--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাপৰ হোৱাৰ বাবেই জীৱনলৈ প্ৰেম অহা নাছিল। ৪১ বছৰীয়া মোজেছ গিবছনে সেয়ে ওখ হোৱাৰ সিদ্ধান্ত লয়। তেওঁ ওখ হ’বলৈ কোনো প্ৰচেষ্টা চলালে। প্ৰথমে এজন আধ্যাত্মিক গুৰুৰ ওচৰত আশ্ৰয় লৈছিল। গুৰুৱে দিয়া বনৌষধি খালে যদিও যুৱকজন চাপৰ হৈয়েই থাকিল।

অৱশেষত তেওঁ বহুত টকা খৰচ কৰি অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত ল’লে। ইয়াৰ ফলো পালে। ভাৰতীয় মুদ্ৰাত প্ৰায় ডেৰ কোটি টকা খৰচ কৰি দুটাকৈ অস্ত্ৰোপচাৰ কৰি যুৱকজনে নিজৰ উচ্চতা পাঁচ ইঞ্চি বৃদ্ধি কৰে। আমেৰিকাৰ মিনেছ’টাৰ নিবাসী এই যুৱকজন।

গিবছনে তেওঁৰ উচ্চতাৰ কাহিনী শেহতীয়াকৈ ৰাজহুৱা কৰিছে। তেওঁ কয়- "পাঁচফুট পাঁচ ইঞ্চি ওখ হোৱাৰ বাবে মই কাৰোবাক প্ৰপ'জ দিবলৈ দ্বিধাবোধ কৰিছিলোঁ। প্ৰত্যাখ্যানৰ ভয় আছিল।”

গিবছনে প্ৰথমে যিজন আধ্যাত্মিক গুৰুৰ ওচৰলৈ ওখ হ’বলৈ গৈছিল, তেওঁ গিবছনক কিছুমান বনৌষধি দিছিল আৰু ক’লে যে যদি তেওঁ হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰে তেন্তে তেওঁ ওখ হ’ব। কিন্তু বাস্তৱত সেয়া নহ’ল।

শেষত বন্ধু এজনৰ পৰামৰ্শ মতে চিকিৎসকৰ ওচৰলৈ গৈছিল। ২০১৬ চনত চিকিৎসকে অস্ত্ৰোপচাৰ কৰি দুয়ো ভৰিৰ ফেমাৰৰ উচ্চতা ৩ ইঞ্চি বৃদ্ধি কৰিছিল। তাৰ বাবে গিবছনে প্ৰায় ৭৫ হাজাৰ আমেৰিকান ডলাৰ খৰচ কৰিবলগীয়া হৈছিল।

কিন্তু ইয়াতেই শেষ নহ’ল, ব্যায়াম আৰু যোগাসনৰ জৰিয়তে সুস্থ হৈ উঠাৰ পিছত গিবছনে পুনৰ উচ্চতা বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’লে। যোৱা মাৰ্চ মাহত তেওঁ একেজন চিকিৎসকৰ সৈতে যোগাযোগ কৰি আন এটা অস্ত্ৰোপচাৰৰ বাবে ৯৮ হাজাৰ আমেৰিকান ডলাৰ খৰচ কৰিছিল। দ্বিতীয়টো অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি পালে।

ইয়াৰ পূৰ্বে গিবছনৰ উচ্চতা আছিল ৫ ফুট ৫ ইঞ্চি। এতিয়া ৫ ফুট ১০ ইঞ্চি। কিন্তু তাৰ পাছতো তেওঁ কৈছে- ৫ ফুট ১১ ইঞ্চি উচ্চতা হোৱা হ’লে ভাল হ’লহেঁতেন!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস