--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে এআই প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰভাৱান্বিত কৰিব পাৰে ভাৰতৰ লোকসভা নিৰ্বাচনক। আপাততঃ তেনে আশংকাই ব্যক্ত কৰা হৈছে মাইক্ৰছফ্টৰ শেহতীয়া প্ৰতিবেদনত । প্ৰতিবেদন খনত প্ৰকাশ পোৱা অনুসৰি ইয়াৰ পূৰ্বে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনক চীনে নানান উপায়ৰে  প্ৰভাৱান্বিত  কৰাৰ অভিযোগ আছিল। এইবাৰ চীনে ভাৰতৰ লোকসভা নিৰ্বাচনত প্ৰভাৱান্বিত কৰাৰ  চেষ্টা কৰি আছে আৰু সেই উদ্দেশ্যৰ বাবে, ড্ৰেগনৰ দেশখনে কৃত্ৰিম বুদ্ধিমত্তা বা এআই ব্যৱহাৰ কৰিব পাৰে। 

মাইক্ৰছফ্টৰ প্ৰতিবেদন  প্ৰকাশ পোৱাৰ পিছতে সেয়ে এতিয়া বিভিন্ন মহলত চিন্তাৰ উদ্ৰেক হোৱা পৰিলক্ষিত হৈছে।  প্ৰতিবেদন খনৰ মতে  চীনে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ভাৰত, দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ নিৰ্বাচনক প্ৰভাৱান্বিত  কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু চীনে ভাৰতৰ নিৰ্বাচনত কেনেকৈ হস্তক্ষেপ কৰিব পাৰে? মাইক্ৰছফ্টে কৈছে যে চুবুৰীয়া দেশখনে ভাৰতৰ  এই গুৰুত্বপূৰ্ণ নিৰ্বাচন প্ৰভাৱান্বিত  কৰিবলৈ সামাজিক মাধ্যমত এআইৰ  ব্যৱহাৰ কৰিব পাৰে। ঝি  জিনপিঙৰ দেশ খনে সামাজিক মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি তেওঁলোকৰ নিজৰ লাভালাভৰ বাবে ভোটদানৰ গতিপথ সলনি বা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। 

অৱশ্যে, প্ৰতিবেদনত কোৱা হৈছে যে এনেদৰে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি ভাৰত বা আমেৰিকাৰ  নিৰ্বাচনক প্ৰভাৱান্বিত কৰাটো সিমান সহজ কথাও নহয়। সেয়া জনাৰ পিছতে অৱশ্যে  চীনে চেষ্টা কৰি থাকিব বুলি প্ৰতিবেদন খনত উল্লেখ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানটোৰ  প্ৰতিবেদন অনুসৰি  বেইজিঙে টাইৱানৰ শেহতীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনক এনেদৰে প্ৰভাৱান্বিত কৰিব বিচাৰিছিল। টাইৱান নিৰ্বাচনৰ আগতে চীনে  এনে ধৰণৰ প্ৰচেষ্টা চলোৱা  দেখা পোৱা নাছিল। অৱশ্যে  চীনে এতিয়া কেৱল  টাইৱানতে সীমাবদ্ধ হৈ থাকিব নিবিচাৰে। কমিউনিষ্ট দেশখনে ভাৰত আৰু আমেৰিকাৰ দৰে দেশৰ ভোট প্ৰভাৱান্বিত  কৰিবলৈ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে। সেইমৰ্মে চীনে এআই ব্যৱহাৰ কৰি চীনক লাভাৱান্বিত কৰিব পৰা নানান ভিডিঅ’ আদি ছ’চিয়েল মিডিয়াত মেলি দিব পাৰে বুলি আশংকা কৰা হৈছে। 

চীনৰ মূল উদ্দেশ্য হৈছে চুবুৰীয়া ভাৰতৰ নিৰ্বাচনী ফলাফলক এনেদৰে প্ৰভাৱান্বিত  কৰা যাতে পৰোক্ষভাৱে  অৰ্থনৈতিক আৰু সামৰিক শক্তিৰ ক্ষেত্ৰত চীন লাভাৱান্বিত  হয়। উল্লেখ্য  চীনে ভাৰতত চাইবাৰ নিৰীক্ষণ বা চাইবাৰ আক্ৰমণ  সংঘটিত কৰাৰ ঘটনা নতুন কথা নহয়। ভাৰতে ইয়াক বাৰে বাৰে প্ৰতিৰোধ কৰিছে। কিন্তু প্ৰত্যক্ষ লোকসভা নিৰ্বাচনত এনে ধৰণৰ চীনা প্ৰভাৱ ভাৰতৰ বাবে বিপজ্জনকো হ'ব পাৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু