--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে এআই প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰভাৱান্বিত কৰিব পাৰে ভাৰতৰ লোকসভা নিৰ্বাচনক। আপাততঃ তেনে আশংকাই ব্যক্ত কৰা হৈছে মাইক্ৰছফ্টৰ শেহতীয়া প্ৰতিবেদনত । প্ৰতিবেদন খনত প্ৰকাশ পোৱা অনুসৰি ইয়াৰ পূৰ্বে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনক চীনে নানান উপায়ৰে  প্ৰভাৱান্বিত  কৰাৰ অভিযোগ আছিল। এইবাৰ চীনে ভাৰতৰ লোকসভা নিৰ্বাচনত প্ৰভাৱান্বিত কৰাৰ  চেষ্টা কৰি আছে আৰু সেই উদ্দেশ্যৰ বাবে, ড্ৰেগনৰ দেশখনে কৃত্ৰিম বুদ্ধিমত্তা বা এআই ব্যৱহাৰ কৰিব পাৰে। 

মাইক্ৰছফ্টৰ প্ৰতিবেদন  প্ৰকাশ পোৱাৰ পিছতে সেয়ে এতিয়া বিভিন্ন মহলত চিন্তাৰ উদ্ৰেক হোৱা পৰিলক্ষিত হৈছে।  প্ৰতিবেদন খনৰ মতে  চীনে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ভাৰত, দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ নিৰ্বাচনক প্ৰভাৱান্বিত  কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু চীনে ভাৰতৰ নিৰ্বাচনত কেনেকৈ হস্তক্ষেপ কৰিব পাৰে? মাইক্ৰছফ্টে কৈছে যে চুবুৰীয়া দেশখনে ভাৰতৰ  এই গুৰুত্বপূৰ্ণ নিৰ্বাচন প্ৰভাৱান্বিত  কৰিবলৈ সামাজিক মাধ্যমত এআইৰ  ব্যৱহাৰ কৰিব পাৰে। ঝি  জিনপিঙৰ দেশ খনে সামাজিক মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি তেওঁলোকৰ নিজৰ লাভালাভৰ বাবে ভোটদানৰ গতিপথ সলনি বা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। 

অৱশ্যে, প্ৰতিবেদনত কোৱা হৈছে যে এনেদৰে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি ভাৰত বা আমেৰিকাৰ  নিৰ্বাচনক প্ৰভাৱান্বিত কৰাটো সিমান সহজ কথাও নহয়। সেয়া জনাৰ পিছতে অৱশ্যে  চীনে চেষ্টা কৰি থাকিব বুলি প্ৰতিবেদন খনত উল্লেখ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানটোৰ  প্ৰতিবেদন অনুসৰি  বেইজিঙে টাইৱানৰ শেহতীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনক এনেদৰে প্ৰভাৱান্বিত কৰিব বিচাৰিছিল। টাইৱান নিৰ্বাচনৰ আগতে চীনে  এনে ধৰণৰ প্ৰচেষ্টা চলোৱা  দেখা পোৱা নাছিল। অৱশ্যে  চীনে এতিয়া কেৱল  টাইৱানতে সীমাবদ্ধ হৈ থাকিব নিবিচাৰে। কমিউনিষ্ট দেশখনে ভাৰত আৰু আমেৰিকাৰ দৰে দেশৰ ভোট প্ৰভাৱান্বিত  কৰিবলৈ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে। সেইমৰ্মে চীনে এআই ব্যৱহাৰ কৰি চীনক লাভাৱান্বিত কৰিব পৰা নানান ভিডিঅ’ আদি ছ’চিয়েল মিডিয়াত মেলি দিব পাৰে বুলি আশংকা কৰা হৈছে। 

চীনৰ মূল উদ্দেশ্য হৈছে চুবুৰীয়া ভাৰতৰ নিৰ্বাচনী ফলাফলক এনেদৰে প্ৰভাৱান্বিত  কৰা যাতে পৰোক্ষভাৱে  অৰ্থনৈতিক আৰু সামৰিক শক্তিৰ ক্ষেত্ৰত চীন লাভাৱান্বিত  হয়। উল্লেখ্য  চীনে ভাৰতত চাইবাৰ নিৰীক্ষণ বা চাইবাৰ আক্ৰমণ  সংঘটিত কৰাৰ ঘটনা নতুন কথা নহয়। ভাৰতে ইয়াক বাৰে বাৰে প্ৰতিৰোধ কৰিছে। কিন্তু প্ৰত্যক্ষ লোকসভা নিৰ্বাচনত এনে ধৰণৰ চীনা প্ৰভাৱ ভাৰতৰ বাবে বিপজ্জনকো হ'ব পাৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ