--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আচাৰ্য্য চাণক্যই কেৱল অৰ্থনীতি, ৰাজনীতিৰ কথা কোৱাই নহয়, দৈনন্দিন জীৱনত বিপদৰ পৰা হাত সাৰিবলৈ বহু উপায়ো দি থৈ গৈছে। কূটনীতিৰ বিশেষজ্ঞ চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত শত্ৰুৰ আক্ৰমণৰ পৰা কেনেকৈ হাত সাৰিব পাৰি, সেইসকল লোক কোন; যাৰ পৰা সদায় আঁতৰত থাকিব লাগে সেই কথা কৈছে। চাণক্য নীতিয়ে কয় যে প্ৰতিজন ব্যক্তিয়ে কেতিয়াও ৩ প্ৰকাৰৰ লোকৰ পৰা সহায় বিচাৰিব নালাগে। সদায় তেওঁলোকৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। অন্যথা এই মানুহবোৰ শত্ৰুতকৈ বেছি মাৰাত্মক বুলি প্ৰমাণিত হয়।

চাণক্য নীতিত কোৱা হৈছে যে যদি এজন ব্যক্তি ডাঙৰ বিপদত আবদ্ধ হয়, তেন্তে তেওঁ কেতিয়াও ৩ প্ৰকাৰৰ লোকৰ পৰা সহায় বিচাৰিব নালাগে। এই লোকসকলৰ পৰা সহায় বিচৰাটো ভৰিত কুঠাৰ মাৰি দিয়াৰ দৰে কাৰণ এই মানুহবোৰে শত্ৰুতকৈ অধিক বিপদজনক ক্ষতি কৰে।

১)স্বাৰ্থপৰ মানুহ: চাণক্য নীতিয়ে কৈছে যে মতলবী মানুহে কেতিয়াও আপোনাৰ কোনো উপকাৰ নকৰে। সন্মুখত ভাল হৈ থাকি কেৱল বেয়াহে কৰিব। 
আপুনি যিমানেই বিপদত নপৰক কিয় স্বাৰ্থপৰ মানুহৰ পৰা কেতিয়াও সহায় নিবিচাৰিব।

২)ঈৰ্ষাপৰায়ণ মানুহ: যিসকলে আনৰ প্ৰতি ঈৰ্ষা কৰে তেওঁলোকে কেতিয়াও কাৰো উপকাৰ নকৰে। তেওঁলোকে আপোনাৰ সন্মুখত যিমানেই সহায় কৰাৰ অভিনয় নকৰক কিয়, তেওঁলোকে আপোনাক সফল হোৱাত বাধা দিবলৈ অশেষ চেষ্টা কৰিব। গতিকে এনে মানুহৰ ওচৰলৈ সহায় বিচাৰি কেতিয়াও নাযাব।

৩)খঙাল ব্যক্তি: খঙৰ ওপৰত কোনো নিয়ন্ত্ৰণ নথকা ব্যক্তিৰ পৰা কেতিয়াও সহায় নিবিচাৰিব কাৰণ এনে অনিয়ন্ত্ৰিত ব্যক্তিয়ে আপোনাৰ অসুবিধা কমোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে কৰিব। এনে ব্যক্তিৰ লগত বন্ধুত্ব বা শত্ৰুতা একো নকৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী