--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুয়োৰে প্ৰেমৰ সম্পৰ্ক আছিল। এটা সময়ত তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ ছবিও ভাইৰেল হৈ পৰিছিল। প্ৰেয়সীক দামী উপহাৰো দিছিল। ইয়াৰ পিছত অভিনেত্ৰী জেকুলিন ফাৰ্নাণ্ডেজৰ প্ৰেমিক সুকেশ চন্দ্ৰশেখৰ ২০০ কোটি টকাৰ আৰ্থিক আত্মসাৎৰ গোচৰত জড়িত হৈ পৰে।

আৰ্থিক জালিয়াতিৰ গোচৰত অভিনেত্ৰী জেকুলিন ফাৰ্নাণ্ডেজো নাম জড়িত হৈ পৰে। তাৰপাছতে সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে মন্তব্য কৰে জেকুলিনে। পুলিছৰ জেৰাত স্পষ্টকৈয়ে স্বীকাৰ কৰে যে সুকেশে তেওঁ জীৱনটোক নৰক কৰি তুলিছে।

এতিয়া প্ৰায় ডেৰ বছৰ কাৰাবাস খাটিছে সুকেশ। জেলৰ পৰাই সুকেশে মঙলবাৰে নিজৰ প্ৰেয়সীলৈ প্ৰেম দিৱসৰ শুভেচ্ছা প্ৰেৰণ কৰে। আৰক্ষীৰ সন্মুখতে তেওঁ ক'লে, "মোৰ পৰা জেকুলিনলৈ ভেলেণ্টাইন ডে'ৰ শুভেচ্ছা থাকিল।"

সুকেশে ভেলেণ্টাইন ডে’ত কেৱল জেকলিনকে নহয়, নোৰা ফাতেহীক লৈও বিস্ফোৰক মন্তব্য কৰে। মঙলবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই শুনানিৰ বাবে আদালতৰ বাহিৰলৈ লৈ গৈছিল সুকেশক। আৰক্ষীয়ে চাৰিওফালে পহৰা দিয়ে সুকেশৰ পিন্ধনত বিখ্যাত ব্ৰেণ্ডৰ কাপোৰ।

লগে লগে সংবাদ মাধ্যমে তেওঁক উদ্দেশ্যি প্ৰশ্ন নিক্ষেপ কৰিছে। তাতেই তেওঁ কাৰো নাম নোলোৱাকৈ ক’লে, “মোৰ পৰা ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা থাকিল।” প্ৰিয়জনক উদ্দেশ্যি সাংবাদিকৰ তৰফৰ পৰাই তেওঁ ক’লে- “আপুনি ভালপোৱাজনক ৰক্ষা কৰিবলৈ চেষ্টা কৰিব।” তাৰ পিছত নোৰা ফাতেহীৰ বিষয়ে সোধাত সুকেশৰ স্পষ্ট উত্তৰ, “লোভীয়াবিলাকৰ কথা ক'ব নিবিচাৰো।’’

উল্লেখ্য যে সুকেশৰ স’তে জেকুলিন, নোৰাকে ধৰি কেইবাগৰাকীও অভিনেত্ৰী জড়িত হৈ আছে। নোৰাৰ বিৰুদ্ধে সুকেশে ইতিমধ্যে কেইবাটাও অভিযোগ উত্থাপন কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক