--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে চৰ্চালৈ আহিছিল ফুটবলৰ ক’লা হীৰা পেলেৰ সম্পত্তি বিতৰণৰ উইল। উইলখনৰ মতে,পত্নী মাৰ্চিয়া ছিবেলা আওকিয়ে পেলেৰ সম্পত্তিৰ মাত্ৰ ৩০ শতাংশহে লাভ কৰিব। পেলেৰ তৃতীয় আৰু শেষ পত্নী এই মাৰ্চিয়া।

মৃত্যুৰ পূৰ্বে ব্ৰাজিলৰ তাৰকা ফুটবলাৰগৰাকীয়ে সম্পত্তিৰ উইল লিখি থৈছিল। সেই অনুসৰি সম্পত্তিৰ বিভাজন কৰা হ’ব।  তাত এগৰাকী অচিনাকি মহিলাৰ কথা উল্লেখ আছে। তেওঁক পেলেৰ কন্যা বুলি অনুমান কৰা হৈছে। কিন্তু পেলেই জীৱিত অৱস্থাত তেওঁৰ কথা কোৱা নাছিল।

মাৰ্চিয়াৰ অধিবক্তা লুইজ কিগনেলে কয় যে উইল অনুযায়ী তেওঁৰ ক্লায়েণ্টে গুৱাৰুজা নামৰ ঠাইখনত এটা বিলাসী ঘৰ পাব। পেলে আৰু তেওঁৰ পত্নীয়ে তাতেই বাস কৰিছিল। সাগৰৰ পাৰৰ সেই ঘৰটো এতিয়া তেওঁৰ পত্নীৰ।

যোৱা বছৰৰ ডিচেম্বৰ মাহত পেলেৰ মৃত্যু হৈছিল। তেওঁৰ বয়স আছিল ৮২ বছৰ। তেওঁৰ সম্পত্তিৰ মুঠ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই।

পত্নীৰ ৩০ শতাংশ বাদ দি বাকী ৭০ শতাংশ পেলেৰ সন্তান আৰু এগৰাকী অচিনাকি মহিলাই পাব। কিগনেলে ক’লে, “এগৰাকী ছোৱালীৰ কথা উল্লেখ আছে। অৱশ্যে ডি এন এ পৰীক্ষাৰ পিছত প্ৰমাণিত হ’ব তেওঁ কোন। ফুটবলাৰজনৰ শাৰীৰিক অৱস্থাৰ বাবে পেলে জীয়াই থকাৰ সময়ত তেনে কৰাটো সম্ভৱ নাছিল।’’

উল্লেখ্য যে ব্ৰাজিলৰ এগৰাকী মহিলাই নিজকে পেলেৰ কন্যা বুলি পৰিচয় দিছে। সেই দাবী কৰি তেওঁ আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত পেলেক ডি এন এ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল। যিটো সম্ভৱ নাছিল। এতিয়া পেলেৰ সাতটা সন্তানৰ ডি এন এ পৰীক্ষা কৰা হ’ব। তেতিয়াহে অচিনাকি মহিলাগৰাকীৰ পৰিচয় সম্পৰ্কে সঠিক তথ্য উপলব্ধ হ’ব।

যোৱা বছৰৰ ২৯ ডিচেম্বৰৰ নিশা পেলেৰ মৃত্যু হৈছিল। দীৰ্ঘদিন ধৰি তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল। কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ সময়ত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত ২৯ নৱেম্বৰত ছাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছতে তেওঁ শেষ নিশ্বাহ ত্যাগ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু