--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেকুলিন ফাৰ্নাণ্ডেজ এতিয়াও কনমেন সুকেশ চন্দ্ৰশেখৰৰ হৃদয়ৰ ৰাণী। নিজৰ জন্মদিনত মৰমৰ প্ৰেয়সীৰ প্ৰতি মৰমেৰে ভৰা এখন চিঠি লিখিলে সুকেশে।

২৫ মাৰ্চত কনমেন সুকেশৰ জন্মদিন। ২০০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ আছে সুকেশৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ বাবেই তেওঁ ৰাতিটোৰ ভিতৰতে শিৰোনাম দখল কৰিছিল। অভিনেত্ৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল সুকেশৰ সৈতে।

জালিয়াতিৰ গোচৰৰ তদন্তৰ বাবে বিগত এটা বছৰত জেকলিন ফাৰ্নাণ্ডেজে কেইবাবাৰো আদালতত হাজিৰ হৈছে। আদালতত সুকেশৰ বিৰুদ্ধে কেইবাটাও তথ্য ফাদিল কৰিছে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে জেকলিন এতিয়াও সুকেশৰ হৃদয়ৰ ৰাণী।

সুকেশে জেকলিনৰ বাবে লিখিছে, “মোৰ বোম্মা, জন্মদিনত তোমাৰ অভাৱ অনুভৱ কৰিছো। মোৰ চাৰিওফালে তোমাৰ উপস্থিতি মোৰ মনত পৰিছে। শব্দৰে প্ৰকাশ কৰাৰ ক্ষমতা মোৰ নাই। কিন্তু মই জানো, মোৰ প্ৰতি তোমাৰ প্ৰেম কেতিয়াও শেষ নহ’ব। তোমাৰ সুন্দৰ হৃদয়ত কি আছে মই জানো! প্ৰমাণৰ প্ৰয়োজন নাই।

তেলেগু ভাষাত ‘বোটা বোম্মা’ বাক্যাংশৰ অৰ্থ হৈছে ‘সুন্দৰ পুতলা’। সুকেশে লিখে- ''তোমাৰ মৰম মোৰ বাবে সকলো। মোক ইমান ধুনীয়া মন এটা দিয়াৰ বাবে ধন্যবাদ। তোমাৰ প্ৰেম মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ।''

আৰ্থিক জালিয়াতিৰ গোচৰত জেকলিনৰ নাম জড়িত হোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে সুকেশক লৈ বিস্ফোৰক মন্তব্য কৰি আহিছে। অৱশ্যে সুকেশে যে এতিয়া জেকলিনৰ হাত এৰা নাই, সেয়া তেওঁৰ চিঠিত স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক