--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্য নীতিত ধন উপাৰ্জনৰ পৰা ইয়াৰ ব্যৱহাৰলৈকে সঠিক নিৰ্দেশনা দিয়া হৈছে। আচাৰ্য্য চাণক্যই কৈছে যে কোনো কোনো ঠাইত টকা খৰচ কৰাত কৃপণালি কৰিব নালাগে। এইবোৰ ঠাইত টকা খৰচ কৰিলে ব্যক্তিজনৰ প্ৰতিপত্তি বাঢ়ি যায়, লগতে দেৱ-দেৱীৰ কৃপাত তেওঁ জীৱনত বহু ধন অৰ্জন কৰিব পাৰে। কত মুক্তমনে অলপো কৃপণালি নকৰাকৈ টকা খৰচ কৰিব লাগে জানো আহক।

১)ৰোগীক সহায় কৰাত কেতিয়াও কৃপণালি নকৰিব। ৰোগীক সহায় কৰিবলৈ ধন খৰচ কৰিলে বহুত পূণ্য অৰ্জন কৰা যায়। এনে ব্যক্তিয়ে ৰোগীৰ আশীৰ্বাদ পায় আৰু ভগৱানো সন্তুষ্ট হয়।

২)দুখীয়া মানুহৰ বাবে খাদ্য-পানীৰ ব্যৱস্থা কৰাত কেতিয়াও কৃপণালি নকৰিব। আৰ্তজনৰ পেট ভৰোৱাটো এক অতি পূণ্যৰ কাম। এনে কামত সদায় মুকলিকৈ দান কৰক।

৩)দুখীয়া শিশুৰ শিক্ষাৰ বাবে সদায় হাত মুকলি কৰি দিব লাগে। ইয়াৰ লগে লগে দেশে এজন শিক্ষিত নাগৰিক লাভ কৰে আৰু সেই সন্তানৰ জীৱনটোও সমৃদ্ধ হয়। শিক্ষা অনুদান ধৰ্মত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

৪)সামাজিক কামত সদায় মুক্তভাৱে খৰচ কৰক। চিকিৎসালয় বা বিদ্যালয় নিৰ্মাণৰ কথাই হওক বা তেনে কোনো ভাল কামত খৰচ কৰাৰ কথাই হওক। এনে কৰিলে সমাজৰ ৰাইজ উপকৃত হয় আৰু তেওঁলোকৰ চকুত আপোনালোকৰ সন্মান বাঢ়ি যায়। এনে কৰিলে দেৱ-দেৱীৰো আশীৰ্বাদ পোৱা যায়, ফলত জীৱনত বহুত উন্নতি কৰিব পাৰে।

৫)ধৰ্মীয় কামতো সদায় মুক্তভাৱে খৰচ কৰিব লাগে। মন্দিৰ নিৰ্মাণৰ বাবে, যজ্ঞ-অনুষ্ঠানৰ বাবে বা সাধু-সন্ত, পূজাৰীসকলৰ সেৱাত কেতিয়াও ধন খৰচ কৰাত কৃপণালি নকৰিব। মুক্ত মনে এনে কৰিলে ভগৱানৰ বিশেষ আশীৰ্বাদ পোৱা যায়, ফলত জীৱনলৈ সৌভাগ্যৰ আগমন ঘটে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ