--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  চাণক্য মতে ৰাতিপুৱাৰ সময় অতি গুৰুত্বপূৰ্ণ, ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। কোৱা হয় যে যদি দিনটো ভালদৰে আৰম্ভ হয়, তেতিয়া সকলো কামেই হৈ যায়। চাণক্যৰ মতে দিনটোৰ শুভ আৰম্ভণিৰ বাবে কিছুমান বিশেষ কথা মানি চলিব লাগিব, তেতিয়াহে জীৱনত সফলতা লাভ কৰে আৰু ব্যক্তিজনে নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়। সময়ৰ মূল্য বুজি পোৱা সকলে জীৱনত কেতিয়াও বিফল নহয়। চাণক্যৰ মতে ৰাতিপুৱাৰ সময় অতি গুৰুত্বপূৰ্ণ, অপচয় হ’বলৈ নিদিব। প্ৰতিদিনে পুৱা সাৰ পোৱাৰ পিছত যদি চাণক্যৰ এই চাৰিটা কথা মানি চলে তেন্তে সফলতা নিশ্চিত।

সোনকালে উঠিব

দীৰ্ঘ সময় শুই থকাটো স্বাস্থ্য আৰু কেৰিয়াৰ দুয়োটাৰে বাবে ক্ষতিকাৰক। চাণক্যই কয় যে সোনকালে শুই পৰা আৰু সোনকালে উঠা সফলতাৰ প্ৰথম পদক্ষেপ। ৰাতিপুৱা সোনকালে সাৰ পালে কামবোৰ সময়মতে শেষ কৰিবলৈ সহজ হয়।

পৰিকল্পনা কৰা

চাণক্যৰ মতে, ৰাতিপুৱা সাৰ পোৱাৰ পিছত দিনটোৰ পৰিকল্পনা কৰক। যিজন ব্যক্তিয়ে গোটেই দিনটোৰ বাবে এটা প্লেন কৰে, তেওঁ লক্ষ্যত উপনীত হোৱাত কোনো সমস্যাৰ সন্মুখীন নহয়। লগতে কাম কৰাটো সহজ। ইয়াৰ দ্বাৰা সময়ৰ অপচয় নহ’ব আৰু সকলো কাম সময়মতে সম্পূৰ্ণ হ’ব।

সময় ব্যৱস্থাপনা

সময় অতি মূল্যৱান গতিকে বুদ্ধিমানৰূপে ব্যৱহাৰ কৰক। চাণক্যই কৈছে যে যি ৰূপৰেখা প্ৰস্তুত কৰা হৈছে, সেই সকলো কাম সময়মতে সম্পূৰ্ণ হ’ব লাগে। কাইলৈৰ বাবে কেতিয়াও কোনো কাম পিছুৱাই নিদিব। এনে কৰিলে সফলতা লাভ কৰিব নোৱাৰি। যদি আপুনি সপোনক সাৰ্থক কৰি তুলিব বিচাৰে, তেন্তে টাইম টেবুল অনুসৰণ কৰক, ই কেৱল সফলতাই নহয়, সম্পদ আৰু সন্মানো কঢ়িয়াই আনিব।

স্বাস্থ্য

চাণক্যই কয় যে স্বাস্থ্যৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰিব, কাৰণ স্বাস্থ্যৰ প্ৰতি অসাৱধান হ’লে ৰোগে আপোনাক আগুৰি ধৰে। ৰোগীয়ে বিচৰাৰ পিছতো নিজৰ লক্ষ্যত উপনীত হ’ব পৰা নাই। শৰীৰত শক্তি থাকিব, তেতিয়াহে ই কাম কৰিবলৈ সক্ষম হ’ব। সেয়ে যোগাসন কৰক, দৈনিক ব্যায়াম কৰক, পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু