--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পৰিল। চিবিএছই-এ অনুষ্ঠিত কৰা  দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয় । এই বৰ্ষত মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.৯২ শতাংশ। চিবিএছই-এ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল  cbse.gov.in, cbse.nic.in, results.cbse.nic.in আৰু cbseresults.nic.in ৱেৱছাইটত প্ৰকাশ কৰিছে।  ফলাফল 2024 results.digilocker.gov.in আৰু umang.gov.in ৱেবছাইটতো  উপলব্ধ হৈছে। পূৰ্বৰ নিময়ৰ পৰিৱৰ্তন ঘটাই  ২০২৪  বৰ্ষত চিবিএছই-এ  দ্বাদশ শ্ৰেণীৰ শীৰ্ষস্থান লাভ কৰা শিক্ষাৰ্থীৰ কোনো নাম তালিকা  প্ৰকাশ কৰা নাই। 

 শেহতীয়াকৈ ঘোঘিত ফলাফল অনুসৰি এইবেলি  তিৰুৱনন্তপুৰমতে  উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আৰোহণ কৰিছে তিৰুৱনন্তপুৰমে।  ২০২৪ বৰ্ষত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰৰ তুলনাত ছাত্ৰী অধিক উত্তীৰ্ণ হৈছে। ছাত্ৰৰ তুলনাত ছাত্ৰীৰ  উত্তীৰ্ণৰ হাৰ ৬.৪০ শতাংশ অধিক  হৈছে। পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থানত আছে ৯৯.০৪ শতাংশৰে বিজয়ৱাড়া। 

উল্লেখ্য এইবেলি দেশৰ ৭১২৬টা পৰীক্ষা কেন্দ্ৰত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা  অনুষ্ঠিত  হৈছিল। পৰীক্ষাতনাম পঞ্জীয়ন  ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল  মুঠ ১,৬৩,৩৭৩০ গৰাকী । ইয়াৰ ভিতৰৰে ১৬২১২২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। চলিত বৰ্ষত  মুঠ উত্তীৰ্ণৰ হাৰ পূৰ্বৰ বৰ্ষতকৈ  ০.৬৫ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।  এইবেলি মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.৯২ শতাংশ। বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৮৭.৩৩ শতাংশ । অসমতো চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল যথেষ্ট উন্নত হোৱা পৰিলক্ষিত হৈছে।  
FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদায় বৎসলা! এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বৎসলা আৰু নাই
ৰাজনীতিত ভৰি দি বৃহৎ লোকচানৰ সন্মুখীন ইলন মাস্ক
সন্ত্ৰাসবাদীক লৈ পাকিস্তানৰ মুখা খুলিলে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰানাই
দালাই লামাক ভাৰত ৰত্ন প্ৰদানৰ দাবী ৮০ সাংসদৰ
বহুদিন ধৰি কঁপি আছিল!  গুজৰাটৰ শোকাৱহ দলং দুৰ্ঘটনা অৱহেলাৰে ফল নেকি?
ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় টেষ্টত খেলিব বুমৰাহে
কঁঠাল খাওক, লাভ কৰিব আচৰিত উপকাৰিতা
ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু
আমৃখোৱাত বিহ দি কপৌ নিধন কৰা কৃষকক জে'ললৈ
সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ উদ্যোগত ৰাজ্যজুৰি বহু ঔষধি গুণৰ নাগচম্পাৰ পুলি ৰোপণৰ অভিযান
অস্তিত্বৰ গৰাহত জোনাইৰ কবু চাপৰি বন ঘৰচীয়া ঘোঁৰা
জুন মাহত জিলাভেদে ৭৭% পৰ্যন্ত কম বৰষুণ, খৰাঙৰ আশংকা
হাত নথকাকৈ জন্ম হ’ল শিশু কন্যা, শিশুটিক চাবলৈ হাস্পতালত মানুহৰ ভিৰ
বার্মিংহামত লং জাম্পত সোণ জয় ৰিম্পী বুঢ়াগোহাঁইৰ