--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘চৰ্দাৰ ২’ ছবিৰ চেটত সংঘটিত দুৰ্ঘটনা, ২০ ফুটৰ পৰা পৰি মৃত্যু হয় ৫৪ বছৰীয়া ষ্টাণ্টমেনৰ

চলচ্চিত্ৰ জগতৰ পৰা আহিছে এক দুখৰ খবৰ। ‘চৰ্দাৰ ২’ চিনেমাৰ চেটত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। ৫৪ বছৰীয়া জ্যেষ্ঠ ষ্টাণ্টমেন এলুমালাইৰ মৃত্যু। ষ্টাণ্টৰ সময়ত ওপৰৰ পৰা পৰি তেওঁ প্ৰাণ হেৰুৱালে।

এলুমালাইয়ে ৰজনীকান্ত, কমল হাছান, বিজয়, অজিত কুমাৰৰ বাবে বহু চিনেমাত ষ্টাণ্ট কৰিছিল। মঙলবাৰে তেওঁ কাৰ্তীৰ চিনেমা ‘চৰ্দাৰ ২’ৰ বাবে ষ্টাণ্ট কৰি আছিল। তাৰ পিছত এল ভি প্ৰসাদ লেব চৌহদত নিৰাপত্তাৰ অভাৱত ২০ ফুট তলত পৰিল। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁক বচাব নোৱাৰিলে আৰু তেওঁৰ মৃত্যু হ’ল। তেওঁৰ বুকুৰ চাৰিওফালে বহুত আঘাত আছিল। তেওঁৰ হাওঁফাওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বিৰুগম্বকম আৰক্ষীয়ে এই বিষয়ত এফআইআৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। এলুমালাইৰ পৰিয়ালৰ লোকৰ ওপৰত ভাগি পৰিছে দুখৰ পাহাৰ। চৰ্দাৰ ২ ছবিখনৰ চেটত এক দুখৰ পৰিৱেশে বিৰাজ কৰিছে। চকুলোৰে এলুমালাইক স্মৰণ কৰি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে।

উল্লেখ্য যে ১৫ জুলাইৰ পৰা আৰম্ভ হৈছিল চৰ্দাৰ ২ ছবিখনৰ শ্বুটিং। ইয়াৰ শ্বুটিং চলি আছিল চেন্নাইৰ এল ভি প্ৰসাদ ষ্টুডিঅ’ত। ১২ জুলাইত মুহুৰত পূজাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ‘চৰ্দাৰ ২’। পূজাত উপস্থিত থাকে পৰিচালক পি এছ মথিৰণ, কাৰ্তিকে ধৰি অন্যান্য ক্ৰু সদস্যসকল। প্ৰবীণ অভিনেতা শিৱকুমাৰকো ইয়াত দেখা গ’ল।

‘চৰ্দাৰ ২’ ছবিখনৰ বাকী অভিনেতা-অভিনেত্ৰীসকলৰ বিষয়ে এতিয়াও প্ৰকাশ হোৱা নাই। ইয়াৰ প্ৰথম খণ্ড ২০২২ চনত মুক্তি পাইছিল। এইখন আছিল এখন চোৰাংচোৱা থ্ৰিলাৰ চিনেমা। য’ত কাৰ্তীৰ দ্বৈত ভূমিকা আছিল। ছবিখনে জনসাধাৰণ, সমালোচক আৰু দৰ্শকৰ পৰা উৎকৃষ্ট সঁহাৰি লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ