--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
গৃহমন্ত্ৰী অমিত শ্বাহে ষ্টেডিয়াম বিষয়ত কংগ্ৰেছক লক্ষ্য কৰি কয়- "চৰ্দাৰ পেটেলৰ নাম লোৱাৰ কংগ্ৰেছৰ কোনো অধিকাৰ নাই। কংগ্ৰেছৰ দিনত পেটেলে ইতিহাসত উপযুক্ত স্থান নাপালে। নৰেন্দ্ৰ ভায়ে চৰ্দাৰ পেটেলৰ আটাইতকৈ ডাঙৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল। এজনো কংগ্ৰেছ নেতাই তাত ফুল দিবলৈ যোৱা নাছিল। প্ৰতিমূৰ্তি যিয়েই নিৰ্মাণ নকৰক, সকলোৱে যোৱা উচিত। চৰ্দাৰৰ নামত কোনো প্ৰকল্প নাই, নাই স্মাৰক, আৰু আজি তেওঁলোকে কথা পাতিছে!"


শ্বাহে পুনৰ কয়- "ষ্টেডিয়াম সন্দৰ্ভত মই স্পষ্ট কৰি দিছোঁ যে তাত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম নামৰ এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। কংগ্ৰেছে ভুল তথ্য প্ৰচাৰ কৰি আছে। তাত এটা ক্ৰীড়া কমপ্লেক্স আছে, য'ত ১৮ খন ষ্টেডিয়াম আছে। তাৰে এখন হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। সমগ্ৰ ক্ৰীড়া কমপ্লেক্সটোৰ নাম চৰ্দাৰ বল্লভভাই পেটেল ক্ৰীড়া কমপ্লেক্স। চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদানৰ বাবে আমি গোটেই কমপ্লেক্সটোৰ নাম সলনি কৰিছোঁ। বিজেপিয়ে কেৱল এইটো কৰিব পাৰে। যিসকলৰ কোনো ইছ্যু নাই, তেওঁলোকে এই অভিযোগবোৰ কৰিব পাৰে।"


উল্লেখ্য যে কিছুদিন পূৰ্বে কংগ্ৰেছে গুজৰাট বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰিছিল। গুজৰাট কংগ্ৰেছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নাম সলনি কৰি চৰ্দাৰ বল্লভভাই পেটেল ষ্টেডিয়াম কৰাৰ কথা কোৱা হৈছিল।


অমিত শ্বাহে লগতে আগন্তুক নিৰ্বাচনত বিজেপি প্ৰাৰ্থীয়ে বিজয় সুনিশ্চিত কৰিব বুলি উল্লেখ কৰি কয়, "মোদীজী প্ৰধানমন্ত্ৰী হৈ যোৱাৰ পিছত আনন্দীবেন পেটেল আছিল। তাৰ পিছত বিজয়ভাই আছিল। এতিয়া ভূপেন্দ্ৰ ভাই। পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব ভূপেন্দ্ৰ পেটেল।'' শ্বাহে লগতে আম আদমী পাৰ্টীক কটাক্ষ কৰি কয়- বহুতে আহি কয় যে আমি গুজৰাটত প্ৰাথমিক শিক্ষা বিনামূলীয়া কৰিম। কিন্তু ইয়াত শিক্ষা বিনামূলীয়াকৈ দিয়া হৈয়েই আছে।'' গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে অনুচ্ছেদ ৩৭০ আঁতৰাই দিম বুলি কোৱা হৈছিল আৰু সেয়া কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক