--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেপচিকাম চৰ্বি, প্ৰ’টিন, ভিটামিন এ, বিটা কেৰ’টিন, লিউটিন, জিয়াজেন্থিন, ভিটামিন বি১, বি২, বি৩, বি৫, বি৬, বি৯, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটাছিয়াম, ছ’ডিয়াম, জিংক আদি পুষ্টিতত্বৰে ভৰপূৰ।

ডিজিটেল ডেস্কঃ কেপচিকাম এবিধ জনপ্ৰিয় পাচলি।  স্বাস্থ্যৰ বাবে বৰ উপকাৰী কেপচিকাম। কেপচিকাম সর্বপ্রথমে পোৱা গৈছিল দক্ষিণ আৰু মধ্য আমেৰিকাত। এতিয়া সমগ্র বিশ্বতে ইয়াৰ খেতি কৰা হয়।

বিভিন্ন ধৰণৰ খাদ্য তথা ব্যঞ্জন প্রস্তুত কৰাত কেপচিকামৰ ব্যৱহাৰ কৰা হয়। ইয়াৰে কিছুমানত কেঁচা আৰু কিছুমানত সিজোৱা কেপচিকাম 'ব্যৱহাৰ কৰা হয়। 


পৃথিৱীৰ বিভিন্ন ঠাইত হালধীয়া, সেউজীয়া, কমলা, ৰঙা, বেঙুনীয়া আদি বিভিন্ন ৰঙৰ কেপচিকাম পোৱা যায়। কিন্তু আমাৰ বজাৰত এতিয়ালৈকে সেউজীয়া, ৰঙা আৰু হালধীয়া ৰঙৰ কেপচিকামহে উপলব্ধ। সেউজীয়াবিধ বেছিকৈ বজাৰত দেখিবলৈ পোৱা যায়।


ব্ৰিটিছসকলে তেওঁলোকৰ ৰাজত্বকালত ভাৰতত কেপচিকামৰ ব্যৱহাৰ আৰম্ভ কৰিছিল বুলি কোৱা হয়। ভাৰতত ব্ৰিটিছ শাসনকালত চিমলা দেশৰ ৰাজধানী আছিল। কেপচিকামৰ বীজ ব্ৰিটিছসকলে ইউৰোপৰ পৰা আনিছিল আৰু অনুকূল পৰিৱেশ থকা পাহাৰীয়া অঞ্চলবোৰত কেপচিকামৰ খেতি বাঢ়ি গৈ আছিল।


কেপচিকাম চৰ্বি, প্ৰ’টিন, ভিটামিন এ, বিটা কেৰ’টিন, লিউটিন, জিয়াজেন্থিন, ভিটামিন বি১, বি২, বি৩, বি৫, বি৬, বি৯, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটাছিয়াম, ছ’ডিয়াম, জিংক আদি পুষ্টিতত্বৰে ভৰপূৰ। এসময়ত দক্ষিণ আৰু মধ্য আমেৰিকাত কেপচিকামৰ খেতি কৰা হৈছিল যদিও এতিয়া গোটেই বিশ্বজুৰি ইয়াৰ খেতি কৰা হয়।


কেপচিকামৰ স্বাস্থ্য উপকাৰী গুণ


১) কেচিকামত তেজ গোট মৰাত সহায় কৰা পদাৰ্থ থাকে।


২) কেপচিকাম হাঁড়ৰ বাবেও অতি উপকাৰী।


৩) কেচিকামে খাদ্যত উন্নত হোৱা, দেহৰ বাবে অনিষ্টকাৰী বেক্টেৰিয়াৰ সৈতে যুঁজ কৰে।


৪) গৱেষণাতো পোৱা গৈছে যে কেপচিকামত কেন্সাৰ প্ৰতিৰোধকাৰী উপাদান আছে।


৫) কেপচিকামে আমাৰ দেহৰ তেজত থকা ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ কমাই বিপাক কাৰ্য বৃদ্ধি কৰে আৰু ই কেল’ৰি হ্ৰাস কৰে।


৬) কেপচিকামত থকা কেপচাইচিন নামৰ যৌদবিধে ছালৰপৰা ৰাজহাড়লৈ বিষ বিয়পি যোৱাত বাধা দিয়ে। সেয়েহে শল্য চিকিৎসা হৈ যোৱা বা হাৰ্পিছত ভোগা ব্যক্তিসকলে নিজৰ খাদ্য তালিকাত কেপচিকাম অন্তৰ্ভুক্ত কৰিলে ভাল ফল পায়।


৭) আৰ্থ্ৰাইটিছ ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা এবিধ ক্ৰীম প্ৰস্তুতকৰণত কেপচিকাম ব্যৱহাৰ কৰা হয়।


৮) কেপচিকামে ত্বক পৰিষ্কাৰ কৰি ৰখাৰ লগতে ৰঙা দাগ আৰু শালমইনা হোৱাত বাধা দিয়ে।


৯) কেপচিকামত চৰ্বি, ক’লেষ্টেৰ’ল আৰু কেল’ৰি তেনেই কম পৰিমাণে থাকে।


১০) কেপচিকামে পাকস্থলীৰ উৎসেচকৰ নিঃসৰণ বৃদ্ধি কৰি পাচন ক্ৰিয়া বৃদ্ধি কৰে।


১১) ইয়াত থকা ভিটামিন ‘এ’ হৈছে চকুৰ বাবে উপকাৰী আৰু চকুৰ ৰোগ হোৱাত বাধা দিয়ে।


১২) কেপচিকামে হৈছে ভিটামিন ‘এ’ আৰু ‘চি’ৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ