয়াহে পোৱা যায় যেতিয়া যিকোনো বস্তু  স্বাৰ্থপৰ উদ্দেশ্য অবিহনে দান কৰা হয়। কেতিয়াও দুখ নকৰিব যে আপোনাৰ  দান কৰাৰ ক্ষমতা তেনেই সীমিত৷ কিয়নো আপুনি নিস্বাৰ্থ মনোভাৱৰ সৈতে এমুঠি খাদ্যশস্য দান কৰিলেও হাজাৰ বাৰ দিয়াৰ দৰে একেগুণ লাভ কৰিব। দান কৰাৰ বিনিময়ত একো পোৱাৰ ইচ্ছা কৰা উচিত নহয়।দান কৰা বস্তুকলৈ কেতিয়াও অনুশোচনা বা দুখ নকৰিব৷ দেখিব সুখৃ-সম্পদেৰে ভৰি পৰিছে আপোনাৰ জীৱন৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ