--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ উজলিল তাৰকা দৌৰবিদ হিমা দাস। স্বৰ্ণজয়েৰে উজলিল অসম কন্যাগৰাকী! ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ এথলেটিকছ ইভেণ্টৰ ২০০ মিটাৰ দৌৰত হিমা দাসে কৰিলে স্বৰ্ণজয়।

ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ প্ৰতিযোগিতাত মহিলাৰ ২০০ মিটাৰ দৌৰৰ ফাইনেলত ২৩.৭৯ ছেকেণ্ডত দৌৰ সমাপ্তিৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন ধিং এক্সপ্ৰেছ হিমা দাসৰ।

বৰ্ষটোৰ আৰম্ভণিৰ প্ৰথমখন খেলতেই হিমাই অৰ্জন কৰে এই সফলতা। তিৰুৱনন্তপুৰমৰ লক্ষ্মীবাই নেচনেল কলেজ অৱ ফিজিকেল এডুকেচনত অনুষ্ঠিত ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ এথলেটিকছ ইভেণ্টত হিমা দাসে ২০০ মিটাৰ দৌৰত যথেষ্ট সহজে ২৩.৭৯ ছেকেণ্ডত জয়লাভেৰে স্বৰ্ণপদক অৰ্জন কৰে।

হিমাই মহাৰাষ্ট্ৰৰ নিকটতম প্ৰতিদ্বন্দ্বী ঐশ্বৰ্য কৈলাস মিশ্ৰ (২৪.৮১) আৰু কেৰালাৰ ভি কে বিস্মায়া (২৪.৮২)ক পিছ পেলাই মহিলাৰ ২০০ মিটাৰত সোণৰ পদক অৰ্জন কৰে। হিমাৰ এই সফলতাত আনন্দিত হৈ পৰিছে ধিঙৰ লগতে সমগ্ৰ অসমবাসী।






FOLLOW US F
POPULAR
FEATURE
TRENDY
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত ছামিউল হকৰ কৰুণ মৃত্যু
আজি আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস! বিশ্বৰ জনসংখ্যাৰ ৭৫ শতাংশ বাঘ সংৰক্ষিত হৈ আছে ভাৰতত
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে
ৰে’লৰ পৰা কম্বল, আঠুৱা, টাৱেল চুৰি কৰিলে ৫ বছৰ পৰ্যন্ত জে'ল! নিয়ম জানি লওক
কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানত সংকটত চাকৰি; জটিল সমাজ ব্যৱস্থাত নতুন চিন্তা