--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত শিশুচুৰি চক্ৰৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে চিবিআই৷ হাস্পতালৰ পৰা চুৰি হৈছে ইটোৰ পাছত সিটো নৱজাতক৷ আৰু চুৰি হোৱা নৱজাতক বিক্ৰী হৈছে ৫ লাখকৈ টকাত৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, চমুকৈ চিবিআই-এ বৃহস্পতিবাৰে দিল্লীৰ একাধিক স্থানত শিশু সৰবৰাহৰ ঘটনাৰ সন্দৰ্ভত তালাচী চলাইছিল৷ আৰু সেই অভিযানতে দিল্লীৰ কেশৱপুৰম অঞ্চলৰ এটা ঘৰৰ পৰা তিনিটা নৱজাতকক উদ্ধাৰ কৰা হৈছে বুলি বিষয়াসকলে সদৰী কৰে। গোচৰটোত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

চিবিআইৰ সূত্ৰ অনুসৰি, মানৱ সৰবৰাহৰ এই ক’লা ব্যৱসায়ত বহু লোক জড়িত হৈ আছে। নৱজাতক শিশুসকলক ক’লা বজাৰত সামগ্ৰী হিচাপে ক্ৰয় আৰু বিক্ৰী কৰা হৈছিল। চিবিআই-এ বৰ্তমান জড়িত সকলো পক্ষক সোধা-পোছা কৰি আছে, যাৰ ভিতৰত আছে শিশু বিক্ৰী কৰা মহিলা আৰু ক্ৰেতা দুগৰাকী।

চিবিআই-এ শনিবাৰে দিল্লীৰ একাধিক স্থানত তালাচী চলাইছিল আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত সাতৰ পৰা আঠটা শিশুৰ সৰবৰাহত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে এখন চিকিৎসালয়ৰ এটা ৱাৰ্ডবয় আৰু আন কেইবাগৰাকীও মহিলা। চিবিআইৰ সূত্ৰ অনুসৰি যোৱামাহত প্ৰায় ১০টা শিশু বিক্ৰী কৰা হৈছিল আৰু মুঠতে গোচৰটোত সাতজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

এয়াও অভিযোগ উঠিছে যে শিশুটোক চিকিৎসালয়ৰ পৰা চুৰি কৰা হৈছিল আৰু বিক্ৰী কৰা হৈছিল। দিল্লীত মানৱ সৰবৰাহকাৰী চক্ৰটো উৎখাত হোৱাৰ পাছত চিবিআইৰ তদন্ত এতিয়া কেইবাখনো ৰাজ্যত চলিব বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ