--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ সংসদৰ বৰ্ষাকালীন অধিৱেশনত এগৰাকী মহিলাৰ কথা উল্লেখ কৰিছিল। যাৰ ফলত বিজেপি আৰু কংগ্ৰেছৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল। গৃহমন্ত্ৰীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি কৈছিল- "এই সদনত এজন সদস্য আছে, যিজনক ৰাজনীতিত ১৩ বাৰকৈ আগবঢ়াই দিয়া হৈছে। কিন্তু ১৩ বাৰেই বিফল হ'ল। এবাৰ আগবঢ়াই দিয়া হৈছিল যেতিয়া তেওঁ কালাৱতী নামৰ এগৰাকী দুখীয়া মহিলাক লগ কৰিবলৈ গৈছিল। কিন্তু মহিলাগৰাকীৰ বাবে কি কৰিলে তেওঁ? ঘৰ, ৰেচন, বিদ্যুৎ সকলো যোগান ধৰিছিল মোডী চৰকাৰেহে।’’

শ্বাহৰ এই বক্তব্যৰ পিছত কংগ্ৰেছ দলে কয় যে কালাৱতী বুণ্ডেলখণ্ডৰ নহয় বৰঞ্চ মহাৰাষ্ট্ৰৰ যৱতমালত থাকে। দলটোৱে এক্স প্লেটফৰ্মত বিবিচিৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে- য’ত কালাৱতীয়ে নিজৰ অধ্যায়ৰ কাহিনী বৰ্ণনা কৰিছিল আৰু ৰাহুল গান্ধীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথাও সোঁৱৰণ কৰিছিল।

ভিডিঅ'টোত কালাৱতীয়ে কয়, "মোডী চৰকাৰে মিছা কথা কৈছে। ৰাহুল গান্ধীৰ সহায়ৰ বাবেই আমি পঢ়া-শুনা, খোৱা-বোৱা, আৰু বিবাহিত ল'ৰা-ছোৱালী পালোঁ। ৰাহুল গান্ধীয়েই আমাক আৰম্ভণিৰে পৰা সহায় কৰিছিল। সেইবাবেই মই প্ৰশংসা কৰি থাকিম। মোডী চৰকাৰে যি কয় সকলো মিছা..."

কংগ্ৰেছে ভিডিঅ’টোৰ কেপচনত লিখিছে, “কালি সংসদত গৃহমন্ত্ৰী অমিত শ্বাহে যৱতমলৰ কলাৱতী জীক লৈ মিছা দাবী উত্থাপন কৰিছিল।”

উল্লেখ্য যে কালাৱতী হৈছে মহাৰাষ্ট্ৰৰ জলকাৰ দৰিদ্ৰ কৃষিজীৱী বিধৱা। ২০০৮ চনত মহাৰাষ্ট্ৰৰ কৃষি সংকটৰ বাবে তেওঁ স্বামীয়ে আত্মহত্যাৰ কৰে। তেতিয়া গান্ধীয়ে কালাৱতীৰ ঘৰলৈ গৈছিল। ৰাহুল গান্ধীয়ে তেওঁৰ ওচৰলৈ যোৱাৰ পিছত কালাৱতীয়ে আৰ্থিক সহায় লাভ কৰে। ২০০৮ চনত সংসদত হোৱা ন’ট্ৰাষ্ট বিতৰ্কৰ সময়তো গান্ধীয়ে তেওঁৰ কথা উল্লেখ কৰিছিল। গান্ধীয়ে তেওঁক প্ৰত্যক্ষভাৱে আৰ্থিকভাৱে সহায় কৰা নাছিল যদিও এন জি অ’ সুলাভা ইণ্টাৰনেশ্যনেলৰ পৰা ₹৩০ লাখ টকাকে ধৰি বহুতো সাহাৰ্য আগবঢ়োৱা হৈছিল। যোৱা বছৰ ভাৰত জোডো যাত্ৰাৰ সময়ত নৱেম্বৰ মাহতো কালাৱতীয়ে গান্ধীক লগ পাইছিল।

২০০৯ চনত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ সময়ত কালাৱতীয়ে ৱানী আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল যদিও কিছু সময়ৰ পিছতে তেওঁ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে। তেওঁৰ প্ৰাৰ্থীত্বক সমৰ্থন কৰা বেচৰকাৰী সংস্থা  বিদৰ্ভ জনন্দোলন সমিতিয়ে তেতিয়া কৈছিল- “তাইৰ (কলৱতী) জোঁৱাইয়েকে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে আত্মহত্যা কৰিব বুলি ভাবুকি দিছিল।”

২০০৫ চনৰ ২৩ ডিচেম্বৰত কৃষি সংকটৰ বাবে কালাৱতীৰ স্বামী পৰশুৰামে আত্মহত্যা কৰিছিল আৰু তাৰ পিছত ২০১০ চনৰ ডিচেম্বৰ মাহত তেওঁৰ জোঁৱাই সঞ্জয় কলাস্কইও আত্মহত্যা কৰিছিল। সঞ্জয় বৃত্তিত এজন প্ৰান্তীয় কৃষক আৰু অটো চালক আছিল। ২০১১ চনত চন্দ্ৰপুৰ জিলাৰ ৱাৰোৰাৰ সমীপৰ ৰাদেগাঁৱত বাস কৰা কালাৱতীৰ দ্বিতীয় কন্যা সবিতা খামংকৰেও নিজকে অগ্নিসংযোগ কৰি মৃত্যুবৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন