--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱকিশোৰ দাসলৈ উদ্দেশ্যি গুলীচালনাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, এজন সহকাৰী আৰক্ষী উপ-পৰিদৰ্শকে এই গুলীচালনা কৰে। ওড়িশাৰ ঝাৰছুগুদা জিলাৰ ব্ৰজৰাজনগৰৰ গান্ধী চ’কৰ সমীপত দেওবাৰে পুৱা সংঘটিত হয় এই ঘটনা। স্বাস্থ্যমন্ত্ৰীজনৰ বুকুত দুবাৰকৈ গুলী লাগিছিল।

গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় স্বাস্থ্যমন্ত্ৰীজনক। অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক ঝাৰছুগুদা বিমানবন্দৰলৈ লৈ যোৱা হয়। তাৰ পৰাই তেওঁক বিমানেৰে ভুৱনেশ্বৰৰ এখন চিকিৎসালয়লৈ নিয়া হয়।

জানিব পৰা মতে, দেওবাৰে পুৱা গান্ধী চকত এখনি মুকলি সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল নৱকিশোৰে। মন্ত্ৰীগৰাকীক আদৰিবলৈ মানুহৰ ভীৰ হয়। ভীৰৰ মাজৰ পৰা বন্দুকৰ গুলীৰ শব্দ শুনা যায়। ইয়াৰ পিছতে দেখা যায় গুলি চলোৱাৰ পাছতে এজন পুলিচে পলায়ন কৰিছে।

ব্ৰজৰাজনগৰ মহকুমা আৰক্ষী বিষয়া গুপ্তেশ্বৰ ভৈয়ে ঘটনা সংক্ৰান্তত কয়, ‘সহকাৰী মহকুমা পৰিদৰ্শক গোপাল দাসে গুলীচালনা কৰে। গুৰুতৰভাৱে আহত মন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।’’

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, স্বাস্থ্যমন্ত্ৰীক গুলীয়াই হত্যা কৰাৰ সময়ত গোপালে আৰক্ষীৰ পোছাক পৰিধান কৰি আছিল। তেওঁ কিয় এই অপৰাধ সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। দেওবাৰৰ অনুষ্ঠানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল। তাত গোপাল দাসক নিযুক্তি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু