--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি ভাৰতীয় নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে। এই আশংকা আমেৰিকাৰ তথ্য প্ৰযুক্তি কোম্পানী মাইক্ৰ’ছফ্টৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে। কেৱল ভাৰতেই নহয়, চীনে দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ নিৰ্বাচনকো লক্ষ্য কৰি লৈছে।

‘চেম টাৰ্গেটছ, নিউ প্লেবুকছ’ নামৰ প্ৰতিবেদনখনত কোৱা হৈছে যে, ‘চীনে এই গুৰুত্বপূৰ্ণ নিৰ্বাচনসমূহত ছ’চিয়েল মিডিয়া, কৃত্ৰিম বুদ্ধিমত্তাৰ লাভ উঠাব বিচাৰিব।’ চীনে দেশখনৰ নিৰ্বাচনত প্ৰভাৱ পেলাব বিচাৰে।


এই প্ৰতিবেদনৰ গৱেষকসকলে ভাবে যে চীনে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি ভাৰত বা আমেৰিকাৰ দৰে দেশৰ নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাব নোৱাৰিলেও এই ক্ষেত্ৰত তেওঁলোকে পৰীক্ষা-নিৰীক্ষা কৰি যাব।


প্ৰতিবেদন অনুসৰি যোৱা জানুৱাৰী মাহত টাইৱানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বেইজিঙে প্ৰভাৱ পেলাব বিচাৰিছিল। মাইক্ৰ’ছফ্টৰ মতে, এখন দেশে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰি আন এখন দেশৰ নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে, যিটো তেওঁলোকে টাইৱান-নিৰ্বাচনৰ পূৰ্বে দেখা নাছিল। সেই প্ৰেক্ষাপটত তথ্য প্ৰযুক্তি সংস্থাটোৰ সতৰ্কবাণী, "চীনে কেৱল টাইৱানৰ নিৰ্বাচনক প্ৰভাৱিত কৰিয়েই বন্ধ নহ'ব।"

কোৱা হৈছে যে ২০২৩ চনৰ শেষৰ ফালে চীনে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ভাৰত, ফিলিপাইনছ, হংকং আৰু আমেৰিকাত বিভিন্ন সামৰিক অনুশীলনক লক্ষ্য কৰি লৈছে। উদ্দেশ্য হৈছে তেওঁলোকৰ অৰ্থনৈতিক আৰু সামৰিক শক্তি বৃদ্ধি কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু