--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পৰিল। চিবিএছই-এ অনুষ্ঠিত কৰা  দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয় । এই বৰ্ষত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.৯৮ শতাংশ। চিবিএছই-এ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল  cbse.gov.in, cbse.nic.in, results.cbse.nic.in আৰু cbseresults.nic.in ৱেৱছাইটত প্ৰকাশ কৰিছে।  ফলাফল 2024 results.digilocker.gov.in আৰু umang.gov.in ৱেবছাইটতো  উপলব্ধ হৈছে। পূৰ্বৰ নিময়ৰ পৰিৱৰ্তন ঘটাই  ২০২৪  বৰ্ষত চিবিএছই-এ  দ্বাদশ শ্ৰেণীৰ শীৰ্ষস্থান লাভ কৰা শিক্ষাৰ্থীৰ কোনো নাম তালিকা  প্ৰকাশ কৰা নাই। 

 শেহতীয়াকৈ ঘোষিত ফলাফল অনুসৰি এইবেলি  তিৰুৱনন্তপুৰমতে  উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আৰোহণ কৰিছে তিৰুৱনন্তপুৰমে।  ২০২৪ বৰ্ষত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰৰ তুলনাত ছাত্ৰী অধিক উত্তীৰ্ণ হৈছে। ছাত্ৰৰ তুলনাত ছাত্ৰীৰ  উত্তীৰ্ণৰ হাৰ ৬.৪০ শতাংশ অধিক  হৈছে। পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থানত আছে ৯৯.০৪ শতাংশৰে বিজয়ৱাড়া। গুৱাহাটীত উত্তীৰ্ণৰ হাৰ ৮২.০৫ শতাংশ।

 উল্লেখ্য এইবেলি দেশৰ ৭১২৬টা পৰীক্ষা কেন্দ্ৰত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা  অনুষ্ঠিত  হৈছিল। পৰীক্ষাত নাম পঞ্জীয়ন  ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল  মুঠ ১,৬৩,৩৭৩০ গৰাকী । ইয়াৰ ভিতৰৰে ১৬২১২২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। চলিত বৰ্ষত  মুঠ উত্তীৰ্ণৰ হাৰ পূৰ্বৰ বৰ্ষতকৈ  ০.৬৫ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।  এইবেলি মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.৯৮ শতাংশ। বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৮৭.৩৩ শতাংশ । অসমতো চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল যথেষ্ট উন্নত হোৱা পৰিলক্ষিত হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ