--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশাখাপট্টনমত ৰোহিত বাহিনীয়ে দুৰ্যোগৰ সন্মুখীন হয়। প্ৰথমে ভাৰতক মাত্ৰ ১১৭ ৰানতে অষ্ট্ৰেলিয়াৰ বলাৰসকলে অল আউট কৰে। সেই অতি কম স্ক’ৰৰ ৰানৰ লক্ষ্য লৈ অষ্ট্ৰেলিয়াৰ দুই অ’পেনাৰে বেটিং আৰম্ভ কৰাৰ ধৰণটো দেখি আপ্লুত হয় টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা। খেলপথাৰতে ভাৰতীয় অধিনায়কগৰাকীয়ে চেলুট দিলে অপেনাৰ মিচেল মাৰ্ছক।

১১৭ ৰানৰ লক্ষ্য লৈ অষ্ট্ৰেলিয়াৰ দুজন অ’পেনাৰ মিচেল মাৰ্ছ আৰু ট্ৰেভিছ হেডে আৰম্ভণিৰে পৰাই বিধ্বংসী বেটিং আৰম্ভ কৰে। কোনো ভাৰতীয় বলাৰকে ৰেহাই দিয়া নাছিল। পাৱাৰ প্লে ব্যৱহাৰ কৰি দ্ৰুত ৰান কৰি আছিল।

অষ্ট্ৰেলিয়াৰ ইনিংছৰ পঞ্চম অভাৰত মাৰ্ছে শ্বামীৰ প্ৰথমটো বলতে ছয়ৰ বাবে আঘাত কৰে। পিছৰ বলত চাৰি মাৰিলে। মাৰ্ছে চতুৰ্থ বলটো পুল কৰে। বলটো পোনে পোনে গৈ দৰ্শকৰ ভিৰৰ মাজলৈ সোমাই গ’ল। শ্বটটো দেখি ৰোহিত আপ্লুত হ’ল। মাৰ্ছক তেওঁ চেলুট দিয়া দেখা যায়। অষ্ট্ৰেলিয়াৰ বেটছমেনক কেনেকৈ ৰখাব পাৰি তেওঁ একো উৱাদিহ নাপালে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰে। মুম্বাইত ৫ উইকেটত জয়লাভ কৰে ভাৰতে। কিন্তু দ্বিতীয়খন মেচত ভাৰতে উজুটি খালে। খেলখনত ১০ উইকেটত পৰাস্ত হয় ৰোহিতে। বুধবাৰে চেন্নাইত অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন মেচ সেয়ে এই শৃংখলাৰ নিৰ্ণায়ক হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক