--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱকিশোৰ দাসলৈ উদ্দেশ্যি গুলীচালনাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, এজন সহকাৰী আৰক্ষী উপ-পৰিদৰ্শকে এই গুলীচালনা কৰে। ওড়িশাৰ ঝাৰছুগুদা জিলাৰ ব্ৰজৰাজনগৰৰ গান্ধী চ’কৰ সমীপত দেওবাৰে পুৱা সংঘটিত হয় এই ঘটনা। স্বাস্থ্যমন্ত্ৰীজনৰ বুকুত দুবাৰকৈ গুলী লাগিছিল।

গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় স্বাস্থ্যমন্ত্ৰীজনক। অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক ঝাৰছুগুদা বিমানবন্দৰলৈ লৈ যোৱা হয়। তাৰ পৰাই তেওঁক বিমানেৰে ভুৱনেশ্বৰৰ এখন চিকিৎসালয়লৈ নিয়া হয়।

জানিব পৰা মতে, দেওবাৰে পুৱা গান্ধী চকত এখনি মুকলি সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল নৱকিশোৰে। মন্ত্ৰীগৰাকীক আদৰিবলৈ মানুহৰ ভীৰ হয়। ভীৰৰ মাজৰ পৰা বন্দুকৰ গুলীৰ শব্দ শুনা যায়। ইয়াৰ পিছতে দেখা যায় গুলি চলোৱাৰ পাছতে এজন পুলিচে পলায়ন কৰিছে।

ব্ৰজৰাজনগৰ মহকুমা আৰক্ষী বিষয়া গুপ্তেশ্বৰ ভৈয়ে ঘটনা সংক্ৰান্তত কয়, ‘সহকাৰী মহকুমা পৰিদৰ্শক গোপাল দাসে গুলীচালনা কৰে। গুৰুতৰভাৱে আহত মন্ত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।’’

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, স্বাস্থ্যমন্ত্ৰীক গুলীয়াই হত্যা কৰাৰ সময়ত গোপালে আৰক্ষীৰ পোছাক পৰিধান কৰি আছিল। তেওঁ কিয় এই অপৰাধ সংঘটিত কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। দেওবাৰৰ অনুষ্ঠানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল। তাত গোপাল দাসক নিযুক্তি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক