--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি ভাৰতীয় নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে। এই আশংকা আমেৰিকাৰ তথ্য প্ৰযুক্তি কোম্পানী মাইক্ৰ’ছফ্টৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে। কেৱল ভাৰতেই নহয়, চীনে দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ নিৰ্বাচনকো লক্ষ্য কৰি লৈছে।

‘চেম টাৰ্গেটছ, নিউ প্লেবুকছ’ নামৰ প্ৰতিবেদনখনত কোৱা হৈছে যে, ‘চীনে এই গুৰুত্বপূৰ্ণ নিৰ্বাচনসমূহত ছ’চিয়েল মিডিয়া, কৃত্ৰিম বুদ্ধিমত্তাৰ লাভ উঠাব বিচাৰিব।’ চীনে দেশখনৰ নিৰ্বাচনত প্ৰভাৱ পেলাব বিচাৰে।


এই প্ৰতিবেদনৰ গৱেষকসকলে ভাবে যে চীনে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি ভাৰত বা আমেৰিকাৰ দৰে দেশৰ নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাব নোৱাৰিলেও এই ক্ষেত্ৰত তেওঁলোকে পৰীক্ষা-নিৰীক্ষা কৰি যাব।


প্ৰতিবেদন অনুসৰি যোৱা জানুৱাৰী মাহত টাইৱানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বেইজিঙে প্ৰভাৱ পেলাব বিচাৰিছিল। মাইক্ৰ’ছফ্টৰ মতে, এখন দেশে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি আন এখন দেশৰ নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে, যিটো তেওঁলোকে টাইৱান-নিৰ্বাচনৰ পূৰ্বে দেখা নাছিল। সেই প্ৰেক্ষাপটত তথ্য প্ৰযুক্তি সংস্থাটোৰ সতৰ্কবাণী, "চীনে কেৱল টাইৱানৰ নিৰ্বাচনক প্ৰভাৱিত কৰিয়েই বন্ধ নহ'ব।"

কোৱা হৈছে যে ২০২৩ চনৰ শেষৰ ফালে চীনে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ভাৰত, ফিলিপাইনছ, হংকং আৰু আমেৰিকাত বিভিন্ন সামৰিক অনুশীলনক লক্ষ্য কৰি লৈছে। উদ্দেশ্য হৈছে তেওঁলোকৰ অৰ্থনৈতিক আৰু সামৰিক শক্তি বৃদ্ধি কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ