--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘চৰ্দাৰ ২’ ছবিৰ চেটত সংঘটিত দুৰ্ঘটনা, ২০ ফুটৰ পৰা পৰি মৃত্যু হয় ৫৪ বছৰীয়া ষ্টাণ্টমেনৰ

চলচ্চিত্ৰ জগতৰ পৰা আহিছে এক দুখৰ খবৰ। ‘চৰ্দাৰ ২’ চিনেমাৰ চেটত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। ৫৪ বছৰীয়া জ্যেষ্ঠ ষ্টাণ্টমেন এলুমালাইৰ মৃত্যু। ষ্টাণ্টৰ সময়ত ওপৰৰ পৰা পৰি তেওঁ প্ৰাণ হেৰুৱালে।

এলুমালাইয়ে ৰজনীকান্ত, কমল হাছান, বিজয়, অজিত কুমাৰৰ বাবে বহু চিনেমাত ষ্টাণ্ট কৰিছিল। মঙলবাৰে তেওঁ কাৰ্তীৰ চিনেমা ‘চৰ্দাৰ ২’ৰ বাবে ষ্টাণ্ট কৰি আছিল। তাৰ পিছত এল ভি প্ৰসাদ লেব চৌহদত নিৰাপত্তাৰ অভাৱত ২০ ফুট তলত পৰিল। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁক বচাব নোৱাৰিলে আৰু তেওঁৰ মৃত্যু হ’ল। তেওঁৰ বুকুৰ চাৰিওফালে বহুত আঘাত আছিল। তেওঁৰ হাওঁফাওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বিৰুগম্বকম আৰক্ষীয়ে এই বিষয়ত এফআইআৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। এলুমালাইৰ পৰিয়ালৰ লোকৰ ওপৰত ভাগি পৰিছে দুখৰ পাহাৰ। চৰ্দাৰ ২ ছবিখনৰ চেটত এক দুখৰ পৰিৱেশে বিৰাজ কৰিছে। চকুলোৰে এলুমালাইক স্মৰণ কৰি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে।

উল্লেখ্য যে ১৫ জুলাইৰ পৰা আৰম্ভ হৈছিল চৰ্দাৰ ২ ছবিখনৰ শ্বুটিং। ইয়াৰ শ্বুটিং চলি আছিল চেন্নাইৰ এল ভি প্ৰসাদ ষ্টুডিঅ’ত। ১২ জুলাইত মুহুৰত পূজাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ‘চৰ্দাৰ ২’। পূজাত উপস্থিত থাকে পৰিচালক পি এছ মথিৰণ, কাৰ্তিকে ধৰি অন্যান্য ক্ৰু সদস্যসকল। প্ৰবীণ অভিনেতা শিৱকুমাৰকো ইয়াত দেখা গ’ল।

‘চৰ্দাৰ ২’ ছবিখনৰ বাকী অভিনেতা-অভিনেত্ৰীসকলৰ বিষয়ে এতিয়াও প্ৰকাশ হোৱা নাই। ইয়াৰ প্ৰথম খণ্ড ২০২২ চনত মুক্তি পাইছিল। এইখন আছিল এখন চোৰাংচোৱা থ্ৰিলাৰ চিনেমা। য’ত কাৰ্তীৰ দ্বৈত ভূমিকা আছিল। ছবিখনে জনসাধাৰণ, সমালোচক আৰু দৰ্শকৰ পৰা উৎকৃষ্ট সঁহাৰি লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু