--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লক্ষ্ণৌৰ পৰা কলকাতালৈ আহি আছিল বিমানখন। কিন্তু লক্ষ্ণৌৰ চৰণ সিং বিমানবন্দৰৰ ৰাণৱে’ত বিমানখনৰ মুখতে এটা চৰাইয়ে খুন্দা মাৰে। বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, চৰাইয়ে খুন্দা মৰাৰ ফলস্বৰূপে এয়াৰ এছিয়া কোম্পানীটোৰ বিমান যাত্ৰা বাতিল কৰা হয়। যাত্ৰীসকলৰ বাবে বিকল্প ব্যৱস্থা কৰা হৈছে।

বিমানবন্দৰৰ মুখপাত্ৰ ৰূপেশ কুমাৰে কয়, ''ৰাণৱেত পুৱা ১১ বজাত এটা চৰাইয়ে বিমানখনত খুন্দা মাৰে। ইয়াৰ পিছত পাইলটে এয়াৰ এছিয়াৰ বিমানখন ৰখাই দিয়ে। বিমানখন উৰণৰ ঠিক আগতেই এনেকুৱা হৈছিল। বিমানখনক পুনৰ বিমানকোঠলৈ অনা হয়। নিৰাপদে বিমানখনৰ পৰা নামি আহিল যাত্ৰীসকল।’’ ৰূপেশে কয় যে বিমানখনত ১৮০ জন যাত্ৰী আছিল।

উল্লেখ্য যে যোৱা বছৰো আকাশা এয়াৰলাইন্সৰ এখন বিমানে আকাশৰ মাজত চৰাইৰ আঘাতৰ বাবে জৰুৰী অৱতৰণ কৰিছিল। আহমেদাবাদৰ পৰা দিল্লীলৈ গৈ আছিল বিমানখন। ১৯ হাজাৰ ফুট উচ্চতাত খুন্দা মাৰিছিল এটা চৰাইয়ে। ফলত বয়িং বিমানৰ ইঞ্জিনৰ যথেষ্ট ক্ষতি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক