--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভাৰতৰ ভূখণ্ডক নিজৰ বুলি দাবী কৰিলে চীনে৷ ভাৰতৰ চুবুৰীয়া চীনে প্ৰকাশ কৰি  নতুন মানচিত্ৰ ৷ চীনৰ এই নতুন মানচিত্ৰত দেশ খনে অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰিছে। কেৱল সেয়াই নহয় বেইজিঙে দাবী কৰিছে  যে আকচাই চিনো তেওঁলোকৰ। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ভাৰতত অনুষ্ঠিত জি-২০ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে  চীনে নিজৰ মানচিত্ৰত অৰুণাচলক নিজৰ বুলি কৰা দাবীয়ে সমগ্ৰ বিষয়টোকে এক অনিষ্চয়তাৰ দিশলৈ ঠেলি দিছে৷  

উল্লেখ্য  চীনে ২৮ আগষ্টত দেশখনৰ এখন নতুন চৰকাৰী মানচিত্ৰ মুকলি কৰিছে।এই মানচিত্ৰত চীনে অৰুণাচল প্ৰদেশক তেওঁলোকৰ নিজৰ বুলি দাবী কৰিছে। কেৱল সেয়াই নহয়, সমগ্ৰ দক্ষিণ চীন সাগৰ আৰু টাইৱানক চীনৰ মূল ভূখণ্ড হিচাবে দেখুওৱা হৈছে। নতুন মানচিত্ৰত চীনে অৰুণাচলক 'দক্ষিণ তিব্বত' বুলি দাবী কৰিছে ৷ চীনে লগতে  দাবী কৰিছে  যে অৰুণাচল চীনৰ এক অবিচ্ছেদ্য অংশ। বিশ্লেষকসকলৰ মতে চীনে  ২০৩৫ ৰ পৰা ২০৪০ চনৰ ভিতৰত অঞ্চলটো দখল কৰাৰ যি পৰিকল্পনা  সেয়া  সম্পূৰ্ণ কৰিব বিচাৰি আছে। নতুন মানচিত্ৰ তাৰেই আখৰা বুলিও বহুতে মন্তব্য কৰিছে৷চীনৰ এনে আগ্ৰাসী মনোভাৱৰ বাবেই  ভাৰতৰ বেছিভাগ সামৰিক তৎপৰতা এতিয়া চীন-কেন্দ্ৰিক হৈ পৰিছে। সীমান্তত চীনা সেনাৰ  উপস্থিতিয়ে উদ্বেগ বৃদ্ধি কৰিছে।

লক্ষণীয় যে চীনৰ মানচিত্ৰত  দক্ষিণ চীন সাগৰৰ পৰা অৰুণাচললৈকে ড্ৰেগনৰ গৰ্জন  শুনা গৈছে, চীনে  এছিয়া মহাদেশত যি আধিপত্যৰ যুঁজ চলাই আছে এয়া তাৰেই অংশ বিশেষ বুলি বহুতে মন্তব্য কৰিছে৷উল্লেখ্য দক্ষিণ আফ্ৰিকাত সদ্যসমাপ্ত ব্ৰিকছ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী  মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ  সৈতে চমু আলোচনা কৰিছিল। দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ মাজত হোৱা বৈঠক সন্দৰ্ভত ভাৰতীয় বৈদেশিক সচিব বিনয় কোৱাত্ৰাই কয়  যে মোদীয়ে  ঝিক এক স্পষ্ট বাৰ্তা দিছে। নিয়ন্ত্ৰণ ৰেখাত শান্তি বজাই ৰখাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ঝিক  কৈছিল  যে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে নিয়ন্ত্ৰণ ৰেখাত সন্মান বজাই ৰখাটো গুৰুত্বপূৰ্ণ। লাডাখত চলি থকা  অচলাৱস্থাৰ মাজতে ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত  দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানক  আলোচনাৰ মেজত দেখা যাব। কিন্তু তাৰ আগতে চীনে অৰুণাচলক নিজৰ বুলি দাবী কৰাৰ কথাই ভাৰতক অসন্তুষ্ট কৰি তুলিছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস