--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকংগ্ৰেছে এতিয়া মোদীৰ চৰকাৰৰ বিৰুদ্ধে  "ৰামায়ণৰ ৰাজনীতি" আৰম্ভ  কৰিছে। ৰাষ্ট্ৰীয় দলটোৱে শুকুৰবাৰে ইয়াৰ অফিচিয়েল ইউটিউব চেনেলত এক মিনিট দৈৰ্ঘ্যৰ  ভিডিঅ' পোষ্ট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰে। 

কংগ্ৰেছে মোদীৰ  ৰাৱণৰ সৈতে তুলনা কৰিছে৷ ভিডিঅ'টো আগবাঢ়ি যোৱাৰ লগে লগে মোদীক দেখা যায়  । ইয়াৰ পিছতে ভিডিঅ’টোত কোৱা হৈছে : কলি উগ মে চাদাৰে ওধে জব ৰাৱণ আয়েগা ('কলিযুগৰ সময়ত, যেতিয়া এজন ৰাৱণে এজন ভাল মানুহৰ বুলি ভাও লৈ আহে')। ৰাহুল আৰু মোদীৰ মাজত তুলনা কৰাৰ  চেষ্টা কৰি, ভিডিঅ'টোত ৰাহুল গান্ধীয়ে  শিশুৰ সৈতে খেলা, মহিলাৰ সৈতে খোজ কঢ়া আৰু ৰাইজক লগ কৰা দেখুওৱা হৈছে। ছ'চিয়েল মিডিয়াত কেইবাটাও ভিডিঅ' আৰু টুইট পোষ্ট কৰি কংগ্ৰেছে ভাৰত জোৰো যাত্ৰাৰ জৰিয়তে দলৰ প্ৰাক্তন সভাপতিগৰাকীক ৰিব্ৰেণ্ড কৰিবলৈ চেষ্টা কৰি আহিছে বুলি আলোচনা হৈছে।

কিন্তু যোৱা কেইদিনমানৰ পৰা কংগ্ৰেছৰ প্ৰচেষ্টাতে ৰামায়ণে ৰাজনৈতিক আলোচনাত স্থান পাইছে।  সোমবাৰে কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ মন্ত্ৰী পৰসাদী লাল মীনাই ৰাহুলৰ ভাৰত জোৰো যাত্ৰাক অযোধ্যাৰ পৰা লংকালৈ ভগৱান ৰামৰ যাত্ৰাৰ সৈতে তুলনা কৰিছিল। "ৰাহুল গান্ধীৰ পদযাত্ৰা ঐতিহাসিক যাত্ৰা। ভগৱান ৰামেও অযোধ্যাৰ পৰা শ্ৰীলংকালৈ খোজকাঢ়ি গৈছিল। ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ক খোজ কাঢ়ি আছে," মীনাই কৈছিল ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement