--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
গৃহমন্ত্ৰী অমিত শ্বাহে ষ্টেডিয়াম বিষয়ত কংগ্ৰেছক লক্ষ্য কৰি কয়- "চৰ্দাৰ পেটেলৰ নাম লোৱাৰ কংগ্ৰেছৰ কোনো অধিকাৰ নাই। কংগ্ৰেছৰ দিনত পেটেলে ইতিহাসত উপযুক্ত স্থান নাপালে। নৰেন্দ্ৰ ভায়ে চৰ্দাৰ পেটেলৰ আটাইতকৈ ডাঙৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল। এজনো কংগ্ৰেছ নেতাই তাত ফুল দিবলৈ যোৱা নাছিল। প্ৰতিমূৰ্তি যিয়েই নিৰ্মাণ নকৰক, সকলোৱে যোৱা উচিত। চৰ্দাৰৰ নামত কোনো প্ৰকল্প নাই, নাই স্মাৰক, আৰু আজি তেওঁলোকে কথা পাতিছে!"


শ্বাহে পুনৰ কয়- "ষ্টেডিয়াম সন্দৰ্ভত মই স্পষ্ট কৰি দিছোঁ যে তাত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম নামৰ এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। কংগ্ৰেছে ভুল তথ্য প্ৰচাৰ কৰি আছে। তাত এটা ক্ৰীড়া কমপ্লেক্স আছে, য'ত ১৮ খন ষ্টেডিয়াম আছে। তাৰে এখন হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। সমগ্ৰ ক্ৰীড়া কমপ্লেক্সটোৰ নাম চৰ্দাৰ বল্লভভাই পেটেল ক্ৰীড়া কমপ্লেক্স। চৰ্দাৰ বল্লভভাই পেটেলৰ অৱদানৰ বাবে আমি গোটেই কমপ্লেক্সটোৰ নাম সলনি কৰিছোঁ। বিজেপিয়ে কেৱল এইটো কৰিব পাৰে। যিসকলৰ কোনো ইছ্যু নাই, তেওঁলোকে এই অভিযোগবোৰ কৰিব পাৰে।"


উল্লেখ্য যে কিছুদিন পূৰ্বে কংগ্ৰেছে গুজৰাট বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰিছিল। গুজৰাট কংগ্ৰেছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ নাম সলনি কৰি চৰ্দাৰ বল্লভভাই পেটেল ষ্টেডিয়াম কৰাৰ কথা কোৱা হৈছিল।


অমিত শ্বাহে লগতে আগন্তুক নিৰ্বাচনত বিজেপি প্ৰাৰ্থীয়ে বিজয় সুনিশ্চিত কৰিব বুলি উল্লেখ কৰি কয়, "মোদীজী প্ৰধানমন্ত্ৰী হৈ যোৱাৰ পিছত আনন্দীবেন পেটেল আছিল। তাৰ পিছত বিজয়ভাই আছিল। এতিয়া ভূপেন্দ্ৰ ভাই। পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব ভূপেন্দ্ৰ পেটেল।'' শ্বাহে লগতে আম আদমী পাৰ্টীক কটাক্ষ কৰি কয়- বহুতে আহি কয় যে আমি গুজৰাটত প্ৰাথমিক শিক্ষা বিনামূলীয়া কৰিম। কিন্তু ইয়াত শিক্ষা বিনামূলীয়াকৈ দিয়া হৈয়েই আছে।'' গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে অনুচ্ছেদ ৩৭০ আঁতৰাই দিম বুলি কোৱা হৈছিল আৰু সেয়া কৰা হৈছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট এজন সেনা জোৱান
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক