--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাধাক লৈ আলোচনাৰ অন্ত নাই। একেৰাহে দুদিন ধৰি মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত একেলগে দেখাৰ পিছত সকলোৱে অনুমান কৰিলে যে দুয়োগৰাকী ইতিমধ্যে সম্পৰ্কত আৱদ্ধ হৈছে।

সেই অনুমান কিমান শুদ্ধ, তেওঁলোক ঘনিষ্ঠ বন্ধু এজনে বিশেষ ইংগিত  দিলে। কয়- “একদম সঠিক! পৰিনীতি আৰু ৰাঘৱৰ ডেটিং চলি আছে। বহুদিনৰ পৰা চিনাকি। কিন্তু শেহতীয়াকৈ বন্ধুত্বই বেলেগ ৰূপ লৈছে।"

ইতিমধ্যে এই সন্দৰ্ভত ৰাঘৱৰ মতামত পোহৰলৈ আহিছে। নতুন দিল্লীৰ বাসিন্দা তথা সংসদৰ কনিষ্ঠতম নেতা ৰাঘৱক শুকুৰবাৰে সংসদ ভৱনত প্ৰৱেশ কৰাৰ পূৰ্বে সাংবাদিকসকলে এই বিষয়ে কৰে। আপৰ সাংসদজনে কয়- "পৰিনীতিৰ কথা নহয়, ৰাজনীতিৰ কথা সোধক!" তাৰ পিছত ৰাঘৱে ক'লে, "আমি বিয়া হ'লে নিশ্চয় জনাম। " উত্তৰ দিওঁতে ৰাঘৱৰ মুখখন ৰঙা পৰি গৈছিল।

অনুৰাগীসকলেও তেওঁলোকক একেলগে দেখি আনন্দিত হৈছে। কোনোবাই লিখিছে, "একেলগে কিমান ধুনীয়া লাগিছে!" আন এজনে লিখিছে, “সঁচাকৈয়ে যদি সিহঁতৰ প্ৰেম হৈছে, মই বৰ সুখী!”

উল্লেখ্য যে ৰাঘৱে ইংলেণ্ডৰ লণ্ডন স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰিছিল। আনহাতে, প্ৰিয়ংকা চোপ্ৰাৰ সম্পৰ্কীয় ভগ্নী পৰিনীতিও ইংলেণ্ডৰ মানচেষ্টাৰ বিজনেছ স্কুলৰ প্ৰাক্তন ছাত্ৰী। যশ ৰাজ ফিল্মছৰ অধীনত বলীউডত প্ৰৱেশ কৰে পৰিণীতাই। শুনা যায় যে দুয়োৰে মাজত প্ৰথম কথা-বতৰা ভাৰতত নহয়, লণ্ডনত হৈছিল। এতিয়া দুয়োৰে মাজত আন্তৰিকতা কি পৰ্যায়লৈ যায়, সেয়া লক্ষ্যণীয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক