--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৮০০ বিশেষ অতিথিয়ে এইবাৰ নতুন দিল্লীত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ বাবে প্ৰাণৱন্ত গাঁৱৰ চৰপঞ্চ, শিক্ষক, নাৰ্ছ, কৃষক, মাছমৰীয়া, চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্ট, অমৃত সৰোৱৰ, হৰ ঘৰ জল আদিৰ দৰে ধ্বজাবাহী কাৰ্যসূচীত কাম কৰা লোকসকলক আমন্ত্ৰণ জনোৱা হৈছে। 

অন্যান্য লোকসকলৰ লগতে অসমৰ ১৯জন লোকেও ১৫ আগষ্টত দিল্লীৰ ঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব।
অসমৰ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ চাৰিগৰাকী হিতাধিকাৰীয়ে নতুন দিল্লীত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নগাঁৱৰ বিশিষ্ট শিল্পী হিৰণ্য বণিয়াই চৰকাৰৰ এই পদক্ষেপক প্ৰশংসা কৰি কয় যে চৰকাৰে শিল্পীসকলক অনুপ্ৰাণিত আৰু সহায়ৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে আৰু ঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱাত তেওঁ অতিশয় আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছে। লগতে তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে গুৱাহাটীস্থিত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (এমএছএমই)ৰ কাৰ্যালয়ক ধন্যবাদ জ্ঞাপন কৰে। বণিয়া এগৰাকী সোণাৰি, যি অসমীয়া গহনা, হস্তনিৰ্মিত গহনা ইত্যাদি তৈয়াৰ কৰে।


অসমৰ কৃষক উৎপাদক সংস্থাৰ  চাৰিগৰাকী প্ৰতিনিধিকো দেশৰ বিভিন্ন প্ৰান্তৰ আন হিতাধিকাৰীসকলৰ সৈতে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসী উদ্দেশ্যি দিয়া ভাষণ শুনিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। কোকৰাঝাৰৰ নিমন্ত্ৰিত অতিথি দিন্তিগ্ৰা বসুমতাৰীয়ে পিআইবিৰ সৈতে হোৱা বাৰ্তালাপত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে এইটো তেওঁৰ বাবে অতি ডাঙৰ সুযোগ আৰু তেওঁ পৰিয়ালৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
চৰকাৰে ‘জন ভাগীদাৰী’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ লোকক স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ অংশ হ’বলৈ আমন্ত্ৰণ জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস