--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এম চি ষ্টান। পেছাত ৰেপাৰ। পিন্ধনত ডিঙিত তিনিডাল হীৰাৰ নেকলেচ, ভৰিত আশী হাজাৰ টকীয়া জোতা। দেওবাৰে মাজনিশা ‘বিগ বছ’ৰ ৰিয়েলিটি শ্ব’ৰ বিজয়ী হয় হায়দৰাবাদৰ ৰেপাৰ এম চি ষ্টেন। 'বিগ বছ’ৰ ট্ৰফীৰ উপৰিও ৩১ লাখ ৮০ হাজাৰ টকা আৰু এখন গাড়ী লাভ কৰে।

কিন্তু এই অশেষ সফলতা লাভ কৰা এম চি ষ্টেনৰ জীৱন কেনেকুৱা আছিল? কিমান সংগ্ৰাম কৰিবলগা হৈছিল তেওঁ? জানো আহক।

১৯৯৯ চনৰ ৩০ আগষ্টত পুনেৰ এখন বস্তিত মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল এম চি ষ্টেনৰ। তেওঁৰ পিতৃয়ে মহাৰাষ্ট্ৰ আৰক্ষী বিভাগত কাম কৰিছিল। পৰিয়ালৰ আৰ্থিক অৱস্থা বৰ বেয়া আছিল।

কিন্তু এই পৰিস্থিতিৰ মাজতো ষ্টান সংগীতৰ প্ৰতি প্ৰৱল আছিল। ১২ বছৰ বয়সৰ পৰাই তেওঁ কাৱালী গাইছিল। ভিন্ন ৰুচিৰ গীতৰ সৈতে চিনাকি হৈছিল এম চি ষ্টানৰ। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ প্ৰথম ইংৰাজী ভাষাৰ হিপ-হপ আৰু ৰেপ সংগীত শুনিছিল।

হিপ-হপৰ অৰ্থ বুজিবলৈ তেওঁ ইংৰাজী শিকিবলৈ আৰম্ভ কৰিলে। স্কুলত পঢ়ি থাকোতেই তেওঁ ৰেপ গীত লিখিবলৈ আৰম্ভ কৰিছিল। বিভিন্ন প্ৰতিযোগিতাতো অংশ লৈছিল।

সংগীতজ্ঞ এমিনেমক এম চি ষ্টানে গুৰু বুলি গণ্য কৰিছিল। গুৰুভক্তিৰ বাবে তেওঁ নিজৰ নামো সলনি কৰিছিল। এম চি ষ্টেনৰ প্ৰকৃত নাম আলতাফ শ্বেখ। এমিনেমৰ ‘ষ্টান’ নামৰ গীত এটা মুক্তি পোৱাৰ পিছতে আলটাফে নিজৰ নাম সলনি কৰে।

পঢ়া-শুনাৰ ফালে পিঠি দি গানত ধৰাৰ বাবে ষ্টানৰ পৰিয়াল আৰু বন্ধুবৰ্গই প্ৰথমে আপত্তি কৰিছিল । কিন্তু পিছলৈ সকলোৱে তেওঁৰ কাষত থিয় দিলে। সংগীতৰ বাবে তেওঁ পঢ়া-শুনা মাজ বাটতে এৰি দিয়ে।

পৰিয়ালৰ দৰিদ্ৰতা ষ্টানে সহ্য কৰিব নোৱাৰিছিল। দৰিদ্ৰতাৰ পৰা কেনেদৰে মুক্তি লাভ কৰিব সেয়া তেওঁ সংগীত চৰ্চাৰ মাজতে চিন্তা কৰিব ধৰিলে।

এম চি ষ্টানে গীত লিখোঁতে নিজৰ অনুভৱ প্ৰকাশ কৰিছিল। ২০১৮ চনত মুক্তি পাইছিল তেওঁৰ প্ৰথমটো গীত। গীতটোৰ নাম 'আস্তাঘফিৰুল্লাহ'। এই গীতটিৰ জৰিয়তে তেওঁ নিজৰ ব্যক্তিগত জীৱন উদঙাই দিছিল। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ পৰা আৰম্ভ কৰি তেওঁ কেনেকৈ ক্ৰমান্বয়ে নিচাৰ ফালে ধাৱমান হ’ল, সেইসমূহ কথা গীতটোত উল্লেখ কৰিছিল। ইউটিউবত প্ৰকাশ পোৱাৰ পিছত এই গীতটোৱে বহু লোকৰ হৃদয় চুই গৈছিল।

ষ্টানে তেওঁৰ দ্বিতীয়টো গীত ‘ৱাটা’ৰ জৰিয়তে জনপ্ৰিয় হৈ পৰে। তেওঁৰ জনপ্ৰিয়তা দেখি তেওঁৰ সমসাময়িক ৰেপাৰ এমিৱে’ বানটাই ৰেপ গীতৰ জৰিয়তে এম চি ষ্টেনক উপহাস কৰিবলৈ আৰম্ভ কৰে। এমমিৱেৰ প্ৰত্যুত্তৰত ষ্টানেও কাউণ্টাৰ ৰেপ সৃষ্টি কৰিছিল।

গীতটোৰ জৰিয়তে এম চি ষ্টেন আৰু এমিৱে’ৰ সাংগিতীক তৰ্কযুদ্ধ অব্যাহত আছে। পৰিস্থিতি ইমানেই উত্তাল হৈ পৰিছিল যে ষ্টানে জেললৈও যাবলগীয়া হৈছিল। জেলত থকাৰ সময়তো তেওঁ ৰৈ নাথাকিল। জেলত বহি থকা অৱস্থাত এটাৰ পিছত এটাকৈ গীত লিখিছিল।

কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত ২০১৯ চনত মুক্তি লাভ কৰিছিল এম চি ষ্টেনৰ গীত ‘খুজা মট’। এই গীতটোৱেও ইউটিউবত পোষ্ট কৰাৰ পিছত ভাল সঁহাৰি পালে।

এটা পুৰণি সাক্ষাৎকাৰত ষ্টানে কৈছিল যে এমিৱে’ৰ সৈতে তেওঁৰ সমস্যাটো পেচাদাৰী। তেওঁলোকৰ মাজত কোনো ব্যক্তিগত সমস্যা নাই। সম্পৰ্কত এম চি ষ্টেনৰ খুলশালীয়েক হয় এমিৱে’।

অৱশ্যে বিতৰ্কৰ সৈতে এম চি ষ্টানৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। প্ৰাক্তন প্ৰেমিক আজমা শ্বেইখে ষ্টান বিৰুদ্ধে মুম্বাইৰ আন্ধেৰী থানাত নিৰ্যাতনৰ এজাহাৰো দাখিল কৰিছিল। আজমাই দাবী কৰে যে বহুদিন সম্পৰ্কত থকাৰ পিছত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটিছিল।

ব্ৰেকআপৰ পিছত আজমা আৰু এম চি ষ্টান দুয়োজনে নিজৰ ছ’চিয়েল মিডিয়াত ইজনে সিজনৰ ঘৰৰ ঠিকনা পোষ্ট কৰে। এই ঘটনাৰ পিছতেই এম চি ষ্টানে নিজৰ মেনেজাৰক আজমাৰ ঘৰলৈ পঠিয়াইছিল। আজমাই দাবী কৰে যে তাত মেনেজাৰে তেওঁক মাৰপিট কৰিছিল।

ৰেপ সংগীতৰ জগতৰ প্ৰথম গায়ক ৰাফটাৰ। খবৰ অনুসৰি ৰাফটাৰে এম চি ষ্টানক এটা উপহাৰ দিছিল। কিন্তু ষ্টানে ৰাফটাৰৰ উপহাৰটো সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছিল।

ৰাফটাৰে উপহাৰেৰে উদীয়মান ৰেপ গায়কসকলক অনুপ্ৰাণিত কৰে। তেওঁ সদায় এই পৰম্পৰা অনুসৰণ কৰি আহিছে। সংগীত জগতৰ বহুতেই এই বিষয়ে জানিছিল। কিন্তু ষ্টানে এই বিষয়ে অৱগত নাছিল।

ৰাফটাৰে যেতিয়া এম চি ষ্টানক উপহাৰ হিচাপে এটা মাইক দিবলৈ যায়, তেতিয়া তেওঁ সেই মাইকটো ঘূৰাই দিয়ে। এইবাবেও চৰ্চালৈ আহিছিল ষ্টান।

ইনষ্টাগ্ৰামত এম চি ষ্টানৰ অনুৰাগীৰ সংখ্যা অগণন। এই প্ৰতিবেদন লিখাৰ সময়লৈকে তেওঁৰ অনুৰাগী ৮৮ লাখ। ষ্টানে নিজেই বৃহৎ ফ’ল’ৱাৰ থকাৰ পিছতো ইনষ্টাগ্ৰামত কাকো ‘ফ’ল’ নকৰে। আনকি বলিউডৰ অভিনেতা ৰণবীৰ সিঙেও তেওঁক ফল’ কৰিছিল। কিন্তু ষ্টানে ফল’ বেক নকৰিলে অভিনেতাজনক।

এটা সাক্ষাৎকাৰত এম চি ষ্টানে কয় যে তেওঁৰ ঘৰত টিভি নাছিল। ‘বিগ বছ’ত অংশগ্ৰহণ কৰাৰ পিছতে এম চি ষ্োনৰ মাকে ৭০ হাজাৰ টকাৰ টিভি কিনিছিল। ষ্টানে ক'লে, "যিদিনা মায়ে ৭০ হাজাৰ টকাত টিভিটো কিনিছিল, সেইদিনা মোৰ ভৰিত ৮০ হাজাৰ টকীয়া জোতা আছিল।"

বিখ্যাত ব্ৰেণ্ডৰ কাপোৰ, জোতা পিন্ধি ঘূৰি ফুৰি ভাল পায় ষ্টানে। কিন্তু এম চি ষ্টেনৰ হীৰা নেকেলেচৰ প্ৰতি বিশেষ আকৰ্ষণ আছে। ইংৰাজী আখৰেৰে ‘হিন্দী’ শব্দো লিখা হীৰাৰ নেকলেচ পৰিধান কৰে ষ্টানে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি এই নেকেলেচৰ দাম প্ৰায় ডেৰ কোটি টকা। কোনো কোনোৱে দাবী কৰে যে হিপ-হপ তাৰকাৰ ভিতৰত তেওঁৰ হাততে আটাইতকৈ দীঘল হীৰা নেকলেচডাল আছে। ইয়াৰ উপৰিও এম চি ষ্টেনৰ হাতত আছে ‘৫০ লাখ টকা’ বুলি লিখা এটা হীৰাৰ লকেট। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি এই লকেটটো ৬০ কেৰেটৰ হীৰাৰে তৈয়াৰ কৰা হৈছে।

‘বিগ বছ’ৰ আন প্ৰতিযোগীসকলে এম চি ষ্টানৰ বিলাসী জীৱনক লৈ তিৰ্যক মন্তব্য কৰিছিল। আনকি সকলোৱে ঠাট্টা কৰাৰ ফলত ষ্টানে কান্দি উঠিছিল। কিন্তু তেওঁৰ সতীৰ্থ প্ৰতিযোগীসকলে কল্পনাও কৰিব পৰা নাছিল যে এম চি ষ্টেনে ‘বিগ বছ’ৰ দৰে প্লেটফৰ্মত জয়ী হ’ব। বহুতে তেওঁক ‘অযোগ্য বিজয়ী’ উপাধি দি ঠাট্টা কৰিবলৈ ৰৈ নাথাকিল।

এইসমূহৰ উত্তৰত এম চি ষ্টেনে কয়, “যিসকলে হিংসাৰ জুইত জ্বলি পুৰি মৰিছে, ই অতি স্বাভাৱিক কথা। এয়া মানুহৰ প্ৰবৃত্তি। মইও ঈৰ্ষাপৰায়ী মানুহ ভাল পাওঁ। সকলোৱে জয়ী হ’ব নোৱাৰে! মানি লোৱাৰ বাহিৰে কি বাট আছে কওক! মইও আন সকলোৰে দৰেই আচৰিত হৈছো, কিন্তু গভীৰভাৱে অনুভৱ কৰিছো যে মইয়েই এই সন্মানৰ যোগ্য।"

অৱশ্যে এম চি ষ্টেনৰ যাত্ৰা ইয়াতেই শেষ নহয়। তেওঁ কয় যে এটা সময়ত টকাৰ অভাৱত তেওঁ ৰাস্তাত দিন কটাবলগীয়া হৈছিল। এতিয়া আৰু টকাৰ কথা ভাবিব নালাগে।

এম চি ষ্টেনৰ আশীটাকৈ গান আছে, যিকেইটা মুক্তিলাভ কৰা নাই। ইয়াৰ পিছত আৰু গীত লিখিব বুলিও তেওঁ কয়। ষ্টানে লগতে কয় যে তেওঁ ইমান সহজে ৰেপ সংগীতৰ জগতখন এৰি যোৱা মানুহ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই