--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে মুছলমান মহিলাসকলে তেওঁক  শতিকাজুৰি আশীৰ্বাদ কৰি থাকিব। তিনি তালাকৰ দৰে ব্যৱস্থা বাতিল কৰি বহু মুছলমান মহিলাৰ মুখলৈ হাঁহি ঘূৰাই অনাৰ বাবেই মুছলমান মহিলাসকলে তেওঁক আশীৰ্বাদ কৰি যাব বুলি মোদীয়ে কয়। মুছলমান সম্প্ৰদায়ৰ লোক অধ্যুষিত   চাহাৰনপুৰত এক নিৰ্বাচনী জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে  কয় যে প্ৰকৃত ধৰ্মনিৰপেক্ষতা হৈছে যেতিয়া সকলোৱে তেওঁলোকৰ জাতি আৰু ধৰ্ম নিৰ্বিশেষে চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিব পাৰে।  যিটো বিজেপিৰ শাসনকালত হোৱা দেখা গৈছে।" মোদীয়ে কয় " বিজেপি চৰকাৰে তিনি তালাকৰ অশুভ প্ৰথা সমাপ্ত কৰিছে। আমি কোটি কোটি মুছলমান ভগ্নীৰ স্বাৰ্থত এক শক্তিশালী আইন প্ৰণয়ন কৰিছ আৰু তেওঁলোকৰ পৰিয়ালক সুৰক্ষা দিছো"। 


মোদীয়ে লগতে কয় " তিনি তালাক প্ৰথাৰ সমাপ্তি ঘটাই, আমি  মুছলমান পৰিয়াল একোটাক ৰক্ষা কৰিছো আৰু তেওঁলোকৰ ওপৰত ওলমি থকা তৰোৱালৰ ভয়ৰ পৰা  মুক্ত কৰিছো। আগন্তুক শতিকা ধৰি মুছলমান কন্যাসকলে মোদীক আশীৰ্বাদ কৰি থাকিব,"।  

উল্লেখ্য যথেষ্ট মুছলমান জনসংখ্যা থকা পশ্চিম উত্তৰ প্ৰদেশৰ লোকসভা সমষ্টিসমূহ হৈছে ৰামপুৰ (৪২ শতাংশ), আমৰোহা (৩২ শতাংশ), চাহাৰনপুৰ (৩০ শতাংশ), বিজনৌৰ, নাগিনা আৰু মোৰাদাবাদ (প্ৰতিটোত ২৮ শতাংশ), মুজাফ্ফৰনগৰ (২৭ শতাংশ), কৈৰানা আৰু মীৰাট (প্ৰতিটোত ২৩ শতাংশ) আৰু সম্ভাল (২২ শতাংশ)। উত্তৰ প্ৰদেশত প্ৰায় ১৫.৩৪ কোটি লোক ভোটদানৰ বাবে যোগ্য - ৮০ খন লোকসভা আসনৰ সৈতে ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ ৰাজ্য য'ত ১৯ এপ্ৰিলৰ পৰা সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ সময়সূচী অনুসৰি ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত আঠটা সংসদীয় সমষ্টিত ভোটদান হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু