--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পাটনাৰ এটা ঐতিহাসিক ভৱন। ভৱনটোৰ বয়স প্ৰায় ৩০০ বছৰ। শেহতীয়াকৈ আদালতৰ নিৰ্দেশ পোৱাৰ পিছতে পুৰণি ভৱনটো ভাঙি পেলোৱা হৈছে। বিহাৰৰ পাটনাত ভৱনটো ডাচসকলে ভাৰতলৈ  আহি  নিৰ্মাণ কৰিছিল তাহানি ডাচসকলে বিভিন্ন কামত ব্যৱহাৰ কৰা ভৱনটো এতিয়া বহু পুৰণি হ’ল। 

সেয়ে ভৱনটো ভাঙি পেলোৱা হৈছে।  এই ভৱনটো  অস্কাৰ বিজয়ী চলচ্চিত্ৰ "গান্ধী"ত দেখুওৱা হৈছিল। পাটনা কালেক্টৰেটৰ ডাচযুগীয়া ৰেকৰ্ড ৰুম ভৱনটো শেহতীয়াকৈ ভাঙি পেলোৱাৰ কথাই বহুতকে দুখ দিছে।   কিন্তু ঐতিহাসিক ভৱনটোৰ কেইটামান খুটা  সংৰক্ষণৰো দিহা কৰিছে  চৰকাৰে। 

পাটনাৰ গংগা নদীৰ পাৰত উত্তৰ-দক্ষিণ অংশত  থকা ৩০০ বছৰতকৈও অধিক পুৰণি ৰাজকীয় অট্টালিকাটোৰ পুৰণি কালেক্টৰেটৰ কাৰ্যালয় হিচাবে ব্যৱহাৰ হৈছিল।   ১২ একৰ ভূমিৰ চৌহদৰ আটাইতকৈ পুৰণি ভৱনটোৱেই হৈছে এই ভৱনটো। 

উল্লেখ্য   উচ্চতম ন্যায়ালয়ে দিল্লীস্থিত ঐতিহ্যসংস্থা আইএনটিএচিএইচে সেই ভূমিত নিৰ্মিত ভৱন আদি  সংৰক্ষণৰ বাবে কৰা আবেদন নাকচ কৰাৰ পিছতে বিহাৰ চৰকাৰে ডাচসকলৰ দিনৰে ভৱনটো  ধ্বংস কৰাৰ  সিদ্ধান্ত লয়। ১৯৩৮ চনত নিৰ্মিত জিলা বোৰ্ড পাটনা ভৱনটোত  বুলডজাৰ ব্যৱহাৰ কৰি ভাঙি পেলোৱা হৈছে।  ভৱনটোৰ  সন্মুখৰ ফালৰ পৰা এটা সৰু অংশ মাত্ৰ নভঙাকৈ ৰখা হৈছে।সেয়া সংৰক্ষণৰ দিহা কৰা হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু