--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্য নীতিত ধন উপাৰ্জনৰ পৰা ইয়াৰ ব্যৱহাৰলৈকে সঠিক নিৰ্দেশনা দিয়া হৈছে। আচাৰ্য্য চাণক্যই কৈছে যে কোনো কোনো ঠাইত টকা খৰচ কৰাত কৃপণালি কৰিব নালাগে। এইবোৰ ঠাইত টকা খৰচ কৰিলে ব্যক্তিজনৰ প্ৰতিপত্তি বাঢ়ি যায়, লগতে দেৱ-দেৱীৰ কৃপাত তেওঁ জীৱনত বহু ধন অৰ্জন কৰিব পাৰে। কত মুক্তমনে অলপো কৃপণালি নকৰাকৈ টকা খৰচ কৰিব লাগে জানো আহক।

১)ৰোগীক সহায় কৰাত কেতিয়াও কৃপণালি নকৰিব। ৰোগীক সহায় কৰিবলৈ ধন খৰচ কৰিলে বহুত পূণ্য অৰ্জন কৰা যায়। এনে ব্যক্তিয়ে ৰোগীৰ আশীৰ্বাদ পায় আৰু ভগৱানো সন্তুষ্ট হয়।

২)দুখীয়া মানুহৰ বাবে খাদ্য-পানীৰ ব্যৱস্থা কৰাত কেতিয়াও কৃপণালি নকৰিব। আৰ্তজনৰ পেট ভৰোৱাটো এক অতি পূণ্যৰ কাম। এনে কামত সদায় মুকলিকৈ দান কৰক।

৩)দুখীয়া শিশুৰ শিক্ষাৰ বাবে সদায় হাত মুকলি কৰি দিব লাগে। ইয়াৰ লগে লগে দেশে এজন শিক্ষিত নাগৰিক লাভ কৰে আৰু সেই সন্তানৰ জীৱনটোও সমৃদ্ধ হয়। শিক্ষা অনুদান ধৰ্মত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

৪)সামাজিক কামত সদায় মুক্তভাৱে খৰচ কৰক। চিকিৎসালয় বা বিদ্যালয় নিৰ্মাণৰ কথাই হওক বা তেনে কোনো ভাল কামত খৰচ কৰাৰ কথাই হওক। এনে কৰিলে সমাজৰ ৰাইজ উপকৃত হয় আৰু তেওঁলোকৰ চকুত আপোনালোকৰ সন্মান বাঢ়ি যায়। এনে কৰিলে দেৱ-দেৱীৰো আশীৰ্বাদ পোৱা যায়, ফলত জীৱনত বহুত উন্নতি কৰিব পাৰে।

৫)ধৰ্মীয় কামতো সদায় মুক্তভাৱে খৰচ কৰিব লাগে। মন্দিৰ নিৰ্মাণৰ বাবে, যজ্ঞ-অনুষ্ঠানৰ বাবে বা সাধু-সন্ত, পূজাৰীসকলৰ সেৱাত কেতিয়াও ধন খৰচ কৰাত কৃপণালি নকৰিব। মুক্ত মনে এনে কৰিলে ভগৱানৰ বিশেষ আশীৰ্বাদ পোৱা যায়, ফলত জীৱনলৈ সৌভাগ্যৰ আগমন ঘটে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক