--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম কৰিছে অমিতাভ বচ্ছনৰ নাতিনী নৱ্যা নাৱেলী নন্দাই। প্ৰেমিক হৈছে সিদ্ধান্ত চতুৰ্বেদী। দুয়োকে কেইবাটাও পাৰ্টিত একেলগে দেখা পোৱা গৈছে। যোৱা কেইমাহমানৰ পৰা বলিউডত এই লৈ চৰ্চা চলি আছে।

এইবাৰ মুম্বাইৰ ফেশ্বন শ্ব’ত দেখা গ’ল বলীউডৰ এই চৰ্চিত প্ৰেমিকযুগলক। কিন্তু এইবাৰ সিদ্ধান্ত আৰু নৱ্যাই নহয়, অভিনেতাগৰাকীৰ পিতৃৃ-মাতৃৰ স’তেও নৱ্যাই একেলগে বহি থকা দেখা যায়। সিদ্ধান্তই ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ কাঢ়ে। দৰ্শকৰ মাজত অভিনেতা গৰাকীৰ পিতৃ-মাতৃৰ কাষত দেখা যায় নৱ্যাক। তাৰপাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ফটোসমূহ।

বলীউডৰ অন্যতম জনপ্ৰিয় সাজ-পোছাক ডিজাইনাৰ আবু জানি আৰু সন্দীপ খোছলা। ‘গালি বয়’ খ্যাতিৰ অভিনেতা সিদ্ধান্ত চতুৰ্বেদীয়ে তেওঁলোকৰ দ্বাৰা আয়োজিত ফেশ্বন শ্ব’ত মঞ্চৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মৃণাল ঠাকুৰ তেওঁৰ সংগী হয়। সিদ্ধান্তৰ মাক-দেউতাক দৰ্শকৰ মাজত আছিল। আৰু সিদ্ধান্তৰ মৰমৰ প্ৰেয়সী নৱ্যা নাভেলী নন্দাকো তেওঁলোকৰ কাষতে দেখা গ’ল। নব্যাৰ মাক শ্বেতা বচ্চনো নন্দাৰ কাষত বহি আছিল।



এই অনুষ্ঠানৰ সময়ত অমিতাভৰ নাতিনীয়েকে সিদ্ধান্তৰ মাতৃৰ সৈতেও মত বিনিময় কৰা দেখা গৈছিল। ইয়াৰ ফলত জল্পনা-কল্পনা বৃদ্ধি পাইছে। দুয়োজন তাৰকাই ইজনে সিজনৰ পৰিয়ালৰ লগত চিনাকি হৈ পৰিছে নেকি এই লৈ চৰ্চা চলিছে।

এই অনুষ্ঠানত মাতৃ শ্বেতা বচ্চন নন্দাৰ সৈতে নৱ্যা উপস্থিত থাকে। দুয়োৱে আবু জানি আৰু সন্দীপ খোছলাই বনোৱা কাপোৰ পিন্ধিছিল। শ্বেতাই হাতীদাঁতৰ ৰঙৰ শাৰী পিন্ধিছিল। নৱ্যাই পাতল গোলাপী ৰঙৰ শাৰী পিন্ধিছিল।

প্ৰেমক লৈ চৰ্চাত আহিলেও নৱ্যাৰ বৰ্তমান অভিনয়ৰ কোনো পৰিকল্পনা নাই। বিগ বিৰ নাতিনীয়েক ব্যস্ত নিজৰ কোম্পানী আৰু পডকাষ্ট শ্ব’ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু