--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত শিশুচুৰি চক্ৰৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে চিবিআই৷ হাস্পতালৰ পৰা চুৰি হৈছে ইটোৰ পাছত সিটো নৱজাতক৷ আৰু চুৰি হোৱা নৱজাতক বিক্ৰী হৈছে ৫ লাখকৈ টকাত৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, চমুকৈ চিবিআই-এ বৃহস্পতিবাৰে দিল্লীৰ একাধিক স্থানত শিশু সৰবৰাহৰ ঘটনাৰ সন্দৰ্ভত তালাচী চলাইছিল৷ আৰু সেই অভিযানতে দিল্লীৰ কেশৱপুৰম অঞ্চলৰ এটা ঘৰৰ পৰা তিনিটা নৱজাতকক উদ্ধাৰ কৰা হৈছে বুলি বিষয়াসকলে সদৰী কৰে। গোচৰটোত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

চিবিআইৰ সূত্ৰ অনুসৰি, মানৱ সৰবৰাহৰ এই ক’লা ব্যৱসায়ত বহু লোক জড়িত হৈ আছে। নৱজাতক শিশুসকলক ক’লা বজাৰত সামগ্ৰী হিচাপে ক্ৰয় আৰু বিক্ৰী কৰা হৈছিল। চিবিআই-এ বৰ্তমান জড়িত সকলো পক্ষক সোধা-পোছা কৰি আছে, যাৰ ভিতৰত আছে শিশু বিক্ৰী কৰা মহিলা আৰু ক্ৰেতা দুগৰাকী।

চিবিআই-এ শনিবাৰে দিল্লীৰ একাধিক স্থানত তালাচী চলাইছিল আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত সাতৰ পৰা আঠটা শিশুৰ সৰবৰাহত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে এখন চিকিৎসালয়ৰ এটা ৱাৰ্ডবয় আৰু আন কেইবাগৰাকীও মহিলা। চিবিআইৰ সূত্ৰ অনুসৰি যোৱামাহত প্ৰায় ১০টা শিশু বিক্ৰী কৰা হৈছিল আৰু মুঠতে গোচৰটোত সাতজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

এয়াও অভিযোগ উঠিছে যে শিশুটোক চিকিৎসালয়ৰ পৰা চুৰি কৰা হৈছিল আৰু বিক্ৰী কৰা হৈছিল। দিল্লীত মানৱ সৰবৰাহকাৰী চক্ৰটো উৎখাত হোৱাৰ পাছত চিবিআইৰ তদন্ত এতিয়া কেইবাখনো ৰাজ্যত চলিব বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু