--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চৰ্চাত পুনৰ কংগনা ৰানাউট। বলীউডত মুক্ত আৰু নিৰ্ভীকভাৱে নিজৰ মতামত ব্যক্ত কৰা অভিনেত্ৰী কংগনা ৰানাউটে পুনৰবাৰ লাইমলাইটলৈ আহিছে। এইবাৰ নাৰী অধিকাৰক লৈ এক শক্তিশালী কণ্ঠস্বৰে ছ’চিয়েল মিডিয়াৰ ট্ৰ’লাসকলক এক উপযুক্ত উত্তৰ দিছে । কংগনাৰ মতে মহিলাসকলে নিজৰ পছন্দ-অপচন্দৰ বিষয়ে অতি স্পষ্টভাৱে কোৱা উচিত। ইয়াত হস্তক্ষেপ কৰাৰ অধিকাৰ কাৰো নাই।

অভিনেত্ৰী কংগনা ৰানাউটে ইনষ্টাগ্ৰাম ষ্ট'ৰীত নিজৰ পুৰণি ছবিসমূহ শ্বেয়াৰ কৰি সমগ্ৰ বিশ্বৰ মহিলাসকলক এক বিশেষ বাৰ্তা প্ৰদান কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ ছ’চিয়েল মিডিয়াৰ ট্ৰ’লকো তিৰস্কাৰ কৰিছে। এই ফটোসমূহত অভিনেত্ৰীগৰাকীক এক অনন্য পোচাকৰ সৈতে দেখা গৈছে। দুখনকৈ ফটো শ্বেয়াৰ কৰি কংগনাই কেপচন লিখিছে - "মই এই কথাটোত গুৰুত্ব দিব বিচাৰিছো যে এগৰাকী মহিলাই কি পিন্ধে আৰু কি পিন্ধিবলৈ পাহৰি যায়, সেয়া সম্পূৰ্ণ তেওঁৰ কথা... আপোনাৰ নহয়।"

আন এখন ফটোৰ সৈতে অভিনেত্ৰীগৰাকীয়ে লিখিছে-


উল্লেখযোগ্য  যে কংগনা ৰানাউটে শ্বেয়াৰ কৰা এই ছবিবোৰ ‘ধাকাড়’ ছবিখনৰ সময়ৰ। ছবিখন মুক্তৰ সময়ত পৰিচালক ৰজনীশ ঘাইক কংগনাৰ সৈতে এখন ছবিত দেখা গৈছিল। কংগনাই এই ছবিবোৰ পোষ্ট কৰাৰ সময়ত ছ’চিয়েল মিডিয়াত ইউজাৰে ট্ৰ’ল কৰিছিল। সেইবাবেই হয়তো সেই নেতিবাচক মন্তব্যৰ উত্তৰ দিছে কংগনাই। 

বৰ্তমান সময়ত কংগনা ৰানাউট ইমাৰ্জেন্সি ছবিখনৰ শ্বুটিঙৰ কামত ব্যস্ত হৈ পৰিছে। ইমাৰ্জেন্সীত কংগনা ৰানাউটৰ উপৰিও মহিমা চৌধুৰী, অনুপম খেৰকো গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব। আনহাতে ছবিখনত কংগনা ৰানাউকক ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক