--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপকাই হওঁক বা কেঁচাই হওঁক অমিতাৰ আছে বহু উপকাৰী গুণ। স্থানীয় ভাবে উৎপাদন হোৱা বহু শাক-পাচলিৰ পুষ্টি তথা ঔষধি গুণ অনেক। এনেবোৰ শাক, পাচলি নিয়মিত ভাবে খাব পাৰিলে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে ইতিমধ্যে দেহত বাহ লোৱা বহু ৰোগ নিৰাময়তো সহায়ক হয়। এনে ফল তথা পাচলিৰ ভিতৰত অমিতা অন্যতম।  অমিতাক ফল আৰু পাচলিৰূপে দুয়ো ধৰণে ব্যৱহাৰ কৰিব পাৰিব।

 কেঁচাকৈ আৰু পাচলিৰূপে সিদ্ধ কৰি অমিতা খোৱা দেখা যায়। ফল আৰু পাচলি হিচাপে অমিতাৰ বহুতো ঔষধি গুণ আছে।

কেঁচা অমিতা খালে মানুহৰ ছালখন অতি মসৃণ হৈ থাকে। কেঁচা আৰু পকা অমিতা পেটৰ ৰোগ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয়। অমিতাৰ জুচে বদহজম,কৌষ্ঠকাঠিন্য, পেটৰ বিষ আদি পেটৰ ৰোগ নিৰাময় কৰাতসহায় কৰে।


পকা অমিতাৰ জুচ খালে দেহৰ সতেজতাও বৃদ্ধি পায়।
 
কিশোৰ-কিশোৰী আৰু মহিলাসকলে গা ধোৱা পানীত এটুকুৰা অমিতা ডুবাই লৈ গা ধুব পাৰিলে ভাল। অমিতা খালে পাচনক্ৰিয়া সঠিকমতে হয়।

ডায়েবেটিছ ৰোগীৰ বাবেও অমিতা অতি উপাদেয়। অমিতাত ভিটামিন ‘চি’ আৰু প’টেছিয়াম, মেগনেছিয়াম আদিৰ লগতে ভিটামিন ‘বি’ও পোৱা যায়। ভিটামিন এ’ও উপলব্ধ হয় অমিতাত।

অমিতাৰ আঁহোবাৰ এখন ডাঙৰ চামুচত মৌ ৰস মিহলাই গালত ঘঁহি ১০ মিনিটমানৰ পিছত ঠাণ্ডা পানীৰে ধুই দিলে মুখৰ চাল অতি সতেজ হৈ থকাৰ লগতে মসৃণ কৰি ৰাখে। অমিতা খালে শৰীৰ সবল কৰাৰ লগতে শক্তি অটুট  ৰাখে। অমিতা খালে পেট চাফা কৰি ৰখাতো  সহায়ক হয়। ঋতুস্ৰাৱৰ সময়ত বিষ অনুভৱ কৰা মহিলাই অমিতা খালে বিষৰ পৰা উপশম পাব পাৰে।

অমিতাই অম্লপিত্তৰ পৰা মানুহক সকাহ দিব পাৰে। কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা এণ্টি অক্সিডেণ্টো ইয়াত প্ৰচুৰ পৰিমাণে থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ