--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পৰিল। চিবিএছই-এ অনুষ্ঠিত কৰা  দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয় । এই বৰ্ষত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.৯৮ শতাংশ। চিবিএছই-এ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল  cbse.gov.in, cbse.nic.in, results.cbse.nic.in আৰু cbseresults.nic.in ৱেৱছাইটত প্ৰকাশ কৰিছে।  ফলাফল 2024 results.digilocker.gov.in আৰু umang.gov.in ৱেবছাইটতো  উপলব্ধ হৈছে। পূৰ্বৰ নিময়ৰ পৰিৱৰ্তন ঘটাই  ২০২৪  বৰ্ষত চিবিএছই-এ  দ্বাদশ শ্ৰেণীৰ শীৰ্ষস্থান লাভ কৰা শিক্ষাৰ্থীৰ কোনো নাম তালিকা  প্ৰকাশ কৰা নাই। 

 শেহতীয়াকৈ ঘোষিত ফলাফল অনুসৰি এইবেলি  তিৰুৱনন্তপুৰমতে  উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আৰোহণ কৰিছে তিৰুৱনন্তপুৰমে।  ২০২৪ বৰ্ষত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰৰ তুলনাত ছাত্ৰী অধিক উত্তীৰ্ণ হৈছে। ছাত্ৰৰ তুলনাত ছাত্ৰীৰ  উত্তীৰ্ণৰ হাৰ ৬.৪০ শতাংশ অধিক  হৈছে। পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থানত আছে ৯৯.০৪ শতাংশৰে বিজয়ৱাড়া। গুৱাহাটীত উত্তীৰ্ণৰ হাৰ ৮২.০৫ শতাংশ।

 উল্লেখ্য এইবেলি দেশৰ ৭১২৬টা পৰীক্ষা কেন্দ্ৰত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা  অনুষ্ঠিত  হৈছিল। পৰীক্ষাত নাম পঞ্জীয়ন  ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল  মুঠ ১,৬৩,৩৭৩০ গৰাকী । ইয়াৰ ভিতৰৰে ১৬২১২২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। চলিত বৰ্ষত  মুঠ উত্তীৰ্ণৰ হাৰ পূৰ্বৰ বৰ্ষতকৈ  ০.৬৫ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।  এইবেলি মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.৯৮ শতাংশ। বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৮৭.৩৩ শতাংশ । অসমতো চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল যথেষ্ট উন্নত হোৱা পৰিলক্ষিত হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু