--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এটা নিৰ্মাণৰ কাম দেওবাৰে আৰম্ভ কৰিব নালাগে। দেওবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাটো অশুভ। দেওবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে অগ্নি ভয় থাকে।গৃহাৰম্ভৰ বাবে সোমবাৰটো শুভ বাৰ। এই বাৰত গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে গৃহস্থৰ সুখ-শান্তি বৃদ্ধি পায়।

মঙলবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে । কাৰণ এই বাৰটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে শুভ বাৰ হিচাপে বাস্তু শাস্ত্ৰই গণ্য নকৰে। কিন্তু গৃহস্থৰ ৰাশিচক্ৰত যদি মংগল শক্তিশালী হৈ থাকে আৰু শুক্ৰৰ সৈতে মঙ্গলৰ শুভ যোগ থাকে তেন্তে সেই ক্ষেত্ৰত মঙলবাৰেও তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে৷

বুধবৰাটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে শুভ বাৰ। কিন্তু গৃহস্থৰ ৰাশি চক্ৰত বুধ যদি লগ্নৰ অষ্টমপতি বা দ্বাদশপতি হয় তেন্তে বুধবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে। এনে ক্ষেত্ৰত বুধবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে গৃহস্থৰ মূল মানুহজনৰ আকস্মিক মৃত্যুৰ আশংকা থাকে ।
বৃহস্পতিবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰি। অৱশ্যে দিনৰ ১২ বজাৰ আগতে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে শুভ ফল লাভ কৰা যায়।

গৃহস্থৰ জন্মৰ সময়ত যদি বৃহস্পতি দুৰ্বল হৈ থাকে তেন্তে বৃহস্পতিবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ নকৰাই ভাল । এইক্ষেত্ৰত বৃহস্পতিবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে অশুভ ফলহে লাভ কৰিব ।

শুক্ৰবাৰে তেনে গৃহস্থই গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰে যি গৃহস্থৰ জন্মৰ সময়ত শুক্র শক্তিশালী হৈ থাকে। যদি গৃহস্থৰ ৰাশি চক্রত শুক্ৰ  দুৰ্বল হয় অথবা অষ্টম নাইবা দ্বাদশপতি হয় তেন্তে তেনে গৃহস্থই শুকুৰবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব নালাগে।

শনিবাৰটো গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ বাবে অশুভ বাৰ। অৱশ্যে যিসকল লোকৰ জন্মতে শনি বলবান হৈ থাকে তেওঁলোকে শনিবাৰে গৃহ নিৰ্মাণৰ কামত হাত দিব পাৰে। যিসকল লোকৰ জন্মতে শনি দুৰ্বল হৈ থাকে তেওঁলোকে শনিবাৰে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান