--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুয়োৰে প্ৰেমৰ সম্পৰ্ক আছিল। এটা সময়ত তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ ছবিও ভাইৰেল হৈ পৰিছিল। প্ৰেয়সীক দামী উপহাৰো দিছিল। ইয়াৰ পিছত অভিনেত্ৰী জেকুলিন ফাৰ্নাণ্ডেজৰ প্ৰেমিক সুকেশ চন্দ্ৰশেখৰ ২০০ কোটি টকাৰ আৰ্থিক আত্মসাৎৰ গোচৰত জড়িত হৈ পৰে।

আৰ্থিক জালিয়াতিৰ গোচৰত অভিনেত্ৰী জেকুলিন ফাৰ্নাণ্ডেজো নাম জড়িত হৈ পৰে। তাৰপাছতে সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে মন্তব্য কৰে জেকুলিনে। পুলিছৰ জেৰাত স্পষ্টকৈয়ে স্বীকাৰ কৰে যে সুকেশে তেওঁ জীৱনটোক নৰক কৰি তুলিছে।

এতিয়া প্ৰায় ডেৰ বছৰ কাৰাবাস খাটিছে সুকেশ। জেলৰ পৰাই সুকেশে মঙলবাৰে নিজৰ প্ৰেয়সীলৈ প্ৰেম দিৱসৰ শুভেচ্ছা প্ৰেৰণ কৰে। আৰক্ষীৰ সন্মুখতে তেওঁ ক'লে, "মোৰ পৰা জেকুলিনলৈ ভেলেণ্টাইন ডে'ৰ শুভেচ্ছা থাকিল।"

সুকেশে ভেলেণ্টাইন ডে’ত কেৱল জেকলিনকে নহয়, নোৰা ফাতেহীক লৈও বিস্ফোৰক মন্তব্য কৰে। মঙলবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই শুনানিৰ বাবে আদালতৰ বাহিৰলৈ লৈ গৈছিল সুকেশক। আৰক্ষীয়ে চাৰিওফালে পহৰা দিয়ে সুকেশৰ পিন্ধনত বিখ্যাত ব্ৰেণ্ডৰ কাপোৰ।

লগে লগে সংবাদ মাধ্যমে তেওঁক উদ্দেশ্যি প্ৰশ্ন নিক্ষেপ কৰিছে। তাতেই তেওঁ কাৰো নাম নোলোৱাকৈ ক’লে, “মোৰ পৰা ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা থাকিল।” প্ৰিয়জনক উদ্দেশ্যি সাংবাদিকৰ তৰফৰ পৰাই তেওঁ ক’লে- “আপুনি ভালপোৱাজনক ৰক্ষা কৰিবলৈ চেষ্টা কৰিব।” তাৰ পিছত নোৰা ফাতেহীৰ বিষয়ে সোধাত সুকেশৰ স্পষ্ট উত্তৰ, “লোভীয়াবিলাকৰ কথা ক'ব নিবিচাৰো।’’

উল্লেখ্য যে সুকেশৰ স’তে জেকুলিন, নোৰাকে ধৰি কেইবাগৰাকীও অভিনেত্ৰী জড়িত হৈ আছে। নোৰাৰ বিৰুদ্ধে সুকেশে ইতিমধ্যে কেইবাটাও অভিযোগ উত্থাপন কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু