--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইনগতভাৱে পঞ্জীয়ন নোহোৱা বিবাহৰ সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছতো মহিলাসকলে ৰক্ষণাবেক্ষণ লাভ কৰিব পাৰে। এই কথা কয় মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে এটা গোচৰৰ নিৰ্দেশ দিওঁতে। আদালতে আবেদনকাৰীক নিজৰ লাইভ ইন পাৰ্টনাৰক মাহেকীয়া মেইণ্টেনেন্স দিবলৈ নিৰ্দেশ দিয়ে।

নিম্ন আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আবেদনকাৰীয়ে। এগৰাকী মহিলাৰ সৈতে দীৰ্ঘদিনীয়া লাইভ ইন সম্পৰ্কত আছিল। বৰ্তমান তেওঁলোক পৃথক। বিচ্ছেদ হোৱাৰ পিছত যুৱকজনৰ পৰা ৰক্ষণাবেক্ষণৰ ধন দাবী কৰে মহিলাগৰাকীয়ে। কিন্তু দিবলৈ অমান্তি হ'ল। নিম্ন আদালতে যুৱকজনক ৰক্ষণাবেক্ষণ দিবলৈ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়েও সেই নিৰ্দেশ মানি লৈছিল। আদালতে কয় যে মহিলাগৰাকীয়ে প্ৰতিমাহে ১৫০০ টকা বাদীক দিব লাগে।

আদালতে পৰ্যবেক্ষণ কৰিলে, দীৰ্ঘদিন একেলগে থকাৰ পিছত যুৱক-যুৱতীসকলে ৰক্ষণাবেক্ষণৰ দায়িত্ব এৰাই চলিব নোৱাৰে। দম্পতীহালে নিজকে স্বামী-স্ত্ৰী বুলিও পৰিচয় দিছিল যদিও আইনগতভাৱে বিবাহিত বা আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হোৱা নাছিল। কাৰণ, দুটা সন্তানৰ জন্ম হৈছে। ফলত ৰক্ষণাবেক্ষণৰ দায়িত্ব ল’ব লাগিব যুৱক-যুৱতীসকলে।

বিশেষজ্ঞসকলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক দেশৰ আইনী ইতিহাসত এক ‘ব্ৰেকথ্ৰু’ বুলি ভাবে। কাৰণ লাইভ-ইনৰ বিষয়ে এনে নিৰ্দেশনা আগতে দিয়া হোৱা নাছিল। এই সম্পৰ্কৰ স্বীকৃতিক লৈ সমাজত এতিয়াও এটা প্ৰশ্ন উত্থাপন হৈ আছে। বিশেষজ্ঞসকলৰ মতে আদালতৰ এই আদেশে কেৱল বৈবাহিক সম্পৰ্কতে নহয়, পুৰুষ-মহিলাৰ সম্পৰ্কতো নাৰীৰ অধিকাৰ সুনিশ্চিত কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ