--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভাৰতৰ ভূখণ্ডক নিজৰ বুলি দাবী কৰিলে চীনে৷ ভাৰতৰ চুবুৰীয়া চীনে প্ৰকাশ কৰি  নতুন মানচিত্ৰ ৷ চীনৰ এই নতুন মানচিত্ৰত দেশ খনে অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰিছে। কেৱল সেয়াই নহয় বেইজিঙে দাবী কৰিছে  যে আকচাই চিনো তেওঁলোকৰ। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ভাৰতত অনুষ্ঠিত জি-২০ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে  চীনে নিজৰ মানচিত্ৰত অৰুণাচলক নিজৰ বুলি কৰা দাবীয়ে সমগ্ৰ বিষয়টোকে এক অনিষ্চয়তাৰ দিশলৈ ঠেলি দিছে৷  

উল্লেখ্য  চীনে ২৮ আগষ্টত দেশখনৰ এখন নতুন চৰকাৰী মানচিত্ৰ মুকলি কৰিছে।এই মানচিত্ৰত চীনে অৰুণাচল প্ৰদেশক তেওঁলোকৰ নিজৰ বুলি দাবী কৰিছে। কেৱল সেয়াই নহয়, সমগ্ৰ দক্ষিণ চীন সাগৰ আৰু টাইৱানক চীনৰ মূল ভূখণ্ড হিচাবে দেখুওৱা হৈছে। নতুন মানচিত্ৰত চীনে অৰুণাচলক 'দক্ষিণ তিব্বত' বুলি দাবী কৰিছে ৷ চীনে লগতে  দাবী কৰিছে  যে অৰুণাচল চীনৰ এক অবিচ্ছেদ্য অংশ। বিশ্লেষকসকলৰ মতে চীনে  ২০৩৫ ৰ পৰা ২০৪০ চনৰ ভিতৰত অঞ্চলটো দখল কৰাৰ যি পৰিকল্পনা  সেয়া  সম্পূৰ্ণ কৰিব বিচাৰি আছে। নতুন মানচিত্ৰ তাৰেই আখৰা বুলিও বহুতে মন্তব্য কৰিছে৷চীনৰ এনে আগ্ৰাসী মনোভাৱৰ বাবেই  ভাৰতৰ বেছিভাগ সামৰিক তৎপৰতা এতিয়া চীন-কেন্দ্ৰিক হৈ পৰিছে। সীমান্তত চীনা সেনাৰ  উপস্থিতিয়ে উদ্বেগ বৃদ্ধি কৰিছে।

লক্ষণীয় যে চীনৰ মানচিত্ৰত  দক্ষিণ চীন সাগৰৰ পৰা অৰুণাচললৈকে ড্ৰেগনৰ গৰ্জন  শুনা গৈছে, চীনে  এছিয়া মহাদেশত যি আধিপত্যৰ যুঁজ চলাই আছে এয়া তাৰেই অংশ বিশেষ বুলি বহুতে মন্তব্য কৰিছে৷উল্লেখ্য দক্ষিণ আফ্ৰিকাত সদ্যসমাপ্ত ব্ৰিকছ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী  মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ  সৈতে চমু আলোচনা কৰিছিল। দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ মাজত হোৱা বৈঠক সন্দৰ্ভত ভাৰতীয় বৈদেশিক সচিব বিনয় কোৱাত্ৰাই কয়  যে মোদীয়ে  ঝিক এক স্পষ্ট বাৰ্তা দিছে। নিয়ন্ত্ৰণ ৰেখাত শান্তি বজাই ৰখাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ঝিক  কৈছিল  যে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে নিয়ন্ত্ৰণ ৰেখাত সন্মান বজাই ৰখাটো গুৰুত্বপূৰ্ণ। লাডাখত চলি থকা  অচলাৱস্থাৰ মাজতে ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত  দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানক  আলোচনাৰ মেজত দেখা যাব। কিন্তু তাৰ আগতে চীনে অৰুণাচলক নিজৰ বুলি দাবী কৰাৰ কথাই ভাৰতক অসন্তুষ্ট কৰি তুলিছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন