--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে চৰ্চালৈ আহিছিল ফুটবলৰ ক’লা হীৰা পেলেৰ সম্পত্তি বিতৰণৰ উইল। উইলখনৰ মতে,পত্নী মাৰ্চিয়া ছিবেলা আওকিয়ে পেলেৰ সম্পত্তিৰ মাত্ৰ ৩০ শতাংশহে লাভ কৰিব। পেলেৰ তৃতীয় আৰু শেষ পত্নী এই মাৰ্চিয়া।

মৃত্যুৰ পূৰ্বে ব্ৰাজিলৰ তাৰকা ফুটবলাৰগৰাকীয়ে সম্পত্তিৰ উইল লিখি থৈছিল। সেই অনুসৰি সম্পত্তিৰ বিভাজন কৰা হ’ব।  তাত এগৰাকী অচিনাকি মহিলাৰ কথা উল্লেখ আছে। তেওঁক পেলেৰ কন্যা বুলি অনুমান কৰা হৈছে। কিন্তু পেলেই জীৱিত অৱস্থাত তেওঁৰ কথা কোৱা নাছিল।

মাৰ্চিয়াৰ অধিবক্তা লুইজ কিগনেলে কয় যে উইল অনুযায়ী তেওঁৰ ক্লায়েণ্টে গুৱাৰুজা নামৰ ঠাইখনত এটা বিলাসী ঘৰ পাব। পেলে আৰু তেওঁৰ পত্নীয়ে তাতেই বাস কৰিছিল। সাগৰৰ পাৰৰ সেই ঘৰটো এতিয়া তেওঁৰ পত্নীৰ।

যোৱা বছৰৰ ডিচেম্বৰ মাহত পেলেৰ মৃত্যু হৈছিল। তেওঁৰ বয়স আছিল ৮২ বছৰ। তেওঁৰ সম্পত্তিৰ মুঠ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই।

পত্নীৰ ৩০ শতাংশ বাদ দি বাকী ৭০ শতাংশ পেলেৰ সন্তান আৰু এগৰাকী অচিনাকি মহিলাই পাব। কিগনেলে ক’লে, “এগৰাকী ছোৱালীৰ কথা উল্লেখ আছে। অৱশ্যে ডি এন এ পৰীক্ষাৰ পিছত প্ৰমাণিত হ’ব তেওঁ কোন। ফুটবলাৰজনৰ শাৰীৰিক অৱস্থাৰ বাবে পেলে জীয়াই থকাৰ সময়ত তেনে কৰাটো সম্ভৱ নাছিল।’’

উল্লেখ্য যে ব্ৰাজিলৰ এগৰাকী মহিলাই নিজকে পেলেৰ কন্যা বুলি পৰিচয় দিছে। সেই দাবী কৰি তেওঁ আইনী ব্যৱস্থাও গ্ৰহণ কৰিছে। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত পেলেক ডি এন এ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল। যিটো সম্ভৱ নাছিল। এতিয়া পেলেৰ সাতটা সন্তানৰ ডি এন এ পৰীক্ষা কৰা হ’ব। তেতিয়াহে অচিনাকি মহিলাগৰাকীৰ পৰিচয় সম্পৰ্কে সঠিক তথ্য উপলব্ধ হ’ব।

যোৱা বছৰৰ ২৯ ডিচেম্বৰৰ নিশা পেলেৰ মৃত্যু হৈছিল। দীৰ্ঘদিন ধৰি তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল। কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ সময়ত তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত ২৯ নৱেম্বৰত ছাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছতে তেওঁ শেষ নিশ্বাহ ত্যাগ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক