--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৮০০ বিশেষ অতিথিয়ে এইবাৰ নতুন দিল্লীত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ বাবে প্ৰাণৱন্ত গাঁৱৰ চৰপঞ্চ, শিক্ষক, নাৰ্ছ, কৃষক, মাছমৰীয়া, চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্ট, অমৃত সৰোৱৰ, হৰ ঘৰ জল আদিৰ দৰে ধ্বজাবাহী কাৰ্যসূচীত কাম কৰা লোকসকলক আমন্ত্ৰণ জনোৱা হৈছে। 

অন্যান্য লোকসকলৰ লগতে অসমৰ ১৯জন লোকেও ১৫ আগষ্টত দিল্লীৰ ঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব।
অসমৰ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ চাৰিগৰাকী হিতাধিকাৰীয়ে নতুন দিল্লীত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নগাঁৱৰ বিশিষ্ট শিল্পী হিৰণ্য বণিয়াই চৰকাৰৰ এই পদক্ষেপক প্ৰশংসা কৰি কয় যে চৰকাৰে শিল্পীসকলক অনুপ্ৰাণিত আৰু সহায়ৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে আৰু ঐতিহাসিক লালকিল্লাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁক বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱাত তেওঁ অতিশয় আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছে। লগতে তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে গুৱাহাটীস্থিত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (এমএছএমই)ৰ কাৰ্যালয়ক ধন্যবাদ জ্ঞাপন কৰে। বণিয়া এগৰাকী সোণাৰি, যি অসমীয়া গহনা, হস্তনিৰ্মিত গহনা ইত্যাদি তৈয়াৰ কৰে।


অসমৰ কৃষক উৎপাদক সংস্থাৰ  চাৰিগৰাকী প্ৰতিনিধিকো দেশৰ বিভিন্ন প্ৰান্তৰ আন হিতাধিকাৰীসকলৰ সৈতে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসী উদ্দেশ্যি দিয়া ভাষণ শুনিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। কোকৰাঝাৰৰ নিমন্ত্ৰিত অতিথি দিন্তিগ্ৰা বসুমতাৰীয়ে পিআইবিৰ সৈতে হোৱা বাৰ্তালাপত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে এইটো তেওঁৰ বাবে অতি ডাঙৰ সুযোগ আৰু তেওঁ পৰিয়ালৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
চৰকাৰে ‘জন ভাগীদাৰী’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ লোকক স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ অংশ হ’বলৈ আমন্ত্ৰণ জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন