--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰাচীন কালৰে পৰা প্ৰসাধন সামগ্ৰীৰ তালিকাত এটা উল্লেখযোগ্য বস্তুৰ নাম পোৱা যায়, অৰ্থাৎ গোলাপৰ পাহি। ৰাণীসকলেও এই গোলাপ পানীৰে গা ধুইছিল বা মুখত গোলাপৰ পাহি লগাইছিল। সেইবাবেই তেওঁলোক অদ্ভুত সৌন্দৰ্য্যৰ গৰাকী আছিল। ব্যস্ত জীৱনত কিছু সময় উলিয়াই আপুনিও পাৰিলেও এই গোলাপৰ পাহিৰে কেইটামান ফেচপেক বনাব পাৰি চাওঁ আহক।

১) গোলাপৰ পাহি, টেঙা দৈ আৰু মৌঃ–সকলো উপাদান হাতেৰে খুব ভালদৰে মিহলাই লওক। তাৰ পাছত মুখ, ডিঙি, পিঠিত ভালদৰে লগাই আধা ঘণ্টাৰ পাছত ধুই পেলাব লাগে। সপ্তাহত তিনিদিন কৰিলেই যথেষ্ট, উপকাৰ পাব।

২) গোলাপৰ পাহি, মুলতানী মাটি, বেচনঃ–সকলোবোৰ উপাদান খুব ভালকৈ মিহলাই লওক। প্ৰয়োজন হ’লে অলপ পানী দিব পাৰে, তাৰ পাছত প্ৰতিটো মিশ্ৰিত উপাদান অতি ভালদৰে মুখ আৰু ডিঙিত লগাই আধা ঘণ্টা বাবে ৰাখিব পাৰে। সপ্তাহত দুবাৰকৈ এই ফেচপেক ব্যৱহাৰ কৰিলে ছালৰ মৃত কোষবোৰ সহজে আঁতৰি আপোনাৰ মুখৰ ছাল উজ্জ্বল কৰি তুলিব।

৩ ) গোলাপৰ পাহি আৰু গাখীৰৰ খৰঃ–গাখীৰৰ খৰৰ লগত গোলাপৰ পাহি ভালদৰে মিহলাই ল’ব। এতিয়া মিশ্ৰণখিনি মুখ, পিঠি, ডিঙি, হাতত খুব ভালকৈ লগাব লাগে। গা ধোৱাৰ আগতে যদি আপুনি প্ৰতিদিনে এবাৰ এই কাম কৰিব পাৰে তেন্তে আপোনাৰ ছালখন অতি কোমল হৈ পৰিব। যিসকলৰ ছালৰ শুকান হোৱাৰ সমস্যা আছে তেওঁলোকৰ বাবে গাখীৰে ছালখন অধিক সুন্দৰ আৰু মইশ্ব’ৰাইজ কৰি তুলিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু