--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন কিবা যাদুদণ্ডলৈহে  সংসদলৈ নিৰ্বাচিত হৈছিল বিজেপিৰ সাংসদ তেজস্বী সূৰ্য। সাংসদ হোৱাৰ আগৰে পৰাই হিন্দু-মুছলমানৰ কাৰ্ড খেলি  বহুতৰে দৃষ্টি আকৰ্ষণ কৰা বিজেপি সাংসদ তেজস্বী সূৰ্যৰ সম্পত্তিৰ পৰিমাণ মাত্ৰ পাঁচটা বছৰতে ৩০ গুণলৈ বৃদ্ধি পোৱাৰ কথাটোৱে বহুতকে আচৰিত কৰি তোলাৰ লগতে বহুতে আকৌ কি যাদুৰ বলত সাংসদগৰাকীয়ে ইমান কম সময়তে সম্পত্তিৰ পৰিমাণ  বৃদ্ধি কৰিব পাৰিছে সেয়া জানিবলৈ উদগ্ৰীব হৈ পৰিছে। প্ৰথমবাৰ নিৰ্বাচনৰ বাবে  সাংসদজনে দাখিল কৰা নিৰ্বাচনী শপতনামা অনুসৰি বাংগালুৰু দক্ষিণৰ সাংসদজনৰ সম্পত্তি ২০১৯ চনত আছিল  ১৩.৪৬ লাখ টকা। 

কিন্তু সেই সম্পত্তিৰ পৰিমাণ ২০২৪ চনত ৪.১০ কোটি টকালৈ বৃদ্ধি পাইছে, যি হৈছে ৩০ গুণ বৃদ্ধি। প্ৰতিবেদন অনুসৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতিজনৰ  উপাৰ্জনৰ মুখ্য উৎস আছিল কোম্পানীৰ ষ্টক আৰু মিউচুৱেল ফাণ্ড। ষ্টকত তেওঁৰ বিনিয়োগৰ বজাৰ মূল্য ১.৭৯ কোটি টকা আৰু তেওঁৰ মিউচুৱেল ফাণ্ডৰ পৰ্টফলিঅ'ৰ মূল্য ১.৯৯ কোটি টকা। এম.এফ. পৰ্টফলিঅ'ত তেওঁৰ ২৬ টা বিভিন্ন পুঁজি আছে, যাৰ ভিতৰত আছে কোটাক স্মল কেপ পুঁজি, কানাড়া ৰোবেকো মাল্টি কেপ ফাণ্ড, এইচডিএফচি মাল্টি কেপ ফাণ্ড, আইচিআইচিআই প্ৰুডেন্সিয়েল স্মল কেপ ফাণ্ড আৰু  অন্যান্য। বিজেপি সাংসদে বিনিয়োগ কৰা কিছুমান ষ্টক হৈছে বিএছই লিমিটেড, এভাৰেডি ইণ্ডাষ্ট্ৰিজ ইণ্ডিয়া, ইণ্ডাছ টাৱাৰচ, ষ্ট্ৰাইডছ ফাৰ্মা আদি ।  কিন্তু কেৱল ষ্টক মাৰ্কেটৰ পৰাই বিজেপি সাংসদজনে ইমান বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰিব পাৰিছে নে তেওঁৰ আয়ৰ আন কোনো উৎস আছে সেয়া এতিয়াও  স্পষ্ট হোৱা নাই। 

বিজেপি সাংসদজনৰ  বিৰুদ্ধে তিনিটা অমীমাংসিত হৈ থকা গোচৰ আছে, যাৰ ভিতৰত দুটা বাংগালুৰুত আৰু এটা নতুন দিল্লীত চলি আছে।  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণ কৰাৰ গোচৰ এটা তেওঁৰ বিৰুদ্ধে চলি আছে। সূৰ্যই মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক তেওঁৰ মনোনয়ন দাখিলৰ  ৰেলীত যোগদান কৰিবলৈ বাধ্য কৰোৱাৰো  অভিযোগ আছে। বিজেপি সাংসদ তেজস্বী সূৰ্যক বহুতেই তীব্ৰ হিন্দুত্ববাদী বুলিয়েই জানে। তেওঁ সময়ে সময়ে কৰি অহা মন্তব্যসমূে ধৰ্মীয় মেৰুকৰণ ঘটোৱা বুলিও অভিোগ উঠি আহিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু