--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চাত পুনৰ কংগনা ৰানাউট। বলীউডত মুক্ত আৰু নিৰ্ভীকভাৱে নিজৰ মতামত ব্যক্ত কৰা অভিনেত্ৰী কংগনা ৰানাউটে পুনৰবাৰ লাইমলাইটলৈ আহিছে। এইবাৰ নাৰী অধিকাৰক লৈ এক শক্তিশালী কণ্ঠস্বৰে ছ’চিয়েল মিডিয়াৰ ট্ৰ’লাসকলক এক উপযুক্ত উত্তৰ দিছে । কংগনাৰ মতে মহিলাসকলে নিজৰ পছন্দ-অপচন্দৰ বিষয়ে অতি স্পষ্টভাৱে কোৱা উচিত। ইয়াত হস্তক্ষেপ কৰাৰ অধিকাৰ কাৰো নাই।

অভিনেত্ৰী কংগনা ৰানাউটে ইনষ্টাগ্ৰাম ষ্ট'ৰীত নিজৰ পুৰণি ছবিসমূহ শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বৰ মহিলাসকলক এক বিশেষ বাৰ্তা প্ৰদান কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ ছ’চিয়েল মিডিয়াৰ ট্ৰ’লকো তিৰস্কাৰ কৰিছে। এই ফটোসমূহত অভিনেত্ৰীগৰাকীক এক অনন্য পোচাকৰ সৈতে দেখা গৈছে। দুখনকৈ ফটো শ্বেয়াৰ কৰি কংগনাই কেপচন লিখিছে - "মই এই কথাটোত গুৰুত্ব দিব বিচাৰিছো যে এগৰাকী মহিলাই কি পিন্ধে আৰু কি পিন্ধিবলৈ পাহৰি যায়, সেয়া সম্পূৰ্ণ তেওঁৰ কথা... আপোনাৰ নহয়।"

আন এখন ফটোৰ সৈতে অভিনেত্ৰীগৰাকীয়ে লিখিছে-


উল্লেখযোগ্য  যে কংগনা ৰানাউটে শ্বেয়াৰ কৰা এই ছবিবোৰ ‘ধাকাড়’ ছবিখনৰ সময়ৰ। ছবিখন মুক্তৰ সময়ত পৰিচালক ৰজনীশ ঘাইক কংগনাৰ সৈতে এখন ছবিত দেখা গৈছিল। কংগনাই এই ছবিবোৰ পোষ্ট কৰাৰ সময়ত ছ’চিয়েল মিডিয়াত ইউজাৰে ট্ৰ’ল কৰিছিল। সেইবাবেই হয়তো সেই নেতিবাচক মন্তব্যৰ উত্তৰ দিছে কংগনাই। 

বৰ্তমান সময়ত কংগনা ৰানাউট ইমাৰ্জেন্সি ছবিখনৰ শ্বুটিঙৰ কামত ব্যস্ত হৈ পৰিছে। ইমাৰ্জেন্সীত কংগনা ৰানাউটৰ উপৰিও মহিমা চৌধুৰী, অনুপম খেৰকো গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব। আনহাতে ছবিখনত কংগনা ৰানাউকক ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?