--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আচাৰ্য্য চাণক্যই কেৱল অৰ্থনীতি, ৰাজনীতিৰ কথা কোৱাই নহয়, দৈনন্দিন জীৱনত বিপদৰ পৰা হাত সাৰিবলৈ বহু উপায়ো দি থৈ গৈছে। কূটনীতিৰ বিশেষজ্ঞ চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত শত্ৰুৰ আক্ৰমণৰ পৰা কেনেকৈ হাত সাৰিব পাৰি, সেইসকল লোক কোন; যাৰ পৰা সদায় আঁতৰত থাকিব লাগে সেই কথা কৈছে। চাণক্য নীতিয়ে কয় যে প্ৰতিজন ব্যক্তিয়ে কেতিয়াও ৩ প্ৰকাৰৰ লোকৰ পৰা সহায় বিচাৰিব নালাগে। সদায় তেওঁলোকৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। অন্যথা এই মানুহবোৰ শত্ৰুতকৈ বেছি মাৰাত্মক বুলি প্ৰমাণিত হয়।

চাণক্য নীতিত কোৱা হৈছে যে যদি এজন ব্যক্তি ডাঙৰ বিপদত আবদ্ধ হয়, তেন্তে তেওঁ কেতিয়াও ৩ প্ৰকাৰৰ লোকৰ পৰা সহায় বিচাৰিব নালাগে। এই লোকসকলৰ পৰা সহায় বিচৰাটো ভৰিত কুঠাৰ মাৰি দিয়াৰ দৰে কাৰণ এই মানুহবোৰে শত্ৰুতকৈ অধিক বিপদজনক ক্ষতি কৰে।

১)স্বাৰ্থপৰ মানুহ: চাণক্য নীতিয়ে কৈছে যে মতলবী মানুহে কেতিয়াও আপোনাৰ কোনো উপকাৰ নকৰে। সন্মুখত ভাল হৈ থাকি কেৱল বেয়াহে কৰিব। 
আপুনি যিমানেই বিপদত নপৰক কিয় স্বাৰ্থপৰ মানুহৰ পৰা কেতিয়াও সহায় নিবিচাৰিব।

২)ঈৰ্ষাপৰায়ণ মানুহ: যিসকলে আনৰ প্ৰতি ঈৰ্ষা কৰে তেওঁলোকে কেতিয়াও কাৰো উপকাৰ নকৰে। তেওঁলোকে আপোনাৰ সন্মুখত যিমানেই সহায় কৰাৰ অভিনয় নকৰক কিয়, তেওঁলোকে আপোনাক সফল হোৱাত বাধা দিবলৈ অশেষ চেষ্টা কৰিব। গতিকে এনে মানুহৰ ওচৰলৈ সহায় বিচাৰি কেতিয়াও নাযাব।

৩)খঙাল ব্যক্তি: খঙৰ ওপৰত কোনো নিয়ন্ত্ৰণ নথকা ব্যক্তিৰ পৰা কেতিয়াও সহায় নিবিচাৰিব কাৰণ এনে অনিয়ন্ত্ৰিত ব্যক্তিয়ে আপোনাৰ অসুবিধা কমোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে কৰিব। এনে ব্যক্তিৰ লগত বন্ধুত্ব বা শত্ৰুতা একো নকৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু