--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত মণিপুৰত মঙলবাৰে  বিধানসভাৰ এদিনীয়া অধিৱেশন অনুষ্ঠিত হ'ব ৷ অধিবেশনত  ৰাজ্যখনৰ গোষ্ঠী সংঘৰ্ষৰ বিষয়ে আলোচনা অনুষ্ঠিত হ'ব বুলি ধাৰণা কৰা হৈছে৷  অৱশে্যে  বেছিভাগ কুকি বিধায়কে সুৰক্ষাৰ দিশটোৰ প্ৰতি নজৰ ৰাখি  অধিৱেশনখন এৰাই চলাৰ  সম্ভাৱনা আছে। কুকি অধ্যুষিত অঞ্চলৰ দহজন বিধায়কৰ ভিতৰত ছয়জনে ইতিমধ্যে বিধানসভাৰ অধ্যক্ষৰ পৰা আজিৰ দিনটোত  ছুটি বিচাৰিছে।

অধ্যক্ষ থোকচোম সত্যব্ৰত সিঙে শনিবাৰে ঘোষণা কৰিছিল  যে দ্বাদশ মণিপুৰ বিধান সভাৰ চতুৰ্থ অধিৱেশন ২৯ আগষ্টত অনুষ্ঠিত হ'ব৷  বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ত  অধিৱেশনৰ সময়ত গোষ্ঠীগত হিংসাৰ বিষয়টো আলোচনা কৰা হ’ব বুলিও জানিব পৰা গৈছিল৷  ৰাজ্যিক কেবিনেটৰ পৰামৰ্শ অনুসৰি মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীয়ে ২৯ আগষ্টত   বিধানসভাৰ বৰ্ষাকালীন  অধিৱেশনৰ আহ্বান জনাইছিল । উল্লেখ্য মণিপুৰৰ চৰকাৰে যোৱা মাহত ২১ আগষ্টৰ ভিতৰত অধিৱেশন অনুষ্ঠিত কৰা হ’ব বুলি কৈছিল৷   কিন্তু পিছত ৰাজভৱনৰ পৰা সেউজ সংকেত নোপোৱাৰ বাবে সেয়া  ২৮ আগষ্ট হিচাবে  সংশোধন কৰা হৈছিল। 

যোৱা সপ্তাহত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ঘোষণা কৰিছিল যে বিধানসভাৰ অধিৱেশন ২৯ আগষ্টত অনুষ্ঠিত হ'ব।
ৰাজ্য খনত শেষৰ খন বিধানসভা অধিৱেশন মাৰ্চ মাহত  অনুষ্ঠিত হৈছিল৷  নিয়ম অনুসৰি, প্ৰতি ছয় মাহত এখন অধিৱেশন অনুষ্ঠিত কৰিব লাগে। জনজাতীয় ঐক্য সমিতি (চিঅটিইউ) আৰু ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰাম (আইটিএলএফ)য়ে শেহতীয়াকৈ অধিৱেশন আহ্বান কৰা কাৰ্যক  নিন্দা কৰি কৈছে  যে বৰ্তমানৰ পৰিস্থিতি  কুকি-জো বিধায়কসকলে বিধানসভাত  উপস্থিত থকাৰ বাবে অনুকূল নহয়।উল্লেখ্য ৩ মে'ৰ পৰা  আৰম্ভ হোৱা মণিপুৰত সংঘটিত  জাতিগত সংঘৰ্ষত  ১৬০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে৷  কেইবাশ লোক আহত হৈছে।

উল্লেখ্য কিছুদিন পূৰ্বে ৰাজ্যখনৰ ১০ জন কুকি  বিধায়কে  বিধানসভা অধিৱেশনত উপস্থিত নাথাকে বুলি ঘোষণা কৰিছিল। এই বিধায়কসকলে নিৰাপত্তাজনিত কাৰণ উল্লেখ কৰি কৈছিল  যে বিধানসভাখন মেইটেই অধ্যুষিত অঞ্চল ইম্ফলত অৱস্থিত । সেয়ে তেওঁলোকে বিধানসভাৰ অধিৱেশনত উপস্থিত থাকিব নোৱাৰিব। ১০ জন বিধায়কৰ ভিতৰত  ৭  জন শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক। সেই  ১০ জন বিধায়কে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন স্মাৰকপত্ৰ প্ৰদান  কৰিছে।  য'ত পাঁচখন পাহাৰীয়া জিলাৰ বাবে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ পৃথক পদ বা ইয়াৰ সমতুল্য পদ সৃষ্টি কৰিবলৈ অনুৰোধ জনোৱা হৈছিল।উল্লেখ্য কুকি-জো সম্প্ৰদায়ৰ লোকসকলে মণিপুৰৰ কাংপোকপি জিলাত জনজাতিটোৰ বাবে পৃথক প্ৰশাসনৰ দাবীও উত্থাপন কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল