--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম কৰিছে অমিতাভ বচ্ছনৰ নাতিনী নৱ্যা নাৱেলী নন্দাই। প্ৰেমিক হৈছে সিদ্ধান্ত চতুৰ্বেদী। দুয়োকে কেইবাটাও পাৰ্টিত একেলগে দেখা পোৱা গৈছে। যোৱা কেইমাহমানৰ পৰা বলিউডত এই লৈ চৰ্চা চলি আছে।

এইবাৰ মুম্বাইৰ ফেশ্বন শ্ব’ত দেখা গ’ল বলীউডৰ এই চৰ্চিত প্ৰেমিকযুগলক। কিন্তু এইবাৰ সিদ্ধান্ত আৰু নৱ্যাই নহয়, অভিনেতাগৰাকীৰ পিতৃৃ-মাতৃৰ স’তেও নৱ্যাই একেলগে বহি থকা দেখা যায়। সিদ্ধান্তই ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ কাঢ়ে। দৰ্শকৰ মাজত অভিনেতা গৰাকীৰ পিতৃ-মাতৃৰ কাষত দেখা যায় নৱ্যাক। তাৰপাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ফটোসমূহ।

বলীউডৰ অন্যতম জনপ্ৰিয় সাজ-পোছাক ডিজাইনাৰ আবু জানি আৰু সন্দীপ খোছলা। ‘গালি বয়’ খ্যাতিৰ অভিনেতা সিদ্ধান্ত চতুৰ্বেদীয়ে তেওঁলোকৰ দ্বাৰা আয়োজিত ফেশ্বন শ্ব’ত মঞ্চৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মৃণাল ঠাকুৰ তেওঁৰ সংগী হয়। সিদ্ধান্তৰ মাক-দেউতাক দৰ্শকৰ মাজত আছিল। আৰু সিদ্ধান্তৰ মৰমৰ প্ৰেয়সী নৱ্যা নাভেলী নন্দাকো তেওঁলোকৰ কাষতে দেখা গ’ল। নব্যাৰ মাক শ্বেতা বচ্চনো নন্দাৰ কাষত বহি আছিল।



এই অনুষ্ঠানৰ সময়ত অমিতাভৰ নাতিনীয়েকে সিদ্ধান্তৰ মাতৃৰ সৈতেও মত বিনিময় কৰা দেখা গৈছিল। ইয়াৰ ফলত জল্পনা-কল্পনা বৃদ্ধি পাইছে। দুয়োজন তাৰকাই ইজনে সিজনৰ পৰিয়ালৰ লগত চিনাকি হৈ পৰিছে নেকি এই লৈ চৰ্চা চলিছে।

এই অনুষ্ঠানত মাতৃ শ্বেতা বচ্চন নন্দাৰ সৈতে নৱ্যা উপস্থিত থাকে। দুয়োৱে আবু জানি আৰু সন্দীপ খোছলাই বনোৱা কাপোৰ পিন্ধিছিল। শ্বেতাই হাতীদাঁতৰ ৰঙৰ শাৰী পিন্ধিছিল। নৱ্যাই পাতল গোলাপী ৰঙৰ শাৰী পিন্ধিছিল।

প্ৰেমক লৈ চৰ্চাত আহিলেও নৱ্যাৰ বৰ্তমান অভিনয়ৰ কোনো পৰিকল্পনা নাই। বিগ বিৰ নাতিনীয়েক ব্যস্ত নিজৰ কোম্পানী আৰু পডকাষ্ট শ্ব’ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক