--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত মণিপুৰত মঙলবাৰে  বিধানসভাৰ এদিনীয়া অধিৱেশন অনুষ্ঠিত হ'ব ৷ অধিবেশনত  ৰাজ্যখনৰ গোষ্ঠী সংঘৰ্ষৰ বিষয়ে আলোচনা অনুষ্ঠিত হ'ব বুলি ধাৰণা কৰা হৈছে৷  অৱশে্যে  বেছিভাগ কুকি বিধায়কে সুৰক্ষাৰ দিশটোৰ প্ৰতি নজৰ ৰাখি  অধিৱেশনখন এৰাই চলাৰ  সম্ভাৱনা আছে। কুকি অধ্যুষিত অঞ্চলৰ দহজন বিধায়কৰ ভিতৰত ছয়জনে ইতিমধ্যে বিধানসভাৰ অধ্যক্ষৰ পৰা আজিৰ দিনটোত  ছুটি বিচাৰিছে।

অধ্যক্ষ থোকচোম সত্যব্ৰত সিঙে শনিবাৰে ঘোষণা কৰিছিল  যে দ্বাদশ মণিপুৰ বিধান সভাৰ চতুৰ্থ অধিৱেশন ২৯ আগষ্টত অনুষ্ঠিত হ'ব৷  বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ত  অধিৱেশনৰ সময়ত গোষ্ঠীগত হিংসাৰ বিষয়টো আলোচনা কৰা হ’ব বুলিও জানিব পৰা গৈছিল৷  ৰাজ্যিক কেবিনেটৰ পৰামৰ্শ অনুসৰি মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীয়ে ২৯ আগষ্টত   বিধানসভাৰ বৰ্ষাকালীন  অধিৱেশনৰ আহ্বান জনাইছিল । উল্লেখ্য মণিপুৰৰ চৰকাৰে যোৱা মাহত ২১ আগষ্টৰ ভিতৰত অধিৱেশন অনুষ্ঠিত কৰা হ’ব বুলি কৈছিল৷   কিন্তু পিছত ৰাজভৱনৰ পৰা সেউজ সংকেত নোপোৱাৰ বাবে সেয়া  ২৮ আগষ্ট হিচাবে  সংশোধন কৰা হৈছিল। 

যোৱা সপ্তাহত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ঘোষণা কৰিছিল যে বিধানসভাৰ অধিৱেশন ২৯ আগষ্টত অনুষ্ঠিত হ'ব।
ৰাজ্য খনত শেষৰ খন বিধানসভা অধিৱেশন মাৰ্চ মাহত  অনুষ্ঠিত হৈছিল৷  নিয়ম অনুসৰি, প্ৰতি ছয় মাহত এখন অধিৱেশন অনুষ্ঠিত কৰিব লাগে। জনজাতীয় ঐক্য সমিতি (চিঅটিইউ) আৰু ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰাম (আইটিএলএফ)য়ে শেহতীয়াকৈ অধিৱেশন আহ্বান কৰা কাৰ্যক  নিন্দা কৰি কৈছে  যে বৰ্তমানৰ পৰিস্থিতি  কুকি-জো বিধায়কসকলে বিধানসভাত  উপস্থিত থকাৰ বাবে অনুকূল নহয়।উল্লেখ্য ৩ মে'ৰ পৰা  আৰম্ভ হোৱা মণিপুৰত সংঘটিত  জাতিগত সংঘৰ্ষত  ১৬০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে৷  কেইবাশ লোক আহত হৈছে।

উল্লেখ্য কিছুদিন পূৰ্বে ৰাজ্যখনৰ ১০ জন কুকি  বিধায়কে  বিধানসভা অধিৱেশনত উপস্থিত নাথাকে বুলি ঘোষণা কৰিছিল। এই বিধায়কসকলে নিৰাপত্তাজনিত কাৰণ উল্লেখ কৰি কৈছিল  যে বিধানসভাখন মেইটেই অধ্যুষিত অঞ্চল ইম্ফলত অৱস্থিত । সেয়ে তেওঁলোকে বিধানসভাৰ অধিৱেশনত উপস্থিত থাকিব নোৱাৰিব। ১০ জন বিধায়কৰ ভিতৰত  ৭  জন শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক। সেই  ১০ জন বিধায়কে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন স্মাৰকপত্ৰ প্ৰদান  কৰিছে।  য'ত পাঁচখন পাহাৰীয়া জিলাৰ বাবে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ পৃথক পদ বা ইয়াৰ সমতুল্য পদ সৃষ্টি কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।উল্লেখ্য কুকি-জো সম্প্ৰদায়ৰ লোকসকলে মণিপুৰৰ কাংপোকপি জিলাত জনজাতিটোৰ বাবে পৃথক প্ৰশাসনৰ দাবীও উত্থাপন কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস