--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাপৰ হোৱাৰ বাবেই জীৱনলৈ প্ৰেম অহা নাছিল। ৪১ বছৰীয়া মোজেছ গিবছনে সেয়ে ওখ হোৱাৰ সিদ্ধান্ত লয়। তেওঁ ওখ হ’বলৈ কোনো প্ৰচেষ্টা চলালে। প্ৰথমে এজন আধ্যাত্মিক গুৰুৰ ওচৰত আশ্ৰয় লৈছিল। গুৰুৱে দিয়া বনৌষধি খালে যদিও যুৱকজন চাপৰ হৈয়েই থাকিল।

অৱশেষত তেওঁ বহুত টকা খৰচ কৰি অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত ল’লে। ইয়াৰ ফলো পালে। ভাৰতীয় মুদ্ৰাত প্ৰায় ডেৰ কোটি টকা খৰচ কৰি দুটাকৈ অস্ত্ৰোপচাৰ কৰি যুৱকজনে নিজৰ উচ্চতা পাঁচ ইঞ্চি বৃদ্ধি কৰে। আমেৰিকাৰ মিনেছ’টাৰ নিবাসী এই যুৱকজন।

গিবছনে তেওঁৰ উচ্চতাৰ কাহিনী শেহতীয়াকৈ ৰাজহুৱা কৰিছে। তেওঁ কয়- "পাঁচফুট পাঁচ ইঞ্চি ওখ হোৱাৰ বাবে মই কাৰোবাক প্ৰপ'জ দিবলৈ দ্বিধাবোধ কৰিছিলোঁ। প্ৰত্যাখ্যানৰ ভয় আছিল।”

গিবছনে প্ৰথমে যিজন আধ্যাত্মিক গুৰুৰ ওচৰলৈ ওখ হ’বলৈ গৈছিল, তেওঁ গিবছনক কিছুমান বনৌষধি দিছিল আৰু ক’লে যে যদি তেওঁ হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰে তেন্তে তেওঁ ওখ হ’ব। কিন্তু বাস্তৱত সেয়া নহ’ল।

শেষত বন্ধু এজনৰ পৰামৰ্শ মতে চিকিৎসকৰ ওচৰলৈ গৈছিল। ২০১৬ চনত চিকিৎসকে অস্ত্ৰোপচাৰ কৰি দুয়ো ভৰিৰ ফেমাৰৰ উচ্চতা ৩ ইঞ্চি বৃদ্ধি কৰিছিল। তাৰ বাবে গিবছনে প্ৰায় ৭৫ হাজাৰ আমেৰিকান ডলাৰ খৰচ কৰিবলগীয়া হৈছিল।

কিন্তু ইয়াতেই শেষ নহ’ল, ব্যায়াম আৰু যোগাসনৰ জৰিয়তে সুস্থ হৈ উঠাৰ পিছত গিবছনে পুনৰ উচ্চতা বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’লে। যোৱা মাৰ্চ মাহত তেওঁ একেজন চিকিৎসকৰ সৈতে যোগাযোগ কৰি আন এটা অস্ত্ৰোপচাৰৰ বাবে ৯৮ হাজাৰ আমেৰিকান ডলাৰ খৰচ কৰিছিল। দ্বিতীয়টো অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি পালে।

ইয়াৰ পূৰ্বে গিবছনৰ উচ্চতা আছিল ৫ ফুট ৫ ইঞ্চি। এতিয়া ৫ ফুট ১০ ইঞ্চি। কিন্তু তাৰ পাছতো তেওঁ কৈছে- ৫ ফুট ১১ ইঞ্চি উচ্চতা হোৱা হ’লে ভাল হ’লহেঁতেন!

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা