--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে মুছলমান মহিলাসকলে তেওঁক  শতিকাজুৰি আশীৰ্বাদ কৰি থাকিব। তিনি তালাকৰ দৰে ব্যৱস্থা বাতিল কৰি বহু মুছলমান মহিলাৰ মুখলৈ হাঁহি ঘূৰাই অনাৰ বাবেই মুছলমান মহিলাসকলে তেওঁক আশীৰ্বাদ কৰি যাব বুলি মোদীয়ে কয়। মুছলমান সম্প্ৰদায়ৰ লোক অধ্যুষিত   চাহাৰনপুৰত এক নিৰ্বাচনী জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে  কয় যে প্ৰকৃত ধৰ্মনিৰপেক্ষতা হৈছে যেতিয়া সকলোৱে তেওঁলোকৰ জাতি আৰু ধৰ্ম নিৰ্বিশেষে চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিব পাৰে।  যিটো বিজেপিৰ শাসনকালত হোৱা দেখা গৈছে।" মোদীয়ে কয় " বিজেপি চৰকাৰে তিনি তালাকৰ অশুভ প্ৰথা সমাপ্ত কৰিছে। আমি কোটি কোটি মুছলমান ভগ্নীৰ স্বাৰ্থত এক শক্তিশালী আইন প্ৰণয়ন কৰিছ আৰু তেওঁলোকৰ পৰিয়ালক সুৰক্ষা দিছো"। 


মোদীয়ে লগতে কয় " তিনি তালাক প্ৰথাৰ সমাপ্তি ঘটাই, আমি  মুছলমান পৰিয়াল একোটাক ৰক্ষা কৰিছো আৰু তেওঁলোকৰ ওপৰত ওলমি থকা তৰোৱালৰ ভয়ৰ পৰা  মুক্ত কৰিছো। আগন্তুক শতিকা ধৰি মুছলমান কন্যাসকলে মোদীক আশীৰ্বাদ কৰি থাকিব,"।  

উল্লেখ্য যথেষ্ট মুছলমান জনসংখ্যা থকা পশ্চিম উত্তৰ প্ৰদেশৰ লোকসভা সমষ্টিসমূহ হৈছে ৰামপুৰ (৪২ শতাংশ), আমৰোহা (৩২ শতাংশ), চাহাৰনপুৰ (৩০ শতাংশ), বিজনৌৰ, নাগিনা আৰু মোৰাদাবাদ (প্ৰতিটোত ২৮ শতাংশ), মুজাফ্ফৰনগৰ (২৭ শতাংশ), কৈৰানা আৰু মীৰাট (প্ৰতিটোত ২৩ শতাংশ) আৰু সম্ভাল (২২ শতাংশ)। উত্তৰ প্ৰদেশত প্ৰায় ১৫.৩৪ কোটি লোক ভোটদানৰ বাবে যোগ্য - ৮০ খন লোকসভা আসনৰ সৈতে ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ ৰাজ্য য'ত ১৯ এপ্ৰিলৰ পৰা সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ সময়সূচী অনুসৰি ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত আঠটা সংসদীয় সমষ্টিত ভোটদান হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ