--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লক্ষ্ণৌৰ পৰা কলকাতালৈ আহি আছিল বিমানখন। কিন্তু লক্ষ্ণৌৰ চৰণ সিং বিমানবন্দৰৰ ৰাণৱে’ত বিমানখনৰ মুখতে এটা চৰাইয়ে খুন্দা মাৰে। বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, চৰাইয়ে খুন্দা মৰাৰ ফলস্বৰূপে এয়াৰ এছিয়া কোম্পানীটোৰ বিমান যাত্ৰা বাতিল কৰা হয়। যাত্ৰীসকলৰ বাবে বিকল্প ব্যৱস্থা কৰা হৈছে।

বিমানবন্দৰৰ মুখপাত্ৰ ৰূপেশ কুমাৰে কয়, ''ৰাণৱেত পুৱা ১১ বজাত এটা চৰাইয়ে বিমানখনত খুন্দা মাৰে। ইয়াৰ পিছত পাইলটে এয়াৰ এছিয়াৰ বিমানখন ৰখাই দিয়ে। বিমানখন উৰণৰ ঠিক আগতেই এনেকুৱা হৈছিল। বিমানখনক পুনৰ বিমানকোঠলৈ অনা হয়। নিৰাপদে বিমানখনৰ পৰা নামি আহিল যাত্ৰীসকল।’’ ৰূপেশে কয় যে বিমানখনত ১৮০ জন যাত্ৰী আছিল।

উল্লেখ্য যে যোৱা বছৰো আকাশা এয়াৰলাইন্সৰ এখন বিমানে আকাশৰ মাজত চৰাইৰ আঘাতৰ বাবে জৰুৰী অৱতৰণ কৰিছিল। আহমেদাবাদৰ পৰা দিল্লীলৈ গৈ আছিল বিমানখন। ১৯ হাজাৰ ফুট উচ্চতাত খুন্দা মাৰিছিল এটা চৰাইয়ে। ফলত বয়িং বিমানৰ ইঞ্জিনৰ যথেষ্ট ক্ষতি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু