--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পাটনাৰ এটা ঐতিহাসিক ভৱন। ভৱনটোৰ বয়স প্ৰায় ৩০০ বছৰ। শেহতীয়াকৈ আদালতৰ নিৰ্দেশ পোৱাৰ পিছতে পুৰণি ভৱনটো ভাঙি পেলোৱা হৈছে। বিহাৰৰ পাটনাত ভৱনটো ডাচসকলে ভাৰতলৈ  আহি  নিৰ্মাণ কৰিছিল তাহানি ডাচসকলে বিভিন্ন কামত ব্যৱহাৰ কৰা ভৱনটো এতিয়া বহু পুৰণি হ’ল। 

সেয়ে ভৱনটো ভাঙি পেলোৱা হৈছে।  এই ভৱনটো  অস্কাৰ বিজয়ী চলচ্চিত্ৰ "গান্ধী"ত দেখুওৱা হৈছিল। পাটনা কালেক্টৰেটৰ ডাচযুগীয়া ৰেকৰ্ড ৰুম ভৱনটো শেহতীয়াকৈ ভাঙি পেলোৱাৰ কথাই বহুতকে দুখ দিছে।   কিন্তু ঐতিহাসিক ভৱনটোৰ কেইটামান খুটা  সংৰক্ষণৰো দিহা কৰিছে  চৰকাৰে। 

পাটনাৰ গংগা নদীৰ পাৰত উত্তৰ-দক্ষিণ অংশত  থকা ৩০০ বছৰতকৈও অধিক পুৰণি ৰাজকীয় অট্টালিকাটোৰ পুৰণি কালেক্টৰেটৰ কাৰ্যালয় হিচাবে ব্যৱহাৰ হৈছিল।   ১২ একৰ ভূমিৰ চৌহদৰ আটাইতকৈ পুৰণি ভৱনটোৱেই হৈছে এই ভৱনটো। 

উল্লেখ্য   উচ্চতম ন্যায়ালয়ে দিল্লীস্থিত ঐতিহ্যসংস্থা আইএনটিএচিএইচে সেই ভূমিত নিৰ্মিত ভৱন আদি  সংৰক্ষণৰ বাবে কৰা আবেদন নাকচ কৰাৰ পিছতে বিহাৰ চৰকাৰে ডাচসকলৰ দিনৰে ভৱনটো  ধ্বংস কৰাৰ  সিদ্ধান্ত লয়। ১৯৩৮ চনত নিৰ্মিত জিলা বোৰ্ড পাটনা ভৱনটোত  বুলডজাৰ ব্যৱহাৰ কৰি ভাঙি পেলোৱা হৈছে।  ভৱনটোৰ  সন্মুখৰ ফালৰ পৰা এটা সৰু অংশ মাত্ৰ নভঙাকৈ ৰখা হৈছে।সেয়া সংৰক্ষণৰ দিহা কৰা হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক