--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন কিবা যাদুদণ্ডলৈহে  সংসদলৈ নিৰ্বাচিত হৈছিল বিজেপিৰ সাংসদ তেজস্বী সূৰ্য। সাংসদ হোৱাৰ আগৰে পৰাই হিন্দু-মুছলমানৰ কাৰ্ড খেলি  বহুতৰে দৃষ্টি আকৰ্ষণ কৰা বিজেপি সাংসদ তেজস্বী সূৰ্যৰ সম্পত্তিৰ পৰিমাণ মাত্ৰ পাঁচটা বছৰতে ৩০ গুণলৈ বৃদ্ধি পোৱাৰ কথাটোৱে বহুতকে আচৰিত কৰি তোলাৰ লগতে বহুতে আকৌ কি যাদুৰ বলত সাংসদগৰাকীয়ে ইমান কম সময়তে সম্পত্তিৰ পৰিমাণ  বৃদ্ধি কৰিব পাৰিছে সেয়া জানিবলৈ উদগ্ৰীব হৈ পৰিছে। প্ৰথমবাৰ নিৰ্বাচনৰ বাবে  সাংসদজনে দাখিল কৰা নিৰ্বাচনী শপতনামা অনুসৰি বাংগালুৰু দক্ষিণৰ সাংসদজনৰ সম্পত্তি ২০১৯ চনত আছিল  ১৩.৪৬ লাখ টকা। 

কিন্তু সেই সম্পত্তিৰ পৰিমাণ ২০২৪ চনত ৪.১০ কোটি টকালৈ বৃদ্ধি পাইছে, যি হৈছে ৩০ গুণ বৃদ্ধি। প্ৰতিবেদন অনুসৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতিজনৰ  উপাৰ্জনৰ মুখ্য উৎস আছিল কোম্পানীৰ ষ্টক আৰু মিউচুৱেল ফাণ্ড। ষ্টকত তেওঁৰ বিনিয়োগৰ বজাৰ মূল্য ১.৭৯ কোটি টকা আৰু তেওঁৰ মিউচুৱেল ফাণ্ডৰ পৰ্টফলিঅ'ৰ মূল্য ১.৯৯ কোটি টকা। এম.এফ. পৰ্টফলিঅ'ত তেওঁৰ ২৬ টা বিভিন্ন পুঁজি আছে, যাৰ ভিতৰত আছে কোটাক স্মল কেপ পুঁজি, কানাড়া ৰোবেকো মাল্টি কেপ ফাণ্ড, এইচডিএফচি মাল্টি কেপ ফাণ্ড, আইচিআইচিআই প্ৰুডেন্সিয়েল স্মল কেপ ফাণ্ড আৰু  অন্যান্য। বিজেপি সাংসদে বিনিয়োগ কৰা কিছুমান ষ্টক হৈছে বিএছই লিমিটেড, এভাৰেডি ইণ্ডাষ্ট্ৰিজ ইণ্ডিয়া, ইণ্ডাছ টাৱাৰচ, ষ্ট্ৰাইডছ ফাৰ্মা আদি ।  কিন্তু কেৱল ষ্টক মাৰ্কেটৰ পৰাই বিজেপি সাংসদজনে ইমান বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰিব পাৰিছে নে তেওঁৰ আয়ৰ আন কোনো উৎস আছে সেয়া এতিয়াও  স্পষ্ট হোৱা নাই। 

বিজেপি সাংসদজনৰ  বিৰুদ্ধে তিনিটা অমীমাংসিত হৈ থকা গোচৰ আছে, যাৰ ভিতৰত দুটা বাংগালুৰুত আৰু এটা নতুন দিল্লীত চলি আছে।  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণ কৰাৰ গোচৰ এটা তেওঁৰ বিৰুদ্ধে চলি আছে। সূৰ্যই মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক তেওঁৰ মনোনয়ন দাখিলৰ  ৰেলীত যোগদান কৰিবলৈ বাধ্য কৰোৱাৰো  অভিযোগ আছে। বিজেপি সাংসদ তেজস্বী সূৰ্যক বহুতেই তীব্ৰ হিন্দুত্ববাদী বুলিয়েই জানে। তেওঁ সময়ে সময়ে কৰি অহা মন্তব্যসমূে ধৰ্মীয় মেৰুকৰণ ঘটোৱা বুলিও অভিোগ উঠি আহিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ